বিয়াৰ বাবে লোৱা ঋণ হ’ব পাৰে নেকি জীৱনৰ সমস্যা! আঁৰৰ এইসমূহ দিশ নাজানিলেই চৰম বিপদ…

অৱশ্যে মধ্যবিত্ত শ্ৰেণীৰ বাবে কিছু জাকজমককৈ বিয়াখন পাতিবলৈ ঋণেই একমাত্ৰ বিকল্প হৈ পৰে। ইয়াৰ দ্বাৰা নিজৰ লগতে পৰিয়ালৰ আশা ঠিকেই বাস্তৱায়িত হয়, পিছে আপোনাৰ ক্ৰেডিট স্ক’ৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে। সেই প্ৰভাৱ ইতিবাচক নে নেতিবাচক, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ ওপৰত।

বিয়াৰ বাবে লোৱা ঋণ হ’ব পাৰে নেকি জীৱনৰ সমস্যা! আঁৰৰ এইসমূহ দিশ নাজানিলেই চৰম বিপদ...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

20 Nov 2025 15:14 PM

বৰ্তমান সময়ত বহু লোকে বিয়াৰ খৰচৰ বাবে ব্যক্তিগত ঋণ বা বিয়াৰ ঋণ লয় অৱশ্যে মধ্যবিত্ত শ্ৰেণীৰ বাবে কিছু জাকজমককৈ বিয়াখন পাতিবলৈ ঋণেই একমাত্ৰ বিকল্প হৈ পৰে ইয়াৰ দ্বাৰা নিজৰ লগতে পৰিয়ালৰ আশা ঠিকেই বাস্তৱায়িত হয়, পিছে আপোনাৰ ক্ৰেডিট স্ক’ৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে। সেই প্ৰভাৱ ইতিবাচক নে নেতিবাচক, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ ওপৰত বিত্তীয় প্ৰিষ্ঠান Radian Finserv প্ৰতিষ্ঠাপক সুমিত শৰ্মাৰ মতে এই ঋণ বিচক্ষণতাৰে পৰিশোধ কৰাসকলৰ বাবে ঋণ বোজা নহয়, উপযোগী হৈ পৰিব পাৰে।

ইতিবাচক প্ৰভাৱঃ

যদি সঠিকভাৱে ঋণ পৰিচালনা কৰা হয়, তেতিয়া এই ঋণে আপোনাৰ ক্ৰেডিট স্ক’ৰ শক্তিশালী কৰিব পাৰে। তেনে ক্ষেত্ৰত কেইবাটাও কথাত গুৰুত্ব দিব লগা হয়

নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ অভ্যাসঃ EMI বাবে auto-debit নিশ্চিতভাৱে অন কৰক। ইয়াৰ ফলত সময়মতে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব আৰু নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ অভ্যাস গঢ়ি উঠিব।

ক্ৰেডিট মিশ্ৰণঃ যদি আপোনাৰ হাতত কেৱল ক্ৰেডিট কাৰ্ড আছে, তেতিয়া ব্যক্তিগত ঋণ যোগ কৰি আপোনাৰ ক্ৰেডিট মিশ্ৰণ উন্নত কৰি লওক।

কম সুতৰ হাৰঃ প্ৰথমে উচ্চ সুতৰ ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সুতৰ খৰচ নিয়ন্ত্ৰণত থাকিব।

নেতিবাচক প্ৰভাৱঃ

বিয়াৰ বাবে লোৱা ঋণৰ পৰিচালনাৰ ক্ষেত্ৰত এক সামান্য ভুলেও আপোনাক ঋণৰ জটিল ফান্দত পেলাব পাৰে। গতিকে ঋণৰ ক্ষেত্ৰত একাধিক কথা এৰাই চলিব লাগে।

একাধিক আবেদনঃ প্ৰতিটো ঋণৰ আবেদনৰ বাবে আপোনাৰ প্ৰফাইলত এক ‘হাৰ্ড ইনকুৱেৰী’ কৰা হয়। কম সময়ৰ ভিতৰতে একাধিক ঋণৰ বাবে আবেদন কৰিলে ক্ৰেডিট স্ক’ৰ সাময়িকভাৱে হ্ৰাস পাব পাৰে।

ঋণৰ বোজা বৃদ্ধিঃ বৃহৎ ব্যক্তিগত ঋণে আপোনাৰ দায়বদ্ধতা বৃদ্ধি কৰে। ফলত ঋণ আৰু আয়ৰ অনুপাত অতি বেছি হ’লে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

EMI মিছঃ যদি আপুনি আপোনাৰ ঋণৰ কিস্তি সময়মতে পৰিশোধ নকৰে, তেতিয়া এই ঋণাত্মক প্ৰভাৱ আপোনাৰ ক্ৰেডিট ৰিপৰ্টত সাত বছৰলৈকে থাকিব পাৰেইয়াৰ ফলত ক্ৰেডিট স্ক’ৰ বেয়া হ’ব পাৰে।

ক্ৰেডিট স্ক’ৰ ভাল কৰি ৰাখিবলৈ কেইবাটাও পদক্ষেপ ল’ব পাৰি। জানো আহক এই বিষয়ে-

ঋণ পৰিশোধ কৰাৰ ক্ষমতাঃ ঋণ লোৱাৰ পূৰ্বেই EMI কেলকুলেটৰ ব্যৱহাৰ কৰি আপোনাৰ মাহিলী খৰচ আৰু আপোনাৰ আয়ৰ লগত সেয়া খাপ খাইছেনে পৰীক্ষা কৰক।

EMI auto-debit ব্যৱস্থাঃ সময়মতে EMI পৰিশোধ কৰাটোৱেই আটাইতকৈ ডাঙৰ সকাহ EMI পৰিশোধৰ তাৰিখ পাহৰিলেও যাতে সমস্যা নহয়, তাৰ বাবে সদায় auto-debit ছেট কৰক।

একাধিক আবেদনঃ একেলগে একাধিক বেংকত আবেদন কৰাটো আৰ্থিক দুৰ্দশাৰ স্পষ্ট ইংগিতইয়াৰ পৰা আঁতৰি থাকক

ক্ৰেডিট ৰিপৰ্টঃ CIBIL, Experianকে ধৰি ক্ৰেডিট ৰিপৰ্ট এজেঞ্চীৰ পৰা নিয়মিতভাৱে আপোনাৰ ক্ৰেডিট ৰিপৰ্ট পৰীক্ষা কৰক।

বিয়াৰ ঋণৰ জৰিয়তে আপোনাৰ ক্ৰেডিট স্ক’ৰৰ কেতিয়াও প্ৰত্যক্ষ ক্ষতি নহয়। বৰঞ্চ সঠিক আৰ্থিক অনুশাসন বজাই ৰাখিলে আপোনাৰ আৰ্থিক বিশ্বাসযোগ্যতা বৃদ্ধি পাব।

ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত
সাৱধান! পাকঘৰৰ এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ, জানক...
কেৱল সুৰা নহয়! এই ৫ বিধ পানীয়ই নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক...
প্ৰিয়জনক জন্মদিনত ভুলতো নিদিব এই উপহাৰ! কিয় জানক...