এদিনত ২১ ঘণ্টা বুলিলে আপোনাৰ বিশ্বাস হ’বনে? ৬০ কোটি বছৰ পূৰ্বে এটা দিন পূৰ্ণ হৈছিল ২১ ঘণ্টাত
সৰুতেই আমাক শিকোৱা হৈছিল যে এদিনত ২৪ ঘণ্টা, কিন্তু ৬০ কোটি বছৰৰ আগৰ এটা দিন ২৪ ঘণ্টাৰ নহয় ২১ ঘণ্টাৰ আছিল বুলি যদি কোনোবাই কয় আপোনাৰ বাৰু বিশ্বাস হ'বনে?

প্ৰতীকী ছবি
প্ৰতিদিনে বিজ্ঞানত নতুন নতুন আৱিষ্কাৰ হয়। শেহতীয়াকৈ এটা তথ্য প্ৰকাশ হৈছে যিয়ে আপোনাক স্তম্ভিত কৰি তুলিব। দিনটোত কিমান ঘন্টা থাকে? এই প্ৰশ্নৰ উত্তৰ আপুনি সহজেই দিব পাৰে। সৰুতেই আমাক শিকোৱা হৈছিল যে এদিনত ২৪ ঘণ্টা, কিন্তু ৬০ কোটি বছৰৰ আগৰ এটা দিন ২৪ ঘণ্টাৰ নহয় ২১ ঘণ্টাৰ আছিল বুলি যদি কোনোবাই কয় আপোনাৰ বাৰু বিশ্বাস হ’বনে?
হয়তো আপুনি বিশ্বাস নকৰে, বহুতৰেই বিশ্বাস নহয় এই কথা। কিন্তু আপোনাৰ বিজ্ঞানৰ এনে অধ্যয়নৰ বিষয়ে জনাম যিয়ে এই কথাটো বুজিবলৈ আৰু বিশ্বাস কৰিবলৈ বাধ্য কৰিব আপোনাক। দিনটোত ২৪ ঘণ্টা অৰ্থাৎ ৮৬,৪০০ ছেকেণ্ড।
৬০ কোটি বছৰ আগতে এটা দিন ২১ ঘণ্টাৰ আছিল
আমি জানো যে নিজৰ কক্ষপথত সূৰ্যক প্ৰদক্ষিণ কৰে পৃথিৱীয়ে। তাৰ লগে লগে ই নিজৰ অক্ষৰেখাটো ঘূৰি থাকে আৰু এই ঘূৰণ সম্পূৰ্ণ কৰে প্ৰায় ২৪ ঘণ্টাত, যাক বোলা হয় আহ্নিক গতি। কিন্তু পৃথিৱীখন একেদৰে ঘূৰি নাথাকে। সাধাৰণতে পৃথিৱীৰ ঘূৰ্ণন ক্ৰমান্বয়ে লেহেমীয়া হৈ আহিছে, যাৰ ফলত প্ৰতি শতিকাত গড়ে প্ৰায় ১.৮ মিলিছেকেণ্ড দিনটোৰ দৈৰ্ঘ্য বৃদ্ধি পায়। অৰ্থাৎ ৬০ কোটি বছৰৰ আগতে এটা দিন আছিল মাত্ৰ ২১ ঘণ্টাৰ।
পৰিৱৰ্তন কেনেকৈ হ’ল?
সময়ৰ লগে লগে দিনটোৰ দৈৰ্ঘ্যৰ এই পৰিৱৰ্তন বহু কথাৰ বাবেই হৈছে। ইয়াৰ ভিতৰত চন্দ্ৰ আৰু সূৰ্যৰ জোৱাৰ-ভাটাৰ প্ৰভাৱ, পৃথিৱীৰ ভিতৰত কোৰ-মেণ্টেল সংযোজন আৰু গ্ৰহটোত ভৰৰ বিতৰণ আদি অন্যতম। ইয়াৰ লগতে ভূমিকম্পৰ কাৰ্যকলাপ, হিমবাহ, বতৰ, মহাসাগৰ আৰু পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰইও দিনটোৰ দৈৰ্ঘ্যৰ ওপৰত প্ৰভাৱ পেলায়।
২০২০ চনত এক আচৰতি তথ্য প্ৰকাশ পাইছিল
২০২০ চনত বিজ্ঞানীসকলে এক চাঞ্চল্যকৰ আৱিষ্কাৰ কৰে। তেওঁলোকে গম পালে যে পৃথিৱীৰ গতি লেহেমীয়া হোৱাৰ পৰিৱৰ্তে বেছি বেগেৰে ঘূৰিবলৈ আৰম্ভ কৰিছে। যোৱা ৫০ বছৰৰ যিকোনো সময়তকৈ এতিয়া ই দ্ৰুতগতিত ঘূৰিছে। য’ত এটা সময়ত প্ৰকাশ পাইছিল যে পৃথিৱীৰ ঘূৰ্ণন লেহেমীয়া হৈছে। একে সময়তে এতিয়া এই অধ্যয়নত প্ৰকাশ পাইছে যে এই গতি বৃদ্ধি পাইছে।
কি প্ৰভাৱ পৰিব?
এতিয়ালৈকে বিজ্ঞানীসকলে সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই যে পৃথিৱীৰ ঘূৰ্ণনৰ হাৰত এই ত্বৰণৰ আঁৰৰ কাৰণ কি। কিন্তু কিছুমানে মত প্ৰকাশ কৰিছে যে ২০ শতিকাৰ সময়ছোৱাত হিমবাহৰ গলনাংক বা উত্তৰ গোলাৰ্ধৰ হিমবাহত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ বাবেই এনে হ’ব পাৰে। কিন্তু বিশেষজ্ঞসকলে অনুমান কৰিছে যে পৃথিৱীৰ ঘূৰ্ণনত এই ত্বৰণ সাময়িক আৰু কম সময়ৰ বাবেহে হয়। ভৱিষ্যতে আকৌ এবাৰ পৃথিৱীৰ গতি লেহেমীয়া হ’বলৈ আৰম্ভ কৰিব।
কিন্তু, এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে ইয়াৰ বাবে আমি চিন্তিত হ’ব লাগিব নেকি? আমাৰ দৈনন্দিন জীৱনত ইয়াৰ কোনো প্ৰভাৱ নপৰে যদিও জিপিএছ উপগ্ৰহ, স্মাৰ্টফোন, কম্পিউটাৰ আৰু যোগাযোগ নেটৱৰ্কৰ দৰে প্ৰযুক্তিৰ ওপৰত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব পাৰে, যিবোৰ সকলো অতি সঠিক সময় ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এনে সমস্যা দূৰ কৰিব পাৰি। গতিকে নাই, আমি চিন্তিত হোৱা উচিত নহয়– যেতিয়ালৈকে দিন চুটি হোৱাটো মানুহৰ কাৰ্যকলাপৰ ফলত নহয়।