শ্ব’ৰুমলৈ আৰু নগ’লেও হ’ব, আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!

এতিয়া গ্ৰাহকে আমাজনৰ পৰা পোনপটীয়াকৈ ক্লাছিক ৩৫০, হাণ্টাৰ ৩৫০ আৰু বুলেট ৩৫০ৰ দৰে বাইক ক্ৰয় কৰিব পাৰিব। পিছে এই সুবিধা গ্ৰহণৰ পূৰ্বে আপোনাৰ চহৰত এই সেৱা পাবনে, সেয়াও জানিব লাগিব।

শ্ব’ৰুমলৈ আৰু নগ’লেও হ’ব, আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!

ৰয়েল এনফিল্ড

Published: 

13 Oct 2025 13:32 PM

ৰয়েল এনফিল্ডৰ বাইকৰ প্ৰতি যুৱকযুৱতীসকলৰ থাকে এক বিশেষ টান হয়তো আপোনাৰো আছে কোম্পানীটোৰ এখন বাইক ক্ৰয়ৰ স্বপ্ন পিছে এতিয়া পছন্দৰ এখন ৰয়েল এনফিল্ড বাইক ক্ৰয়ৰ বাবে আপুনি আৰু যাব নালাগে শ্ব’ৰুমলৈ ঘৰৰ পৰা ওলাই নোযোৱাকৈয়ে এতিয়া দুৱাৰ মুখতে পাব আপোনাৰ প্ৰিয় ৰয়েল এনফিল্ড বাইকখন কিয়নো এতিয়া কমাৰ্চ প্লেটফৰ্ম আমাজনত উপলব্ধ হ’ব ৰয়েল এনফিল্ডৰ বাইক। দৈনন্দিন জীৱনৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে ৰয়েল এনফিল্ডৰ বাইকো আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব।

অৰ্থাৎ এতিয়া গ্ৰাহকে আমাজনৰ পৰা পোনপটীয়াকৈ ক্লাছিক ৩৫০, হাণ্টাৰ ৩৫০ আৰু বুলেট ৩৫০ৰ দৰে বাইক ক্ৰয় কৰিব পাৰিব। পিছে এই সুবিধা গ্ৰহণৰ পূৰ্বে আপোনাৰ চহৰত এই সেৱা পাবনে, সেয়াও জানিব লাগিব আমাজনৰ পৰা ৰয়েল এনফিল্ড বাইক ক্ৰয়ৰ এই সেৱা দেশৰ ৫ খন চহৰত আৰম্ভ হৈছে।

এতিয়া আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, নতুন দিল্লী আৰু পুনেত আমাজনৰ পৰা কোম্পানীটোৰ বাইক ক্ৰয় কৰিব পাৰিব গ্ৰাহকে আমাজনত বাইক বুকিং কৰাৰ পিছত গ্ৰাহকে নিজৰ পছন্দৰ ডিলাৰশ্বিপৰ পৰা ডেলিভাৰী আৰু আফটাৰ চেলছ সেৱা লাভ কৰিব। বাইকৰ লগতে ৰয়েল এনফিল্ডৰ বিভিন্ন আনুষংগিক সামগ্ৰী আৰু ৰাইডিং গিয়াৰো এই অনলাইন ষ্ট’ৰত উপলব্ধ।

পিছে অসমৰ গ্ৰাহকসকলে এই সেৱা গ্ৰহণ কৰিব পৰাকৈ আমাজনৰ এই সুবিধা উপলব্ধ হোৱা নাই গতিকে অসমৰ গ্ৰাহকসকলে শ্ব’ৰুমৰ পৰাই পছন্দৰ ৰয়েল এনফিল্ডৰ বাইক ক্ৰয় কৰিব লাগিব এতিয়া পাঁচ চহৰত আৰম্ভ কৰা এই সেৱা হয়তো আমাজনে পৰৱৰ্তী সময়ত আন স্থানতো কাৰ্যকৰী কৰিব পাৰে

তেতিয়া হয়তো অসমৰ গ্ৰাহকেও আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক স্বাভাৱিকতেই কোম্পানীসমূহে অনলাইনৰ জৰিয়তে বাহন বিক্ৰীৰ জৰিয়তে ভাৰতীয় বজাৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। ইয়াৰ দ্বাৰা গ্ৰাহকেও পছন্দৰ বাইক ক্ৰয় কৰাত সহজ হৈ পৰিব।

মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত
পান কাৰ্ড হেৰাই গ'লে কি কৰিব? কেনেকৈ পাব ডুপ্লিকেট বা নতুন পান কাৰ্ড? সবিশেষ জানক