নতুন GST প্ৰৱৰ্তনৰ পিছতো দোকানীয়ে লৈছে নেকি অধিক দাম? এই কাম কৰিলেই লোৱা হ’ব ব্যৱস্থা
যদি আপুনিও বজাৰ কৰিবলৈ যোৱাৰ সময়ত দোকানীৰ পৰা পূৰ্বৰ দামতে সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে, তেতিয়া কি কৰা উচিত হ’ব? এই বিষয়ে সঠিকভাৱে নাজানিলে আপুনিও অধিক দামতে সামগ্ৰী ক্ৰয় কৰিব লাগিব। তেনে অৱস্থাত আপুনি কি কৰিব, চাওক।

প্ৰতিনিধিত্বমূলক ছবি
যোৱা ২২ ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হৈছে নতুন জি এছ টি। কেন্দ্ৰীয় চৰকাৰে এই নতুন কৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পিছৰে পৰা বহু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। নতুন জি এছ টি প্ৰৱৰ্তনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা অনুসৰি এতিয়া নতুন মূল্যত সামগ্ৰী বিক্ৰী কৰিব লাগিব। পিছে কেন্দ্ৰৰ এই কঠোৰ নিৰ্দেশনাৰ পিছতো আপোনাৰ অঞ্চলৰ দোকানীসকলে পূৰ্বৰ মূল্যতে সামগ্ৰী বিক্ৰী কৰি আছে নেকি? দাম হ্ৰাসৰ পিছতো অধিক দাম লৈ আছে নেকি?
যদি আপুনিও বজাৰ কৰিবলৈ যোৱাৰ সময়ত দোকানীৰ পৰা পূৰ্বৰ দামতে সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে, তেতিয়া কি কৰা উচিত হ’ব? এই বিষয়ে সঠিকভাৱে নাজানিলে আপুনিও অধিক দামতে সামগ্ৰী ক্ৰয় কৰিব লাগিব। লগতে আপোনাৰ অজ্ঞানতাৰ বাবে দোকানীজনে একপ্ৰকাৰে লুণ্ঠন চলাই থাকিব।
এনে অৱস্থাত কি কৰিব আপুনি? যোৱা ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা নতুন জি এছ টিত এতিয়া মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ শ্লেব থাকিব। জি এছ টিৰ এই পৰিৱৰ্তনৰ লগে লগে টিভি আৰু ফ্ৰীজৰ পৰা আৰম্ভ কৰি গাখীৰ, ঘিউ, টুথপেষ্ট, চাবোন, চেম্পুৰ আদি সকলো সামগ্ৰীৰে দাম কমিছে। এই কথা আমি প্ৰথমে জানিব লাগিব।
কিন্তু এই বিষয়ে নজনাৰ বাবে গ্ৰাহকে বজাৰ কৰিবলৈ যোৱাৰ সময়ত দোকানীসকলে পুৰণি দামতে বস্তু বিক্ৰী কৰি থাকিব পাৰে। স্বাভাৱিকতেই এয়া আইন বিৰোধী কথা। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হয় বা দোকানীয়ে আপোনাক অধিক দামত সামগ্ৰী বিক্ৰী কৰে, তেতিয়া আপুনি নেচনেল কনজিউমাৰ ফ’ৰামত অভিযোগ দাখিল কৰিব পাৰে।
অভিযোগ দাখিল কৰিবলৈ আপুনি ১৯১৫ হেল্পলাইনত ফোন কৰিব পাৰে। উপভোক্তা মঞ্চৰ ৱেবছাইট, ইমেইল বা হোৱাটছএপৰ জৰিয়তেও অভিযোগ দাখিল কৰিব পাৰিব। মুঠ ১৭টা ভাষাত অভিযোগ দাখিল কৰিব পাৰিব গ্ৰাহকসকলে। কেন্দ্ৰীয় সূত্ৰৰ তথ্য অনুসৰি ইতিমধ্যে ১ লাখৰো অধিক অভিযোগ দাখিল কৰা হৈছে। এই অভিযোগৰ ভিত্তিত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হ’ব।