দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১৪ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ১৪ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৪ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯০১ চনত আমেৰিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিক গুলীয়াই হত্যা কৰা হয়।
১৯১৭ চনত ৰাছিয়াক আনুষ্ঠানিকভাৱে গণৰাজ্য ঘোষণা কৰা হয়।
১৯৪৯ চনত হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হয়।
১৯৬০ চনত খনিজ তেল উৎপাদনকাৰী দেশসমূহে একেলগে অ’পেক প্ৰতিষ্ঠা কৰে।
১৯৯৮ চনত মাইক্ৰ’ছফ্ট বিশ্বৰ সৰ্ববৃহৎ কোম্পানী হিচাপে পৰিগণিত হয়। ১৯৭৫ চনৰ এপ্ৰিল মাহত স্থাপিত মাইক্ৰ’ছফ্টৰ মূল্য ১৯৯৮ চনৰ ১৪ ছেপ্টেম্বৰত নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত ২৬১ বিলিয়ন ডলাৰ হয়।
১৯৯৯ চনত কিৰিবাটি, নাউৰু আৰু টংগাই ৰাষ্ট্ৰসংঘত যোগদান কৰে।
২০০০ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আমেৰিকাৰ চেনেটৰ দুয়োটা সদনৰ যৌথ বৈঠকত ভাষণ দি অলিম্পিকৰ মশাল ছিডনীত উপস্থিত হয়।
২০০০ চনত মাইক্ৰ’ছফটে উইণ্ড’জ এম ই মুকলি কৰে।
২০০৩ চনত ইষ্টোনিয়াই ইউৰোপীয় সংঘত যোগদান কৰে।
২০০৬ চনত পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আই বি এছ এ চুক্তি হয়।
২০০৭ চনত জাপানে টানেগাছিমাৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰথম চন্দ্ৰ উপগ্ৰহ H-2A উৎক্ষেপণ কৰে।
২০০৯ চনত ভাৰতৰ লিয়েণ্ডাৰ পেছ আৰু চেক গণৰাজ্যৰ লুকাছ লোহীয়ে মহেশ ভূপতি আৰু মাৰ্ক ন’লছৰ যুটিক পৰাস্ত কৰি ইউ এছ অ’পেন পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে।