মাহে ১০ হাজাৰ টকাকৈ জমা কৰিলে ১ কোটি টকা হ’বলৈ কিমান দিন লাগিব?

শৃংখলাবদ্ধ আৰু ধৈৰ্যৰে বিনিয়োগ কৰিলে সময়ৰ লগে লগে বিশাল পৰিমাণৰ ধন জমা কৰা সম্ভৱ হয়। কিন্তু মাহে ১০ হাজাৰ টকা সঞ্চয় কৰি কোটিপতি হ’ব পাৰিবনে?

মাহে ১০ হাজাৰ টকাকৈ জমা কৰিলে ১ কোটি টকা হবলৈ কিমান দিন লাগিব?

প্ৰতীকী ফটো

Published: 

28 Jul 2025 15:08 PM

SIP বা চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হৈছে এনে এটা বিনিয়োগ। ইয়াত শৃংখলাবদ্ধ আৰু ধৈৰ্যৰে বিনিয়োগ কৰিলে সময়ৰ লগে লগে বিশাল পৰিমাণৰ ধন জমা কৰা সম্ভৱ হয়। কিন্তু এই ক্ষেত্ৰত সুত বৃদ্ধিৰ কথা থাকে। গতিকে বিনিয়োগত বহু সময় খৰচ কৰিবলগীয়া হয়। কিন্তু মাহে ১০ হাজাৰ টকা সঞ্চয় কৰি কোটিপতি হ’ব পাৰিবনে? এই অংকটো এনেধৰণৰ-

ধৰক, আপুনি আপোনাৰ সকলো টকা বেংকৰ চেভিংছ একাউণ্টত জমা ৰাখিছে। কিয়নো আপুনি যদি ইয়াক আন ঠাইত জমা ৰাখে তেন্তে ই অতি ৰিস্কি হ’ব। গতিকে ৰিস্ক ল’ব নিবিচাৰি আপুনি চেভিংছ একাউণ্টৰ ওপৰত নিৰ্ভৰ কৰিছে। সেই অনুসৰি বেংকত আপুনি মাহিলী ১০ হাজাৰ টকাকৈ জমা ৰাখিলে ৪০ বছৰৰ পিছত এই টকা প্ৰায় ৯০ লাখ টকালৈ বৃদ্ধি পাব।

যদি আপুনি এটা ফিক্সড ডিপ’জিট একাউণ্ট খুলি তাত টকা জমা কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ফিক্সড ডিপ’জিটৰ সুতৰ হাৰত ১ কোটি টকা জমা হ’বলৈ প্ৰায় ৩০ বছৰ লাগিব। এতিয়া আপুনি অলপ বেছি ৰিস্ক লৈ কোনো লাৰ্জ কেপ মিউচুৱেল ফাণ্ডত SIP কৰে। সেই পুঁজিৰ সুতৰ হাৰ ১২ শতাংশ হ’লে ১ কোটি টকা হ’বলৈ ২০ বছৰ লাগিব৷

এই বিনিয়োগ যদি লাৰ্জ কেপ, মিড কেপ আৰু স্মল কেপ ফাণ্ডত অলপ বেছি ৰিস্কৰ সৈতে কৰা হয়, তেন্তে ১ কোটি টকাৰ ৰিটাৰ্ণ পাবলৈ কিমান সময় লাগিব জানেনে? তথ্য অনুসৰি ১ কোটি টকাৰ ৰিটাৰ্ণ পাবলৈ প্ৰায় ১৭ বছৰ সময় লাগিব।

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমীয়াই বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ বিষয়ে এটা সিদ্ধান্ত লওক।

ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...