ধন কৰ্তনৰ পিছতো আপোনাৰ PF একাউণ্টত জমা হোৱা নাই নেকি? কি কৰিব আপুনি, জানিবলৈ চাওক

যদি কোনো ব্যক্তিয়ে অৱসৰৰ পিছত হঠাতে গম পায় যে তেওঁৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধনৰ বহুখিনি জমা হোৱা নাই, তেতিয়া কি হ’ব? সাম্প্ৰতিক সময়ত এনে কিছুমান ঘটনাৰ তথ্য পোহৰলৈ আহিছে, এনে পৰিস্থিতিত প্ৰভিডেণ্ট ফাণ্ডক কেন্দ্ৰ কৰি এনেধৰণৰ আশংকা প্ৰকাশ পাইছে।

ধন কৰ্তনৰ পিছতো আপোনাৰ PF একাউণ্টত জমা হোৱা নাই নেকি? কি কৰিব আপুনি, জানিবলৈ চাওক

PF একাউণ্টত ধন জমা নহ’লে কি কৰিব!

Published: 

22 Jul 2025 21:58 PM

দেশৰ লাখ লাখ মানুহৰ ভৱিষ্যতৰ সঞ্চয় পি এফ বা প্ৰভিডেণ্ট ফাণ্ড। যদি কোনো ব্যক্তিয়ে অৱসৰৰ পিছত হঠাতে গম পায় যে তেওঁৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধনৰ বহুখিনি জমা হোৱা নাই, তেতিয়া কি হ’ব? সাম্প্ৰতিক সময়ত এনে কিছুমান ঘটনাৰ তথ্য পোহৰলৈ আহিছে, এনে পৰিস্থিতিত প্ৰভিডেণ্ট ফাণ্ডক কেন্দ্ৰ কৰি এনেধৰণৰ আশংকা প্ৰকাশ পাইছে। তথ্য অনুসৰি ২০২৩-২৪ চনত প্ৰায় ২৫,৮২০ কোটি টকা ইপিএফঅ’ত জমা হোৱা নাছিল।

এইপৰ্যন্ত প্ৰভিডেণ্ট ফাণ্ডত ধন জমা নোহোৱাৰ ক্ষেত্ৰত এই পৰিমাণ হৈছে সৰ্বোচ্চ। শতাংশ হিচাপত ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত এই সংখ্যা বৃদ্ধি পাইছে প্ৰায় ৭০ শতাংশ। কিন্তু কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত এই ধনৰাশি কিয় জমা নহয়? সূত্ৰৰ পৰা জানিব পৰা মতে, এনেবোৰ ঘটনা কেইবাটাও কাৰণত হ’ব পাৰে

এনে কাৰণসমূহৰ ভিতৰত কোম্পানীসমূহৰ আৰ্থিক সংকট, কোম্পানীৰ কামত যিকোনো ধৰণৰ সমস্যা বা হঠাতে কোম্পানী বন্ধ হোৱা আদি অন্যতম। যদি নিয়োগকাৰী কোম্পানীয়ে পিএফৰ ধন জমা নকৰে তেতিয়া স্বাভাৱিকতেই কৰ্মচাৰীসকলে সমস্যাৰ সন্মুখীন হ’ব। গতিকে এইক্ষেত্ৰত কৰ্মচাৰীসকল সাৱধান হোৱা অত্যন্ত প্ৰয়োজনীয়।

আপোনাৰ পি এফৰ ধন জমা হৈছে নে নাই, সেয়া কেনেকৈ জানিব? তাৰ বাবে প্ৰতিমাহে ইপিএফ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব লাগিব বা পাছবুক চাব লাগিব। কোনো কাৰণত যদি আপোনাৰ প্ৰভিডেণ্ট ফাণ্ডত টকা জমা নহয়, তেতিয়া একাউণ্টৰ বেলেঞ্চ পৰীক্ষণৰ সময়তেই ধৰা পৰিব। যদি ধন জমা নহয়, তেতিয়া কি কৰিব?

কৰ্মচাৰীসকলৰ লগত যাতে এনেকুৱা পৰিস্থিতি নহয়, তাৰ বাবে ইপিএফঅ’ই কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আপুনি ইপিএফঅ’ত অভিযোগ দাখিল কৰিব পাৰে। আনকি শ্ৰমিক আদালত বা গ্ৰাহক আদালততো অভিযোগ দাখিল কৰিব পাৰে। যদি আপোনাৰ অভিযোগে মান্যতা পায়, তেতিয়া ইপিএফ আইনৰ অধীনত নিয়োগকাৰী কোম্পানীটো জৰিমনাকে ধৰি একাধিক শাস্তিৰ সন্মুখীন হ’ব পাৰে।

মূৰত কিয় খজুৱতি হয়? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ!
কেৱল জ্বৰ নহয়, মেলেৰিয়াত আক্ৰান্ত হ'লে এইবোৰ লক্ষণেও দেখা দিয়ে
জিভাৰ বগা আৱৰণ লুকাই থকা স্বাস্থ্যজনিত সমস্যা লক্ষণ হ’ব পাৰে, আওকাণ নকৰিব
মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগসমূহৰ প্ৰাৰম্ভিক লক্ষণ, আওকাণ নকৰি এতিয়াই হওক সাৱধান