এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি…. মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন

কি নাছিল জুবিন! গানেৰে জগত জিনাৰ অসীম যুঁজত নিজকে সঁপি দিয়া এই জুবিন অবিহনে শূন্য সংগীত জগত। আনন্দ-দুখ, আধ্যাত্মিকতা-বিৰহ প্ৰতিটো অনুভৱৰ ক্ষণতে যেন অসমীয়াৰ কাণে বিচাৰিছিল জুবিনৰ কণ্ঠ। বি বৰুৱা কলেজৰ মঞ্চৰ পৰা সুৰৰ সোপানে সোপানে মানুহৰ হৃদয়লৈ অবিৰত যাত্ৰাৰ সেই কিংবদন্তি কণ্ঠ, মানুহৰ কথা কোৱা সেই নিৰ্মোহ মনৰ অধিকাৰী জুবিনৰ মৃত্যুৰ খবৰে এতিয়া অত্নৰাত্মা কঁপাই তুলিছে সকলোৰে।

এই মায়াৰ ধৰাত দুদিন মাথোঁ থাকিবা তুমি.... মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন

বিদায় জুবিন

Updated On: 

19 Sep 2025 | 04:21 PM

ৰাজ্যবাসীয়ে আৰু পুনৰাই নুশুনে সেই সুকোমল শব্দ, সেয়া এতিয়া হৈ পৰিল ইতিহাস সংসাৰৰ মায়াৰ পৰিধি ভাঙি এতিয়া মুক্তিৰ পথেৰে পাখি মেলি উৰি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এয়া নহয় মাত্ৰ এটি নাম অসমঅসমীয়াৰ বুকুত চিৰদিনলৈ থিতাপি লোৱা এক সত্বা গানৰ কোলাত উঠি মানুহৰ বুকুলৈ বাধাহীনভাৱে সোমাই যোৱা এক অনুষ্ঠান সেই সত্বা, সেই অনুষ্ঠানে এতিয়া কাললৈ খ্যাতি ৰাখি নীৰৱে আঁতৰি সকলোৰে পৰা শোক সাগৰত বিলীন সমগ্ৰ ৰাজ্য

কি নাছিল জুবিন! গানেৰে জগত জিনাৰ অসীম যুঁজত নিজকে সঁপি দিয়া এই জুবিন অবিহনে শূন্য সংগীত জগত আনন্দদুখ, আধ্যাত্মিকতাবিৰহ প্ৰতিটো অনুভৱৰ ক্ষণতে যেন অসমীয়াৰ কাণে বিচাৰিছিল জুবিনৰ কণ্ঠ বি বৰুৱা কলেজৰ মঞ্চৰ পৰা সুৰৰ সোপানে সোপানে মানুহৰ হৃদয়লৈ অবিৰত যাত্ৰাৰ সেই কিংবদন্তি কণ্ঠ, মানুহৰ কথা কোৱা সেই নিৰ্মোহ মনৰ অধিকাৰী জুবিনৰ মৃত্যুৰ খবৰে এতিয়া অত্নৰাত্মা কঁপাই তুলিছে সকলোৰে

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতে গতি লৈছিল জুবিনৰ জীৱনৰ এই চিৰপৰিচিত পথ সংগীতৰ সৈতে জড়িত প্ৰায় প্ৰতিটো বাদ্যযন্ত্ৰতে পাৰদৰ্শী জুবিনৰ কণ্ঠত আছিল সেই অমিয় সুধা এনে সুধাৰ প্ৰথম জিলিকনি দি ১৯৯২ চনতে জুবিনে মুক্তি দিছিল প্ৰথমটো এলবাম অনামিকা মুক্তিৰ পিছতে ৰাজ্যত অনামিকাই তুলিছিল জোকাৰণি

ইয়াৰ পিছতে অসমৰ সংগীত জগত স্থাপন হৈছিল জুবিন নামৰ ইতিহাসৰ প্ৰথমটো খুঁটা সেই খুঁটাত ভেজা দি অসমীয়া সংগীত জগতে সন্তপৰ্ণে খোজ দিছিল আগলৈ মাৰ মুখৰ ভাষা অসমীয়াত প্ৰথম কণ্ঠ নিগৰোৱাৰ পিছত হিন্দী ভাষা, বঙালী, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী ইত্যাদি ভিন্ন ভাষাত জুপিনে তুলিছিল সুৰৰ লহৰ বড়ো, কোচ-ৰাজবংশী, চাজ জনগোষ্ঠী, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম ইত্যাদি ৰাজ্যৰ জনগোষ্ঠীয় ভাষাৰ গীতে জুপিনৰ কণ্ঠত পাইছিল এক নতুন চিনাকি

আধুনিক গীতৰ সমান্তৰালকৈ অসমৰ চুকেকোণে লুকাই থকা, লুপ্তপ্ৰায় লোকগীতৰ জগতখনক জুবিনে নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰি দিছিল জুবিনে দেখুৱাইছিল শিল্পৰ প্ৰতি দায়বধতা সেয়াই জুবিন এনে এক মহান সত্বাৰ গানৰ বিষয়ে কথা পাতিবলৈ লৈও থমকি বলগা হৈছিল সকলো, ‘কোনটো গানৰ কথাই পাতিম, কোনটো গানেই বা বাদ দিম’! এতিয়াও অসমীয়া গান বুলিলেই জুবিনৰ ছবি মনলৈ আহে শ্ৰোতাৰ এয়াই তেওঁৰ জীৱনৰ কৃতিত্ব

গানত মানৱ দৰদী, প্ৰকৃতি প্ৰেমৰ জোৱাৰ তোলা জুবিনে নিজ ব্যক্তিত্বতো চিৰদিনলৈ ৰাখি এই চানেকি জুবিন গাৰ্গৰ কণ্ঠৰ গানৰ হিচাপ দিয়াটো স্বাভাৱিকতেই অসম্ভৱ অলেখ সহস্ৰ গানত কণ্ঠ নিগৰোৱা জুবিনে অসমত কেছেটৰ জগতখনক দিছিল এক সুকীয়া পৰিৱেশ ৯২ৰ অনামিকাৰ পৰা ২০২০ৰ চিলালৈ প্ৰায় খন এলবামত কণ্ঠ নিগৰাইছিল জুবিনে জুবিনৰ কণ্ঠ অবিহনেই প্ৰায় বিকল অসমীয়া ছবিজগত সেয়াই জুবিন

কিন্তু এতিয়া যদি কোনোবাই আকৌ সোধেগানে কি আনেবাআছেনে কোনোবা হিয়াতউত্তৰ হয়তো এটাই , তুমি মাথো তুমি জুবিন….

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব