এটি গান যেতিয়া প্ৰাৰ্থনা হয়…কঠোৰ নিয়ম ভাঙি মছজিদতো প্ৰতিধ্বনিত মায়াবিনী

Zubeen Garg Mayabini: এই কেইদিনত বিশ্বই বহু কিবাকিবিয়েই দেখিলে। এজন শিল্পীৰ মহাপুৰুষৰ দৰে ৰূপ দেখিলে, শোকত ভাগি পৰা এসাগৰ মানুহ দেখিলে। এজন মহানায়কৰ মহান বিদায় দেখিলে। এটি গীত প্ৰাৰ্থনা হোৱা দেখিলে। মছজিদতো গীতৰ ধ্বনি শুনিলে।

এটি গান যেতিয়া প্ৰাৰ্থনা হয়...কঠোৰ নিয়ম ভাঙি মছজিদতো প্ৰতিধ্বনিত মায়াবিনী

জুবিন গাৰ্গ

Published: 

25 Sep 2025 13:57 PM

মৃত্যু চিৰসত্য, মৃত্যুৰ পৰা কোনো পলাব নোৱাৰে। কিন্তু এজন মানুহৰ মৃত্যুৰ শোকত লাখ লাখ মানুহ কিদৰে শোকত ভাগি পৰিব পাৰে, সেয়া হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ আগলৈকে ভাৰতৰ মানুহে কল্পনাও কৰিব পৰা নাছিল। মানুহে মাইকেল জেকচনৰ মৃত্যুৰ কথা কয়, ৰাণী এলিজাবেথৰ মৃত্যুৰ কথা কয়। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ বিয়োগত যি শোকৰ বন্যা মানুহে দেখিলে সেয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে। সুধাকণ্ঠৰ মৃত্যুৰ সময়তো অসমত ব্যাপক জনসমাগম ঘটিছিল।

স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মানুহে দেখিলে জুবিনক লৈ চৰ্চা। ১৯ ছেপ্টেম্বৰত মৃত্যুৰ খবৰ প্ৰকাশৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে মানুহে দেখিলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একাকাৰ হৈ পৰা এখন ব্যাপক মানৱ সমাজ। যিখন সমাজৰ কথা গানৰ জৰিয়তেই কৈছিল জুবিন গাৰ্গে। অসমৰ প্ৰতিঘৰ মানুহৰ প্ৰতিজন সদস্যৰ চকুত চকুলো, কাৰো মনত নাই হৰ্ষ-উল্লাস, নাই চকুৰ ঘুমতি।

এনেকৈও যে মানুহে কাৰোবাক প্ৰাণ ভৰি ভাল পাব পাৰে, সেয়া বহিঃবিশ্বই হয়তো কল্পনাই কৰিব পৰা নাছিল। কেৱল গ্লেমাৰৰ দুনিয়াত বিৰাজ কৰিলেই এই মৰম যে অৰ্জন কৰিব নোৱাৰি সেয়া হয়তো মানুহে বুজি উঠিছে। কেৱল এজন শিল্পী হিচাপে নহয়, এজন শুদ্ধ হৃদয়ৰ মানুহ হিচাপে জুবিনক প্ৰাণ ভৰি ভাল পাইছিল সকলোৱে।

সেয়েহে হয়তো তেওঁৰ বিয়োগৰ শোকত মছজিদতো বাজিল ‘মায়াবিনী ৰাতিৰ বুকুত’। সকলোৱেই জানে ইছলামত মছজিদত কোনো গান-নাচ কৰাতো নিষিদ্ধ। কেৱল আজানৰ শব্দহে ভাঁহি আহে মছজিদৰ পৰা। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে যেন সেই নিয়মকো ভাঙি পেলালে। কিয়নো মছজিদতো শুনা গ’ল মৃত্যুৰ পাছত জুবিন গাৰ্গে বজাবলৈ কৈ যোৱা মায়াবিনী গীতটি।

জুবিন গাৰ্গে কৈছিল “মোৰ কোনো জাতি, নাই মোৰ কোনো ধৰ্ম নাই, মই মুক্ত ময়েই কাঞ্চনজংঘা”, সেয়া কেৱল এটি সংলাপ নহয়। সমাজৰ ভেদাভেদ প্ৰাচীৰ ভাঙিব পৰা এক আহ্বান। যাৰ বাবে তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰা সকলৰ কোন জন কোন ধৰ্মৰ তাৰ হিচাপ কোনেও ৰখা নাছিল।

মৃত্যুৰ খবৰ শুনাৰ পৰা শেষকৃত্য পৰ্যন্ত, অসমত যেন বিৰাজ কৰিছিল মৰিশালীৰ নিস্তব্ধতাই। কেৱল বাজি আছিল জুবিন গাৰ্গৰ সেই বিশেষ গীতটো। ক্ৰন্দনৰত অনুৰাগী তথা পৰিয়ালে এই গীতটি গায়েই শেষ বিদায় জনালে জুবিন গাৰ্গক। এজন মুখ্যমন্ত্ৰীক দেখা গ’ল শোকাৰ্ত নয়নেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহলৈ, জ্বলি জ্বলি জুবিন গাৰ্গ ছাঁই হোৱালৈ চাই থকা। আৰক্ষী বিষয়াক দেখা গ’ল কৰ্তব্য পালনৰ মাজতে কান্দোনত ভাগি পৰা। লাখ লাখ যুৱক-যুৱতীক দেখা গ’ল নিজৰ ককায়েকক হেৰুৱাই ভাগি পৰা।

সৰ্বোপৰি এগৰাকী সাহসী মহিলাক দেখা গ’ল। নিজে বুকুত গোট মাৰি থকা দুখৰ বৰফ ঢাকি, আনক সান্ত্বনা দিয়া, মাজে মাজে সেই দুখৰ বৰফ চকুলো হৈ নিগৰি অহা। শেষ মুহূৰ্তত তেওঁৰ প্ৰিয় পুৰুষৰ গীতটি গায়েই এই জীৱনত বিদায় জনোৱা। তেওঁ হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। নিজৰ জীৱনৰ আটাইতকৈ শোকাৰ্ত সময়খিনিতো তেওঁ অদম্য ধৈৰ্য আৰু সাহসেৰে সকলো চম্ভালি ল’লে।

সোণাপুৰত পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ। সেইদিনা গীতা পাঠ কৰা হৈছিল সমাধিক্ষেত্ৰত। কিন্তু মুখাগ্নিৰ পৰা শেষ মুহূৰ্তলৈকে এটি ঘোষা- এটি প্ৰাৰ্থনাৰ দৰে বাজিল জুবিন গাৰ্গৰ অন্যমত সৃষ্টি “মায়াবিনী ৰাতিৰ বুকুত…দেখা পালোঁ তোমাৰ ছবি…”। দাগ ছবিখনৰ বাবে জুবিন গাৰ্গে লিখা, সুৰকাৰ, কণ্ঠ নিগৰোৱা গীতটি আজি প্ৰাৰ্থনা হৈ ৰ’ল সমগ্ৰ অসমবাসীৰ মুখত।

ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ
আপুনিও খায় নেকি চেনিযুক্ত দৈ? কি হয় জানক...
৯ অক্টোবৰত ডাঙৰ পৰিবৰ্তন! অত্যন্ত ভাল এই ৰাশিৰ লোকৰ বাবে...