‘বজৰংগী ভাইজান’ৰ পৰা কিমান টকা উপাৰ্জন কৰিছিল ছলমান খানৰ ‘মুন্নী’য়ে?
সকলোৰে হৃদয় জয় কৰা বলীউডৰ শিশু শিল্পীৰ ভিতৰত মুন্নী অন্যতম। এই ছবিখনৰ পৰা তেওঁ কিমান কোটি টকা পাইছিল জানেনে? তেওঁ বৰ্তমানলৈকে বলীউডৰ সৰ্বাধিক দৰমহা পোৱা শিশু শিল্পী।

ছলমান খান, হৰ্ষালী মালহোত্ৰা
‘বজৰংগী ভাইজান’ৰ ‘মুন্নী’ৰ কথা আপোনাৰ মনত আছেনে? এই কণমানি তাৰকাজনী আছিল ছলমান খান অভিনীত সেই ছবিখনৰ কেন্দ্ৰবিন্দু। মুন্নী মানে অভিনেত্ৰী হৰ্ষালী মালহোত্ৰা। কবীৰ খানৰ পৰিচালনাত নিৰ্মিত সেই ছবিখন মুক্তি লাভ কৰাৰ বহু দিন হৈ গ’ল। তেতিয়া হৰ্ষালীৰ বয়স আছিল ৬-৭ বছৰ। এতিয়া ১০ বছৰ পাৰ হৈ গ’ল। কিন্তু মুন্নী আৰু বজৰংগীৰ মাজৰ মনোমোহা কেমেষ্ট্ৰী এতিয়াও দৰ্শকৰ মনত অক্ষত অৱস্থাত আছে। সকলোৰে হৃদয় জয় কৰা বলীউডৰ কেইজনমান শিশু শিল্পীৰ ভিতৰত মুন্নী অন্যতম। এই ছবিখনৰ পৰা তেওঁ কিমান কোটি টকা পালে জানেনে? বৰ্তমানলৈকে বলীউডৰ সৰ্বাধিক দৰমহা পোৱা শিশু শিল্পী তেওঁ।
হৰ্ষালীৰ দৈনিক মাচুল আছিল ২ লাখ টকা। ছবিখন মুঠ ১০০ দিনৰ বাবে শ্বুটিং কৰা হৈছিল। অৰ্থাৎ হৰ্ষালী মালহোত্ৰাই লাভ কৰিছিল ২ কোটি টকা। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ৫০ লাখ। আজিও অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে বজৰংগী ভাইজানৰ দ্বিতীয় খণ্ডৰ বাবে। সকলোৱে আকৌ এবাৰ ছলমানৰ সৈতে মুন্নীক পৰ্দাত চাব বিচাৰে।
এটা সংবাদ মাধ্যমে এই সন্দৰ্ভত সোধাত চিত্ৰনাট্যকাৰগৰাকীয়ে কয়, “মই বজৰংগী ভাইজান ২ আনিবলৈ চেষ্টা কৰিছো। এই সন্দৰ্ভত মই ছলমানৰ সৈতে আইডিয়া শ্বেয়াৰ কৰিছো। তেওঁ নিজেই যথেষ্ট উৎসাহিত। কিন্তু বিষয়টো সঠিকভাৱে আগুৱাই নিয়াৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন। সেইটোৱেই চেষ্টা কৰা হৈছে।”
ছবিখনৰ ছিকুৱেল শ্বেয়াৰ কৰাৰ সময়ত ছলমানৰ প্ৰতিক্ৰিয়া কি আছিল?
এই সন্দৰ্ভত বিজয়েন্দ্ৰই কয়, “মই ছলমানক এনেয়ে লগ পাইছিলো। তেতিয়াই সেই ছবিখনৰ ছিকুৱেলৰ বিষয়টো আহিছিল। ছলমানে শুনাৰ লগে লগে ক’লে, গ্ৰেট আইডিয়া।” ২০১৫ চনত মুক্তি পোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছলমান খান, কৰীনা কাপুৰ আৰু হৰ্ষালী মালহোত্ৰাই। ছবিখনত আছিল নৱাজুদ্দিন ছিদ্দিকীও। ছবিখনত মুন্নী ওৰফে হৰ্ষালীৰ অভিনয় এতিয়াও চৰ্চাৰ বিষয় হৈ আছে। ছবিখন নিৰ্মাণৰ সময়ত হৰ্ষালীৰ বয়স আছিল মাত্ৰ ছয়-সাত বছৰ। এতিয়া তেওঁ কিশোৰী। গতিকে যদি ছবিখনে ছিকুৱেল নিৰ্মাণ কৰা , তেন্তে পৰিচালক-চিত্ৰনাট্যকাৰে এতিয়াও কোৱা নাই যে ইয়াত মুন্নীৰ চৰিত্ৰ ৰখা হ’ব নে নহয়।