অমিতাভ-জয়াৰ বিবাহৰ খৰচ কিমান আছিল জানেনে? শুনিলে চকু কপালত উঠিব আপোনাৰ

ৰেখাৰ সৈতে বহুচৰ্চিত সম্পৰ্কৰ পিছতো জয়া ভাদুৰীৰ সৈতেহে গাৰ্হস্থ্য জীৱন গঢ়ি তুলিছিল অমিতাভ বচ্চনে। ১৯৭৩ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। পিছে আপুনি জানেনে, এই চেলিব্ৰিটি দম্পতীয়ে প্ৰায় ৫২ বছৰ পূৰ্বে বিয়া পাতিবলৈ কিমান টকা খৰচ কৰিছিল?

অমিতাভ-জয়াৰ বিবাহৰ খৰচ কিমান আছিল জানেনে? শুনিলে চকু কপালত উঠিব আপোনাৰ

অমিতাভ বচ্চন আৰু জয়া বচ্চন

Published: 

06 Jun 2025 00:18 AM

বলীউডৰ মহাতাৰকা অমিতাভ বচ্চন। এংগ্ৰী ইয়ং মেন শৈলীৰে খোপনি পুতি লাহে লাহে দৰ্শকৰ মনত সুকীয়া স্থান দখলৰ পৰা এতিয়াৰ সৰ্বপৰিচিত ‘বিগ বি’ হোৱালৈ অমিতাভৰ কেৰিয়াৰৰ দীঘলীয়া সময়ৰ সাক্ষী বলীউড জগত। এই অমিতাভৰ সৈতে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ সৈতে একালৰ ৰোমাঞ্চ এতিয়া আলোচ্যৰ বিষয়। পিছে ৰেখাৰ সৈতে বহুচৰ্চিত সম্পৰ্কৰ পিছতো জয়া ভাদুৰীৰ সৈতেহে গাৰ্হস্থ্য জীৱন গঢ়ি তোলে অমিতাভ বচ্চনে। ১৯৭৩ চনত অমিতাভ বচ্চন আৰু জয়া বিবাহপাশত আবদ্ধ হৈছিল।

অভিনেত্ৰী জয়া ভাদুৰীয়ে পুনে ফিল্ম ইনষ্টিটিউট (এফ টি আই আই)ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। বঙালী আৰু হিন্দী চলচ্চিত্ৰ প্ৰতিষ্ঠানত আৰম্ভণিৰে পৰাই জনপ্ৰিয়তা তথা পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল জয়াই। ১৯৭২ চনত ‘Bansi Birju’ ছবিত প্ৰথমবাৰৰ বাবে জয়াই অমিতাভৰ সৈতে অভিনয় কৰে। ইয়াৰ পিছতে লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল। এই বন্ধুত্ব পিছলৈ এক সুকীয়া সম্পৰ্কলৈ আগবাঢ়ে।

এনে সম্পৰ্কৰে দুয়োৰে মাজত আগবাঢ়ে সময়। তাৰ মাজতে অমিতাভে জয়া আৰু আন কেইজনমান বন্ধু-বান্ধৱীৰ সৈতে লণ্ডনলৈ যোৱাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনাৰ কথা ঘৰত জানিবলৈ দিওঁতে অসন্তুষ্ট হয় অমিতাভৰ পিতৃ তথা দেশৰে এগৰাকী বিখ্যাত কবি হৰিবংশ ৰায় বচ্চন। অমিতাভৰ লণ্ডনৰ পৰিকল্পনাত সন্মতিৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰি তেওঁ কয়, “জয়াৰ লগত লণ্ডনলৈ যাব বিচাৰিলে তেওঁক বিয়া কৰাব লাগিব।”

ইতিপূৰ্বেই অমিতাভে বিমানৰ টিকট ক্ৰয় কৰাৰ লগতে হোটেলো বুক কৰিছিল। বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণসূচীও ঠিক কৰিছিল। এই সকলো জানিও পিছে অমিতাভৰ পিতৃ কবি হৰিবংশ ৰায় বচ্চনে তেওঁক বাধা দিয়ে। তেওঁ অমিতাভক স্পষ্ট কৰি দিয়ে, “জয়াৰ লগত লণ্ডনলৈ গ’লে এনেকৈ যাব নোৱাৰিবা। প্ৰথমে জয়াক বিয়া কৰাব লাগিব।”

এইদৰে হৰিবংশ ৰায় বচ্চনে পুত্ৰ অমিতাভৰ পৰিকল্পনাত এক বিশেষ চৰ্ত আৰোপ কৰে আৰু উপায়ন্তৰ হৈ অমিতাভ বচ্চনে কম সময়ৰ ভিতৰতে জয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পিছে আপুনি জানেনে, এই চেলিব্ৰিটি দম্পতীয়ে প্ৰায় ৫২ বছৰ পূৰ্বে বিয়া পাতিবলৈ কিমান টকা খৰচ কৰিছিল? দুয়োৰে বিবাহৰ বাবে খৰচ হৈছিল প্ৰায় ৯০ লাখ টকা, স্বাভাৱিকতেই সেই সময়ত এয়া আছিল বিপুল পৰিমাণৰ ধন।

ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...
এই চাৰিটা অভ্যাসে আপোনাক ফেটি লিভাৰ প্ৰতিৰোধ কৰাত সহায় কৰিব...
টেষ্ট শৃংখলালৈ মাজত কেইটামান দিন, ইংলেণ্ডক এইদৰে সকীয়নি দিলে ৰাহুলে…
ঘৰৰ বাৰীত নৰসিংহৰ গছ থাকিলে ভাল নে বেয়া ? বাস্তু শাস্ত্ৰত কি নিৰ্দেশনা দিয়া হৈছে ?