চীনৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে অতিৰিক্ত ১০০% শুল্ক, ভাৰততো পৰিব নেকি প্ৰভাৱ?

ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা কৰিছে, যিটো ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ চফটৱেৰ ৰপ্তানিৰ ক্ষেত্ৰতো কঠোৰ নিয়ন্ত্ৰণৰ আহ্বান জনায়।

চীনৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে অতিৰিক্ত ১০০% শুল্ক, ভাৰততো পৰিব নেকি প্ৰভাৱ?

চীনৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে অতিৰিক্ত ১০০% শুল্ক

Published: 

11 Oct 2025 17:04 PM

শান্তিৰ নোবেল বঁটা ঘোষণাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক ভাবুকি লৈ আহিছে। আমেৰিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ট্ৰাম্পে ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ বিশ্বৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। কিছুদিন ধৰি ট্ৰাম্পে শান্ত হৈ আছিল যদিও আজি হঠাতে তেওঁৰ দীৰ্ঘদিনীয়া শুল্ক প্ৰতিদ্বন্দ্বী চীনৰ ওপৰত ১০০% অতিৰিক্ত শুল্ক ঘোষণা কৰে। তেওঁৰ বিবৃতিত তেওঁ চীনক ধমক দি তেওঁৰ শৈলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক।

চীনৰ ওপৰত শুল্ক আৰোপ কৰাৰ ফলত আমেৰিকাতো প্ৰভাৱ পৰিব যদিও চীনে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। তদুপৰি আমেৰিকাই সকলো জটিল চফট্ ৱেৰৰ ওপৰতো ৰপ্তানি নিয়ন্ত্ৰণ আৰোপ কৰিব। ট্ৰাম্পে ইয়াক চীনৰ বাণিজ্য নীতিৰ প্ৰতি এক শক্তিশালী সঁহাৰি বুলি অভিহিত কৰে।

প্ৰযুক্তি খণ্ডত প্ৰভাৱ

আমেৰিকাই নতুন শুল্ক ৰূপায়ণে টেক খণ্ডত প্ৰভাৱ পেলাব পাৰে। কিয়নো ট্ৰাম্প প্ৰশাসনে চফটৱেৰ ৰপ্তানিৰ ক্ষেত্ৰত নিজৰ দখল কঠোৰ কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। ঐতিহাসিক তথ্যৰ ভিত্তিত আমেৰিকাৰ বাণিজ্য বিভাগে ২০২৫ চনৰ জানুৱাৰী মাহত জাৰি কৰা নিয়মৰ অধীনত উন্নত কম্পিউটিং চফটৱেৰ আৰু এআই মডেল weights ৰ দৰে বস্তুৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণ সম্প্ৰসাৰণ কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো ধৰণৰ চফটৱেৰ নিষিদ্ধ কৰা হ’ব, বৰঞ্চ কেৱল সেই শ্ৰেণীসমূহহে নিষিদ্ধ কৰা হ’ব যিবোৰ সুৰক্ষা-সংবেদনশীল বা উন্নত কম্পিউটিঙৰ সৈতে জড়িত। অৱশ্যে ইয়াৰ ফলত টেক খণ্ডৰ ক্ষতি নিশ্চয় হ’ব।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ এপ্ৰিল মাহত আমেৰিকা প্ৰশাসনে কিছুমান স্মাৰ্টফোন, ব্যক্তিগত কম্পিউটাৰ, চিপৰ ওপৰত বৰ্তমানৰ শুল্কৰ পৰা সাময়িকভাৱে সকাহ দিছিল। কিন্তু শেহতীয়া নীতিত ১০০% পৰ্যন্ত অতিৰিক্ত শুল্ক সংযোজনৰ প্ৰস্তাৱ দিয়া হৈছে, যাৰ ফলত ইতিমধ্যে থকা অৰ্ধপৰিবাহীৰ ওপৰত ২৫%ৰ পৰা ৫০% আৰু ইলেক্ট্ৰনিকছৰ ওপৰত ২৫%ৰ পৰা ১৪৫% শুল্ক আৰু অধিক বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত কিছুমান সামগ্ৰীৰ ওপৰত মুঠ কাৰ্যকৰী শুল্ক ১২৫%ৰ পৰা ২৪৫% পৰ্যন্ত হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে যদি এই শুল্কসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় তেন্তে ২০৪০ চনৰ ভিতৰত স্মাৰ্টফোন, লেপটপ, ইভি বেটাৰীৰ দৰে সামগ্ৰীৰ মূল্য ২০% পৰ্যন্ত বৃদ্ধি পাব পাৰে যদিও এইটো এটা অৰ্থনৈতিক অনুমান। প্ৰকৃত প্ৰভাৱ নিৰ্ভৰ কৰিব যোগান শৃংখল আৰু উৎপাদন স্থানৰ ওপৰত।

 

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক