জয় পৰিল ‘কাঁটা লগা’ৰ তাল! চিৰদিনলৈ চকু মুদিলে অভিনেত্ৰী শ্বেফালী জাৰিৱালাই

‘কাঁটা লগা’ৰ জৰিয়তে শ্ৰোতা-দৰ্শকৰ মন জয় কৰা অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালা আৰু নাই। যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ এই অভিনেত্ৰীগৰাকীয়ে। খবৰ অনুসৰি, হাৰ্ট এটেকৰ ফলত অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।

জয় পৰিল ‘কাঁটা লগা’ৰ তাল! চিৰদিনলৈ চকু মুদিলে অভিনেত্ৰী শ্বেফালী জাৰিৱালাই

শ্বেফালী জাৰিৱালাৰ মৃত্যু

Published: 

28 Jun 2025 07:39 AM

এসময়ত সমগ্ৰ দেশজুৰি শ্ৰোতাৰ মনত খোৰাক জগাইছিল ‘কাঁটা লগা’ নামৰ এটা ৰিমিক্স গীতে। এই গীতৰ তালে তালে নাচি উঠিছিল সকলো। এই ৰিমিক্স গীতটোৰ জৰিয়তে শ্ৰোতা-দৰ্শকৰ মন জয় কৰা অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালা আৰু নাই। যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ এই অভিনেত্ৰীগৰাকীয়ে। তথ্য অনুসৰি শুকুৰবাৰে নিশা ১১.২৫ বজাত তেওঁক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হৈছিল যদি চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খবৰ অনুসৰি, হাৰ্ট এটেকৰ ফলত অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।

অভিনেত্ৰীগৰাকীৰ স্বামী পৰাগ ত্যাগীয়ে তেওঁক নিশা চিকিৎসালয়লৈ লৈ আনিছিল বুলি প্ৰকাশ পাইছে। মৃত্যুৰ সময়ত শ্বেফালীৰ বয়স আছিল ৪২ বছৰ। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ পৰা কোনো মন্তব্য প্ৰকাশ পোৱা নাই। তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে ইতিমধ্যে ছবিজগতৰ বহুকেইজন তাৰকা-মহাতাৰকাই শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ মৰত্যুৰ খবৰে জোকাৰি তুলিছে অনুৰাগীসকলকো।

উল্লেখ্য যে চলিত শতিকাৰ প্ৰথমছৱাতে দেশৰ মনোৰঞ্জনৰ জগতখনত ৰিমিক্স এলবামে লাভ কৰিছিল বিশেষ সমাদৰ। এই ৰিমিক্স এলবামৰ চৰ্চাৰ মাজতে ২০০২ চনত শ্বেফালী জাৰিৱালাই কাঁটা লগা গীতটোৰ ৰিমিক্সেৰে এক ধুমুহাৰ সৃষ্টি কৰিছিল। শ্বেফালীৰ সৌন্দৰ্য আৰু নৃত্যই অনুৰাগীৰ দেহত তুলিছিল উন্মাদনাৰ জোৱাৰ। নিশাটোৰ ভিতৰতে চৰ্চালৈ আহিছিল শ্বেফালী। ইয়াৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল।

কাঁটা লগাৰ জনপ্ৰিয়তাই পোনে পোনে বলীউডৰ পথ মুকলি কৰিলে শ্বেফালীৰ বাবে। হাতলৈ আহে অক্ষয় কুমাৰ আৰু ছলমান খানৰ সৈতে ‘মুঝছে ছাদি কৰোগী’ ছবিত কাম কৰাৰ সুযোগ। নিজৰ কেৰিয়াৰৰ প্ৰথমখন বলীউডৰ ছবিতে সফলতাৰ মুখ দেখিছিল শ্বেফালীয়ে। ছবিখনৰ লগতে শ্বেফালিও হৈ পৰিছিল ছুপাৰহিট। ইয়াৰ পিছত যদিও তেওঁক কেইখনমান হিন্দী ছবিত দেখা গৈছিল, তথাপি অৱশ্যে শ্বেফালীয়ে মূলতঃ মিউজিক এলবাম আৰু ৰিয়েলিটি শ্ব’ৰ অংশ হৈ জনপ্ৰিয়তা লাভ কৰিছিল।

উল্লেখ্য যে ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় শ্বেফালী। তেওঁৰ প্ৰথমজন স্বামী আছিল পাঞ্জাবী গায়ক হৰমীত সিং। অৱশ্যে তেওঁলোকৰ এই বৈবাহিক সম্পৰ্ক বেছি দিন নিটিকিল। ২০০৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত শ্বেফালীয়ে ব্যৱসায়ী পৰাগৰ প্ৰেমত পৰে। শুকুৰবাৰে অসুস্থ শেফালীক চিকিৎসালয়লৈ লৈ আহিছিল পৰাগে। অৱশ্যে চিকিৎসকে শ্বেফালীক মৃত ঘোষণা কৰা বুলি প্ৰকাশ পাইছে। শ্বেফালীৰ অকাল মৃত্যুৰ খবৰত ম্ৰিয়মান হৈছে ছবিজগত তথা অনুৰাগীসকল।

কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক
আহিব নতুন ভাইৰাছ, দ্ৰুতগতিত বৃদ্ধ হ'ব মানুহ! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
অধিক মাৰাত্মক হৈ উঠে বাথৰুমত চিগাৰেট খোৱাৰ ফল! হ’ব পাৰে এনে ক্ষতি