পেট্ৰ’ল পাম্পত তেল ভৰাওঁতে মানি চলক এইকেইটা নিয়ম, কেতিয়াও ঠগিব নোৱাৰে আপোনাক…

পেট্ৰ'ল পাম্পে যদি আপোনাক প্ৰতাৰণা কৰে তেন্তে আপুনিও অভিযোগ দাখিল কৰিব পাৰে। পেট্ৰ'ল পাম্পৰ বাবে ভাৰত পেট্ৰ'লিয়াম, হিন্দুস্তান পেট্ৰ'লিয়াম আৰু ইণ্ডিয়ান অইলৰ সুকীয়া হেল্পলাইন নম্বৰ আছে। সেই নম্বৰটো আপুনি গুগলত চাৰ্চ কৰিলেই বিচাৰি পাব।

পেট্ৰল পাম্পত তেল ভৰাওঁতে মানি চলক এইকেইটা নিয়ম, কেতিয়াও ঠগিব নোৱাৰে আপোনাক...

পেট্ৰ'ল পাম্প

Published: 

15 Jul 2025 18:46 PM

তেল ডিপোত পেট্ৰ’ল বা ডিজেল ভৰাওঁতে ঠগ নোখোৱা ভাগ্যৱান লোক খুব কমেইহ থাকে। ডিপোত তেল ভৰোৱাৰ সময়ত বহু ডিপো কৰ্মীয়ে ইন্ধন মিটাৰ পৰীক্ষা কৰিবলৈ কয়। তাৰ পিছত তেল ভৰাবলৈ আৰম্ভ কৰে। কিন্তু ইয়াতো বহুতে ঠগ খোৱাৰ শংকা থাকে। অৱশ্যে এটা উপায় আছে। এই পদ্ধতি অনুসৰণ কৰিলে ডিপোত তেল কিনাৰ সময়ত কোনেও আপোনাক ঠগিব নোৱাৰে।

সাধাৰণতে আমি যেতিয়া তেল কিনো তেতিয়া কওঁ, “৫০০ টকাৰ তেল দিয়ক বা ২০০ টকাৰ তেল দিয়ক।” তাৰ পিছত পাম্পৰ ষ্টাফে আমাক তেল দিয়ে। সাধাৰণভাৱে ক’বলৈ গ’লে ইয়াত প্ৰতাৰণা কৰাৰ কোনো স্থান নাই। কিন্তু ইয়াতো বহুতে ঠগ খায়। যদি মিটাৰৰ ৰিডিং শূন্যৰ পৰা আৰম্ভ হয় আৰু ১/২/৩ ৰ পৰিৱৰ্তে পোনেই ৬ বা ৭ লৈ যায়, তেন্তে আমি বুজিব লাগে যে কিবা এটা সমস্যা আছে।

বহু ক্ষেত্ৰত তেলৰ পৰিমাণ পাম্প মেচিনত নিৰ্ধাৰণ কৰা হয়। ফলত ১০০, ২০০ বা ৫০০ টকাৰ তেল ভৰালেই গণ্ডগোলটো লাগে। এই ধৰণৰ প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ আপুনি টকাৰ সলনি লিটাৰ জোখত তেল ভৰাব পাৰে। ইয়াৰ ফলত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা কিছু পৰিমাণে হ্ৰাস পায়। পেট্ৰ’লৰ দাম নগদ ধন দিয়াৰ পৰিৱৰ্তে ইউ পি আই বা কাৰ্ডৰ জৰিয়তে দিব পাৰিব। তেতিয়া খুচুৰা বিক্ৰীৰ সমস্যা আৰু নাথাকে।

পেট্ৰ’ল পাম্পে যদি আপোনাক প্ৰতাৰণা কৰে তেন্তে আপুনিও অভিযোগ দাখিল কৰিব পাৰে। পেট্ৰ’ল পাম্পৰ বাবে ভাৰত পেট্ৰ’লিয়াম, হিন্দুস্তান পেট্ৰ’লিয়াম আৰু ইণ্ডিয়ান অইলৰ সুকীয়া হেল্পলাইন নম্বৰ আছে। সেই নম্বৰটো আপুনি গুগলত চাৰ্চ কৰিলেই বিচাৰি পাব। যদি আপুনি প্ৰতাৰণাৰ সন্মুখীন হয়, তেন্তে সেই নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব।

লগতে পঢ়ক: ৫০ দিনৰ ভিতৰত যুদ্ধ শেষ নকৰিলে…ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?