সাহস, বীৰত্ব আৰু ত্যাগৰ অন্য এক নাম… অসমীয়াৰ প্ৰাণ সঞ্চাৰী মহাবীৰ লাচিতৰ বীৰগাঁথা

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই অহা সহস্ৰ মোগল সেনাক ভেটিবলৈ ৰণক্ষেত্ৰত নামি পৰে লাচিত। আৰু তাৰ পিছতে কাললৈ ইতিহাসৰ বুকুত সোণালী আখৰে লিপিবদ্ধ হয় বীৰত্বৰ সেই মহাগাঁথা। অৱশ্যে শৰাইঘাটৰ ৰণৰ পূৰ্বেই নিজৰ সাহস আৰু বীৰত্বৰ পৰিচয় দিছিল লাচিতে।

সাহস, বীৰত্ব আৰু ত্যাগৰ অন্য এক নাম... অসমীয়াৰ প্ৰাণ সঞ্চাৰী মহাবীৰ লাচিতৰ বীৰগাঁথা

লাচিত দিৱস

Published: 

24 Nov 2025 07:40 AM

দেশতকৈ মোমাই ডাঙৰ নহয়- অসমীয়া জাতিৰ প্ৰাণ সঞ্চাৰ কৰিবলৈ এই এটি মাত্ৰ বাক্যই যেন যথেষ্ট। এই বাক্যটিৰ সম্পৰ্কৰ ঐতিহাসিক সত্যতাক লৈ প্ৰশ্ন উত্থাপন হ’লেও মহাবীৰ লাচিত বৰফুকনৰ মুখৰ বচন হিচাপে যুগ-যুগান্তৰ ধৰি প্ৰচলিত এই সংলাপ। এই এটি মাত্ৰ সংলাপৰ জৰিয়তেই ফুটাই তোলা হয় অসমীয়া জাতিৰ মহাবীৰ লাচিতৰ অদম্য সাহস, ত্যাগ আৰু বীৰত্বৰ অসাধাৰণ ছবি। আজি সমগ্ৰ ৰাজ্যই লাচিত দিৱসৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছে এই জাতীয় বীৰজনাক।

১৬৭১ চনৰ নৱেম্বৰ মাহ। ব্ৰহ্মপুত্ৰৰ পাৰত ঠিয় হৈ নৰিয়া দেহাৰেই আগন্তুক এখন মহাৰণৰ ৰণনীতি প্ৰস্তুত কৰিছিল আহোম সেনাৰ মহান সেনাপতি লাচিত বৰফুকন। গাত প্ৰচণ্ড জ্বৰ লৈ শক্তিশালী মোগল সেনাক ভেটিবলৈ সাজু হোৱা লাচিতক পৰামৰ্শ দিয়া হৈছিল দেহৰ যতন ল’বলৈ। কিন্তু দেশৰ বিপদৰ সময়ত কিদৰে পাটীত পৰি থাকে প্ৰধান সেনাপতি!

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই অহা সহস্ৰ মোগল সেনাক ভেটিবলৈ ৰণক্ষেত্ৰত নামি পৰে লাচিত। আৰু তাৰ পিছতে কাললৈ ইতিহাসৰ বুকুত সোণালী আখৰে লিপিবদ্ধ হয় বীৰত্বৰ সেই মহাগাঁথা। মোগলৰ বিৰুদ্ধে শৰাইঘাট ৰণৰ শেষৰ ফালে শক্তিশালী মোগল সৈন্য বাহিনীৰ সমুখত বিপদত পৰিছিল আহোমৰ সেনা। জয়ৰ আশা বাদ দি লাহে লাহে আহোম সৈন্যই পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল।

সেইসময়ত দেহত অতিপাত জ্বৰ লাচিতৰ। কিন্তু সেই নৰিয়া গাৰেই এখন নৌকাত উঠি প্ৰধান সেনাপতিৰ দায়িত্ব সুঁৱৰি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে। পিছ হুঁহুকিবলৈ লোৱা আহোম সেনাক উদ্দেশ্যি লাচিত বৰফুকনে দিয়ে দুৰ্জয় বাণী, “অসমীয়া ৰণুৱা সকল, মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোক সুখেৰে ঘৰলৈ যোৱা।”

প্ৰধান সেনাপতি লাচিত বৰফুকনৰ মুখৰ এই কথাখিনিয়ে আহোম সেনাক উৎসাহিত কৰে আৰু ৰণথলী এৰাৰ পৰিৱৰ্তে দুগুণ সাহসেৰে যুঁজ দি মোগলক পৰাস্ত কৰে। লাচিতৰ এই অসাধাৰণ বীৰত্বৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠে স্বয়ং মোগল সেনাপতি ৰামসিংহও। শৰাইঘাটৰ এই অসীম বিজয়ে লাচিতক পাহৰায় আলাবৈ ৰণৰ অবাঞ্ছিত শোক।

এই আলাবৈ ৰণ আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এক ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্টত বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল। আলাবৈৰ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাপে বৰ্ণনা কৰি আহিছে বুৰঞ্জীবিদসকলে। এক দুবিধাজনক পৰিস্থিতিত যুঁজ দি এই যুদ্ধত মোগল সেনাৰ বিনাৰ বিৰুদ্ধে একেদিনাই ৰণত পৰিছিল ১০,০০০ অসমীয়া সেনা।

অৱশ্যে শৰাইঘাট যুদ্ধ জয়ৰ কিছুদিন পিছতে জাতিৰ এই মহানায়কগৰাকীয়ে চিৰদিনলৈ চকু মুদে। এই মহাবীৰগৰাকীলৈ সন্মান জনাই পিছত স্বৰ্গদেও উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত ‘লাচিত মৈদাম’ নিৰ্মাণ কৰে। লাচিত বৰফুকনৰ এই বীৰগাঁথাই সদায়েই অনুপ্ৰাণিত কৰি আহিছে অসমীয়া জাতিক। অৱশ্যে শৰাইঘাটৰ ৰণৰ পূৰ্বেই নিজৰ সাহস আৰু বীৰত্বৰ পৰিচয় দিছিল লাচিতে।

এনে গুণৰ বলতে একালৰ ঘোঁৰা বৰুৱাৰ পদৰ পৰা বৰফুকনৰ পদলৈ পদোন্নতি ঘটিছিল লাচিতৰ। ঘোঁৰা বৰুৱাৰ পদত থকাৰ সময়ত তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল বুলি কথিত আছে। ঘোঁৰা বৰুৱাৰ পিছত ক্ৰমাৎ দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছতহে তেওঁ বৰফুকন পদ লাভ কৰিছিল।

শৰাইঘাট জয়ৰ পিছত ১৬৭২ চনৰ ২৫ এপ্ৰিলত মৃত্যুবৰণ কৰা এইগৰাকী মহান বীৰৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰত। অসম আৰু অসমীয়াক চিৰদিনলৈ সাহস, ত্যাগ আৰু বীৰত্বৰ পাঠ দিয়া এইগৰাকী জাতীয় বীৰৰ সন্মানাৰ্থে প্ৰতিবছৰে তেওঁৰ জন্মদিন ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত দিৱস পালন কৰি অহা হৈছে। আজি এই শুভক্ষণত অসমীয়া জাতিৰ মহাবীৰজনাক সশ্ৰদ্ধ স্মৰণ।

পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত? জানক...
প্ৰতিদিনে এটাকৈ ইলাচি খালে কি লাভ হয় জানেনে? জানক...
শীতকালত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়, এই সময়ত গৰ্ভৱতী মহিলাৰ যত্ন কেনেকৈ ল'ব ?