টাটা-আম্বানীৰ ব্যৰ্থতাৰ মাজত সফল পতঞ্জলিঃ পতনশীল বজাৰতো LICক কৰালে ডাঙৰ উপাৰ্জন

বৃহৎ কোম্পানীসমূহৰ ব্যৰ্থতাৰ পিছতো পতঞ্জলি এল আই চিৰ বাবে লাভজনক চুক্তি হিচাপে প্ৰমাণিত হৈছে। এল আই চিৰ পৰ্টফলিঅ’ত পতঞ্জলি নিশ্চিতভাৱে জুলাই মাহৰ পতনশীল বজাৰতো ৰিটাৰ্ণ দিয়া কোম্পানীসমূহৰ ভিতৰত অন্যতম।

টাটা-আম্বানীৰ ব্যৰ্থতাৰ মাজত সফল পতঞ্জলিঃ পতনশীল বজাৰতো LICক কৰালে ডাঙৰ উপাৰ্জন

পতঞ্জলি

Published: 

05 Aug 2025 15:00 PM

বিগত জুলাই মাহত দেশৰ বৃহৎ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী এল আই চি প্ৰায় ৬৬ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়। দেশৰ বৃহৎ বৃহৎ কোম্পানীসমূহৰ পৰা এই লোকচানৰ সন্মুখীন বলগা হয় মুকেশ আম্বানী মালিকানাধীন ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ, টাটা গ্ৰুপৰ বৃহৎ কোম্পানী টি চি এছ, এক্সিছ বেংক, এইচ চি এল টেকন’লজিছ, ইনফ’ছিছ, কোটক মহিন্দ্ৰা বেংক, আই ডি বি আই বেংক আদিয়ে দেখে লোকচানৰ মুখ। ইয়াৰ বিপৰীতে দেশৰ অন্যতম আগশাৰীৰ এফ এম চি জি কোম্পানী পতঞ্জলি ফুডছে এল আই চিৰ উপাৰ্জনৰ ক্ষেত্ৰত কোনো শংকাৰ সন্মুখীন বলৈ নিদিলে

বৃহৎ কোম্পানীসমূহৰ ব্যৰ্থতাৰ পিছতো পতঞ্জলি এল আই চিৰ বাবে লাভজনক চুক্তি হিচাপে প্ৰমাণিত হৈছে। পতঞ্জলি ফুডছে এল আই চিক যদিও বৃহৎ পৰিমাণৰ ৰিটাৰ্ণ প্ৰদান কৰা নাই, তথাপি এল আই চিৰ পৰ্টফলিঅ’ত পতঞ্জলি নিশ্চিতভাৱে জুলাই মাহত পতনশীল বজাৰতো ৰিটাৰ্ণ দিয়া কোম্পানীসমূহৰ ভিতৰত অন্যতম।

ষ্টক মাৰ্কেটৰ তথ্য অনুসৰি পতঞ্জলিয়ে জুলাই মাহত এল আই চিক ১৪ শতাংশ ৰিটাৰ্ণ দিছে। সেই অনুসাৰে এল আই চিৰ পৰ্টফলিঅ’ত পতঞ্জলিৰ বিনিয়োগৰ মূল্য ৭৬৮ কোটি টকা বৃদ্ধি পাইছে। পতঞ্জলিৰ উপৰিও আইচিআইচিআই বেংক আৰু এইচডিএফচি বেংকেও এলআইচিক ৰিটাৰ্ণ দিছে। আনহাতে জে এছ ডব্লিউ ষ্টীল, মাৰুতি চুজুকি আৰু অম্বুজা চিমেণ্টেও ইতিবাচক ৰিটাৰ্ণ দিবলৈ সক্ষম হয়

উল্লেখ্য যে জুলাই মাহত পতঞ্জলিৰ শ্বেয়াৰে যথেষ্ট লাভৰ মুখ দেখিছে। জুন মাহৰ শেষৰ ব্যৱসায়িক দিনটোত পতঞ্জলি ফুডছৰ শ্বেয়াৰৰ মূল্য আছিল ১৬৫০.৩৫ টকা। আনহাতে ৩১ জুলাইত এই মূল্য ১,৮৮২.৪০ টকা হৈছেগৈ। অৰ্থাৎ পতঞ্জলিৰ ষ্টক ২৩২.০৫ টকা বৃদ্ধি হৈছে। কোম্পানীটোৰ মাৰ্কেট কেপৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি পৰিলক্ষিত হয়

বিগত ৩০ জুনত কোম্পানীটোৰ মূল্য আছিল ৫৯,৮২৬.২৩ কোটি টকা। এই পৰিমাণ ৩১ জুলাইত বৃদ্ধি পাই ৬৮,২৩৮.১৯ কোটি টকা হৈছে। অৰ্থাৎ এমাহত কোম্পানীটোৰ মূল্য ৮,৪১১.৯৬ কোটি টকা বৃদ্ধি পাইছে। ইফালে যদি কোম্পানীটোৰ শ্বেয়াৰৰ বৰ্তমানৰ অৱস্থাৰ দিশত চোৱা হয়, ৫ আগষ্টৰ দূপৰীয়া ১২:২০ বজাত এক শতাংশ হ্ৰাসৰ পিছত কোম্পানীটোৰ শ্বেয়াৰে ১,৮৪৪.০৫ টকা মূল্যত ব্যৱসায় কৰি আছে

আনহাতে কোম্পানীটোৰ ষ্টক ১,৮৩৯.৬৫ টকাৰে দিনটোৰ নিম্ন স্তৰলৈ যায়। অৱশ্যে কোম্পানীটোৰ ষ্ট আজি ১৮৫৪.০৫ টকাৰ পৰা আৰম্ভ হৈছিল আনহাতে সোমবাৰে কোম্পানীটোৰ ষ্টক ১,৮৬২.৬০ টকাত দেখা গৈছিল। অৰ্থাৎ আগষ্ট মাহত পতঞ্জলিৰ ষ্টক ২.২৭ শতাংশ হ্ৰাস পাইছে।

পাৰ চৰাইক খাদ্য দিয়াটো শুভ নে অশুভ? জানি হ'ব আচৰিত!
জীৱনলৈ অহা সমস্যা কেনেকৈ দূৰ কৰিব? ক’লে প্ৰেমানন্দ মহাৰাজে
ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...