দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৭ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

17 Nov 2025 07:00 AM

আজি ১৭ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৭ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১২৭৮ চনত ইংলেণ্ডত নকল মুদ্ৰা ৰখাৰ অপৰাধত ৬৮০ জন ইহুদীক গ্ৰেপ্তাৰ কৰা হয় আৰু ইয়াৰে ২৯৩ জন ইহুদীক ফাঁচী দিয়া হয়।

১৮৬৯ চনত ইংলেণ্ডৰ জেমছ মাৰে প্ৰথম ১৩,০০০ কিলোমিটাৰ চাইকেল দৌৰত জয়লাভ কৰে।

১৯৩৩ চনত আমেৰিকাই ছোভিয়েট ইউনিয়নক স্বীকৃতি দিয়ে আৰু বাণিজ্যৰ বাবে সন্মতি দিয়ে।

১৯৯৩ চনত আমেৰিকাৰ প্ৰতিনিধি সদনে উত্তৰ আমেৰিকাৰ মুক্ত বাণিজ্য চুক্তি (NAFTA)ত অনুমোদন জনায়।

১৯৯৯ চনত ইউনেস্ক’ই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত অনুমোদন জনায়।

২০০৬ চনত আমেৰিকাৰ চেনেটে ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্তিত অনুমোদন জনায়।

১৫২৫ চনত মোগল শাসক বাবৰে সিন্ধৰ মাজেৰে পঞ্চমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰে।

১৮৬৯ চনত ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা ছুৱেজ খাল নৌ যাতায়তৰ বাবে মুকলি কৰা হয়।

পথত পোৱা এইসমূহ বস্তুৱে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! কেতিয়াবা পাইছে নেকি আপুনি?
আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক
চুলিত লগাওক এইবিধ সামগ্ৰী, হৈ পৰিব দীঘল আৰু চিকমিকিয়া!
তেজৰ কৰ্কট ৰোগ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...