চাকৰি বিচাৰি আছে নেকি? গুগলৰ এই পাঠ্যক্ৰমৰ দ্বাৰা আপুনিও আৰম্ভ কৰিব পাৰিব এক সুন্দৰ কেৰিয়াৰ!
যদি আপুনি চাকৰি বিচাৰিছে কিন্তু আপোনাৰ ডিগ্ৰী নাই বা অভিজ্ঞতাৰ অভাৱ, তেন্তে গুগলে আপোনাক সহায় কৰিব পাৰে। যিসকল যুৱক-যুৱতীয়ে কাৰিকৰী বা ব্যৱসায়িক দক্ষতা শিকি সোনকালে চাকৰি লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে গুগলে আৰম্ভ কৰিছে Career Certificates নামৰ এক বিশেষ পদক্ষেপ।

প্ৰতীকী ছবি
কেৱল ভাৰততেই নহয়, বৰ্তমান সময়ত বিশ্বৰ ভিন্ন প্ৰান্তত নিবনুৱা সমস্যাই এক ভয়াৱহতাৰ সৃষ্টি কৰিছে। প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এটি চাকৰি বিচাৰে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে। কিন্তু চাহিদা অনুসৰি নিয়োগৰ সৃষ্টি নোহোৱাৰ বাবেই নিবনুৱা সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিস্থিতিত বহুতেই চাকৰি লাভৰ বাবে উপযুক্ত পাঠ্যক্ৰমৰ সন্ধান কৰে।
যদি আপুনি চাকৰি বিচাৰিছে কিন্তু আপোনাৰ ডিগ্ৰী নাই বা অভিজ্ঞতাৰ অভাৱ, তেন্তে গুগলে আপোনাক সহায় কৰিব পাৰে। যিসকল যুৱক-যুৱতীয়ে কাৰিকৰী বা ব্যৱসায়িক দক্ষতা শিকি সোনকালে চাকৰি লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে গুগলে আৰম্ভ কৰিছে Career Certificates নামৰ এক বিশেষ পদক্ষেপ।
গুগলৰ এই চাৰ্টিফিকেট পাঠ্যক্ৰমসমূহ যুৱক-যুৱতীসকলৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে। এই পাঠ্যক্ৰমসমূহে কেৱল নতুন দক্ষতা শিকোৱাই নহয়, উদ্যোগটোৰ চাহিদা অনুসৰি চাকৰিৰ বাবেও আপোনাক প্ৰস্তুত কৰে। এই পাঠ্যক্ৰমবোৰ কৰি আপুনি এটা ডাঙৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। গুগলৰ এই চাৰ্টিফিকেট পাঠ্যক্ৰমৰ বিষয়ে জানো আহক।
গুগলৰ ৫টা প্ৰধান কেৰিয়াৰ চাৰ্টিফিকেট পাঠ্যক্ৰম
- আই টি ছাপোৰ্ট চাৰ্টিফিকেট (IT Support Certificate)
- ডাটা এনালিটিক্স চাৰ্টিফিকেট (Data Analytics Certificate)
- প্ৰজেক্ট মেনেজমেণ্ট চাৰ্টিফিকেট (Project Management Certificate)
- UX ডিজাইন চাৰ্টিফিকেট (UX Design Certificate)
- ডিজিটেল মাৰ্কেটিং আৰু ই-কমাৰ্চ চাৰ্টিফিকেট (Digital Marketing & E-commerce Certificate)
এই পাঠ্যক্ৰমসমূহৰ সময়সীমা ৩ৰ পৰা ৬ মাহৰ ভিতৰত আৰু এইবোৰ ১০০% অনলাইন। মোবাইল বা লেপটপৰ পৰা যিকোনো সময়তে, যিকোনো ঠাইতে কৰিব পাৰিব। বিশেষ কথাটো হ’ল ইয়াৰ বাবে আপুনি বেছি টকা খৰচ কৰিব নালাগে। ইয়াৰ বাবে আপুনি মাত্ৰ ১৪ ডলাৰ অৰ্থাৎ প্ৰতিমাহে প্ৰায় ১,১৯৬ টকা খৰচ কৰিব লাগিব আৰু এই পাঠ্যক্ৰমটো আপুনি ঘৰৰ পৰাই অতি সহজে কৰিব পাৰিব।
