NIRF 2025 Top Universities List: দেশৰ ভিতৰতে শীৰ্ষস্থানত এই বিশ্ববিদ্যালয়; কিমান স্থানত গুৱাহাটী বিশ্ববিদ্যালয়!
নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দশম সংস্কৰণৰ ৰেংকিং প্ৰকাশ কৰে। বিগতবাৰৰ দৰে এইবাৰো সামগ্ৰিক শাখাত প্ৰথম স্থানত আছে আই আই টি মাদ্ৰাজ।

NIRF ২০২৫ ত কিমান স্থানত গুৱাহাটী বিশ্ববিদ্যালয়!
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে আজি প্ৰকাশ কৰিছে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক (NIRF), ২০২৫। এই তালিকাৰ মুঠ ১৭টা শাখাত দেশৰ শিক্ষানুষ্ঠানসমূহক স্থান দিছে শিক্ষা মন্ত্ৰালয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দশম সংস্কৰণৰ ৰেংকিং প্ৰকাশ কৰে। বিগতবাৰৰ দৰে এইবাৰো সামগ্ৰিক শাখাত প্ৰথম স্থানত আছে আই আই টি মাদ্ৰাজ। একে সময়তে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) বিশ্ববিদ্যালয়ৰ শাখাত বিগতবাৰৰ দৰে এইবাৰো শীৰ্ষ স্থানত আছে।
দেশৰ শিক্ষাখণ্ডত নিজৰ শ্ৰেষ্ঠত্ব অব্যাহত ৰাখি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে ক্ৰমাগতভাৱে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক শীৰ্ষস্থান দখল কৰি আহিছে। ইফালে বিশ্ববিদ্যালয় শাখাত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)– এ দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে।
আনহাতে মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যনে (MAHE) দুটা স্থানৰ উত্তৰণ ঘটাই এইবাৰ তৃতীয় স্থান দখল কৰিছে। জামিয়া মিলিয়া ইছলামিয়াই এই তালিকাত চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে পঞ্চম স্থানত আছে দিল্লী বিশ্ববিদ্যালয়। একে সময়তে ষষ্ঠ স্থানত আছে বেনাৰচ হিন্দু ইউনিভাৰ্চিটি (বি এইচ ইউ)।
ইয়াৰ পিছতে পিলানীৰ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্স (বি আই টি এছ)– এ সপ্তম স্থান, অষ্টম স্থানত কইম্বাটুৰৰ অমৃতা বিশ্ব বিদ্যাপীথম, কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ে নৱম স্থান আৰু উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় তালিকাৰ দশম স্থান আছে।
উল্লেখ্য যে বিশ্ববিদ্যালয় শাখাৰ ৰেংকিঙত বিগত বৰ্ষত বেনাৰচ হিন্দু ইউনিভাৰ্চিটি পঞ্চম স্থানত আছিল যদিও এইবাৰ এটা স্থানৰ অৱনতি ঘটিছে। একে সময়তে যোৱাবাৰ ষষ্ঠ স্থানত থকা দিল্লী বিশ্ব বিশ্ববিদ্যালয়ে এইবাৰ পঞ্চম স্থান দখল কৰে। যোৱাবাৰ দশম স্থানত থকা ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজিয়ে এইবাৰ শীৰ্ষ দহৰ তালিকাত স্থান লাভ কৰিব নোৱাৰিলে।
ইফালে প্ৰকাশিত তালিকাত অসমৰ বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় শীৰ্ষত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ে তালিকাত ৩৩ সংখ্যক স্থান লাভ কৰিছে। আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ে ৭৯ আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে ৯৭ সংখ্যক স্থান লাভ কৰিছে নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক (NIRF), ২০২৫ত।