TV9 ASSAM
অহা ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খন মেচৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। এই শৃংখলাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত ক্ৰিকেট অনুৰাগী।
ৰোহিত, কোহলীৰ অৱসৰৰ পিছত এয়া হ’ব ভাৰতৰ প্ৰথমটো টেষ্ট শৃংখলা। প্ৰথমবাৰৰ বাবে দলৰ অধিনায়কৰ ৰূপত দেখা যাব শুভমন গিলক।
এই শৃংখলাটোৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে কে এল ৰাহুলে। শৃংখলাৰ পূৰ্বে ইংলেণ্ডক একপ্ৰকাৰে সকীয়নি প্ৰদান কৰিছে ৰাহুলে।
ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে এতিয়া ভাৰত এ দলে খেলি থকা আনঅফিচিয়েল টেষ্টত ৰাহুলে ১৬৮টা বলত ১৫টা চাৰি আৰু এটা ছয়েৰে ১১৬ ৰানৰ ইনিংছ খেলে।
আগন্তুক শৃংখলাত ৰাহুলক অপেনাৰৰ ভূমিকাত দেখা যাব পাৰে। ভাৰত এৰ হৈ এই শতক তেওঁ অপেনাৰৰ স্থানত বেটিং কৰিয়েই অৰ্জন কৰিছে।
ইংলেণ্ডত এইপৰ্যন্ত ৰাহুলৰ প্ৰদৰ্শন বিশেষ উন্নত নহয়। সেয়ে আগন্তুক এই প্ৰতিদ্বন্দিতাপূৰ্ণ শৃংখলাত ৰাহুলৰ এই ইনিংছ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
পঢ়িবলৈ ক্লিক কৰক
ভিটামিন কেৰ অভাৱ হ’লে দেখা দিয়া লক্ষণ