আই টি ছাপোৰ্ট চাৰ্টিফিকেট
এই পাঠ্যক্ৰমত কম্পিউটাৰ নেটৱৰ্কিং, হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সমস্যা সমাধান, চিষ্টেম প্ৰশাসন আৰু সুৰক্ষাৰ মূল কথাবোৰ শিকোৱা হয়। এইটো ৬ মাহৰ পাঠ্যক্ৰম, যিটো সম্পূৰ্ণ কৰাৰ পিছত আই টি চাপৰ্ট বিশেষজ্ঞ, হেল্প ডেস্ক টেকনিচিয়ান আৰু চিষ্টেম এনালাইষ্ট হিচাপে কেৰিয়াৰ গঢ়িব পাৰি। এই পেছাদাৰীসকলৰ আৰম্ভণিৰ গড় দৰমহা বছৰি ২.৫ লাখৰ পৰা ৪.৫ লাখ টকা হ’ব পাৰে।
ডাটা এনালিটিক্স চাৰ্টিফিকেট
এই পাঠ্যক্ৰমত এক্সেল আৰু SQL ৰ দৰে কৌশলৰ ব্যৱহাৰ শিকোৱা হয়। ইয়াৰ উপৰিও ই তথ্য সংগ্ৰহ, ক্লীঞ্জিং আৰু দৃশ্যায়ন, তথ্য-চালিত ডিচিশ্যন মেকিং, টেবল আৰু গুগল শ্বীটত ব্যৱহাৰিক ব্যৱস্থাও প্ৰদান কৰে। এই পাঠ্যক্ৰমটোও ৬ মাহৰ, যিটো সম্পূৰ্ণ কৰাৰ পিছত এজন জুনিয়ৰ ডাটা এনালিষ্ট, বিজনেছ ইনটেলিজেন্স এনালিষ্ট আৰু ডাটা টেকনিচিয়ান আদি হ’ব পাৰে, যাৰ গড় দৰমহা বছৰি ৪-৮ লাখ টকা।
প্ৰজেক্ট মেনেজমেণ্ট চাৰ্টিফিকেট
এই পাঠ্যক্ৰমত প্ৰকল্পৰ লাইফ চাৰ্কল, টীম ৱৰ্ক, ৰিস্ক মেনেজমেণ্ট, Agile আৰু Scrum পদ্ধতি, যোগাযোগ আৰু সময় ব্যৱস্থাপনা শিকোৱা হয়। এইটো ৫-৬ মাহৰ পাঠ্যক্ৰম, যিটো সম্পূৰ্ণ কৰাৰ পিছত প্ৰজেক্ট ক’অৰ্ডিনেটৰ, প্ৰজেক্ট মেনেজাৰ (এণ্ট্ৰি লেভেল) আৰু অপাৰেচন এছ’চিয়েট হিচাপে কেৰিয়াৰ গঢ়িব পাৰি। তেওঁলোকৰ গড় দৰমহা বছৰি ৪ৰ পৰা ৬ লাখ টকা।
UX ডিজাইন চাৰ্টিফিকেট
এই পাঠ্যক্ৰমত প্ৰায়োগিক গৱেষণা আৰু UX ডিজাইন ফাউণ্ডেচন, ৱায়াৰফ্ৰেমিং, প্ৰ’ট’টাইপিং (Figma/Adobe XD), প্ৰায়োগিক ইণ্টাৰফেচ ডিজাইন (UI) আৰু ডিজাইন থিংকৰ বিষয়ে শিকোৱা হয়। এইটো ৬ মাহৰ পাঠ্যক্ৰম, যিটো সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে UX ডিজাইনাৰ, UI/UX সহযোগী আৰু ভিজুৱেল ডিজাইনাৰ হিচাপে কাম আৰম্ভ কৰিব পাৰে। তেওঁলোকৰ গড় দৰমহা বছৰি ৫ৰ পৰা ১০ লাখ টকা (প্ৰকল্পৰ পৰ্টফলিঅ’ৰ ওপৰত নিৰ্ভৰ কৰি)।
ডিজিটেল মাৰ্কেটিং আৰু ই-কমাৰ্চ চাৰ্টিফিকেট
এই পাঠ্যক্ৰমত এছ ই অ’, এছ ই এম, ছ’চিয়েল মিডিয়া মাৰ্কেটিং, গুগল এনালাইটিক্স, ইমেইল মাৰ্কেটিং, অনলাইন ষ্ট’ৰ ক্ৰিয়েট, গ্ৰাহকৰ আচৰণ অধ্যয়ন আৰু বিক্ৰী বৃদ্ধিৰ কৌশলসমূহ সামৰি লোৱা হৈছে। এই ৩ৰ পৰা ৬ মাহৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আপুনি ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, ছ’চিয়েল মিডিয়া মেনেজাৰ আৰু ই-কমাৰ্চ বিশেষজ্ঞ হিচাপে এক ডাঙৰ কেৰিয়াৰ গঢ়িব পাৰে। এই পেছাদাৰী সকলৰ বাৰ্ষিক গড় দৰমহা ৩.৫ লাখৰ পৰা ৭ লাখ টকা।