নিষ্ক্ৰিয় কৰা হৈছে ১ কোটিৰো অধিক আধাৰ কাৰ্ড, এই পদক্ষেপ কিয় লৈছে UIDAI য়ে? আপোনাৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ?
UIDAIয়ে ব্লক কৰিছে ১ কোটিৰো অধিক আধাৰ কাৰ্ড। এই পদক্ষেপে সাধাৰণৰ লোকৰ ওপৰত কি প্ৰভাৱ পেলাব। বিপদত পৰিব নেকি আপুনি ? নে আপোনাৰ বাবে এই পদক্ষেপ গুৰুত্বপূৰ্ণ? জানিবলৈ সবিশেষ পঢ়ক।

প্ৰতীকী ফটো
১ কোটি ১৭ লাখ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰিছে UIDAI য়ে। UIDAI বা ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিয়ে যিসমূহ কাৰ্ড ইতিমধ্যে নিষ্ক্ৰিয় কৰি দিছে সেই আধাৰ কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰ্থিক লেনদেনৰ পৰা আৰম্ভ কৰি পৰিচয় প্ৰমাণলৈকে, কোনো ক্ষেত্ৰত কামত নাহিব এই কাৰ্ডসমূহ। একেদৰে আনকি সেই নিষ্ক্ৰিয় আধাৰ কাৰ্ডবোৰ কোনো ধৰণৰ কে ৱাই চিৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰিব।
ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। আচলতে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰা হৈছে? ইয়াৰ ফলত সাধাৰণ লোকৰ অসুবিধাৰ সৃষ্টি হ’ব নেকি? আচলতে মৃত ব্যক্তিৰ আধাৰ নম্বৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ UIDAIয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই পদক্ষেপৰ অধীনত যদি কোনো পৰিয়ালত কোনোবাই মৃত্যুবৰণ কৰে তেন্তে ‘My Aadhaar’ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব।
চৰকাৰী অধিসূচনাত কোৱা হৈছে যে, আধাৰ তথ্যকোষৰ সঠিকতা বজাই ৰাখিবলৈ UIDAIয়ে বিভিন্ন উৎসৰ পৰা মৃত্যুৰ তথ্য সংগ্ৰহ কৰি সঠিক পৰীক্ষণৰ অন্তত আধাৰ নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰিছে।
দেশৰ ২৪খন ৰাজ্য আৰু কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্যকোষৰ পৰা মুঠ ১.৫৫ কোটি মৃত্যুৰ ৰেকৰ্ড পোৱা গৈছে। ভেৰিফিকেশনৰ পিছত ১.১৭ কোটি আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। অভিলেখৰ ভিত্তিত প্ৰায় ৬ লাখ ৭০ হাজাৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰাৰ কাম চলি আছে। তদুপৰি, যিসকল আধাৰ কাৰ্ডধাৰী ১০০ বছৰৰ ওপৰৰ আৰু যিসকলৰ কাৰ্ড সক্ৰিয় হৈ আছে, তেওঁলোক জীয়াই আছে নে নাই তাক পৰীক্ষা কৰাৰ বাবেও UIDAIয়ে কাম কৰি আছে।