Anil Ambani: বিপদত অনিল আম্বানী! ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতি কেনেকৈ?

Anil Ambani: ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত ৩ দিনত ৫০ টাতকৈও অধিক স্থানত তালাচী চলোৱা হয়। অনিল আম্বানী গ্ৰুপ অৱ কোম্পানীৰ কেইবাজনো কাৰ্যবাহীকে ধৰি ২৫জন লোকৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলায়।

Anil Ambani: বিপদত অনিল আম্বানী! ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতি কেনেকৈ?

বিপদত অনিল আম্বানী!

Published: 

02 Aug 2025 14:43 PM

প্ৰথমে অনুসন্ধান, তাৰ পিছত চমন। উদ্যোগপতি অনিল আম্বানীক ED (Enforcement Directorate) জাৰি কৰিছে চমন। তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। বিগত এসপ্তাহত ইডিয়ে তেওঁৰ বিভিন্ন কাৰ্যালয়ত কেইবাবাৰো অভিযান চলায়। কিন্তু এইবাৰ জেৰাৰ বাবে মাতিছে তেওঁক।

ইডিৰ সূত্ৰ অনুসৰি, অহা ৫ আগষ্টত নতুন দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ অনিল আম্বানীক কোৱা হৈছে।

বিগত ২৪ জুলাইৰ পৰা অনিল আম্বানীৰ বিভিন্ন কাৰ্যালয়ত ইডিয়ে চলাই তালাচী। য়েছ বেংকৰ ঋণৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ঋণ পোৱাৰ ঠিক আগতে আম্বানী আৰু বেংকৰ বিষয়াৰ মাজত ধনৰ লেনদেন হোৱা বুলিও অভিযোগ উঠিছে।

PMLAৰ অধীনত তিনিদিনত ৫০টাতকৈও অধিক স্থানত অনুসন্ধান চলোৱা হয়। অনিল আম্বানী গ্ৰুপ অৱ কোম্পানীৰ কেইবাজনো কাৰ্যবাহীকে ধৰি ২৫জন লোকৰ ঘৰ আৰু কাৰ্যালয়তো তালাচী চলে।

ইডিৰ সূত্ৰ অনুসৰি ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত য়েছ বেংকৰ পৰা আম্বানী গ্ৰুপ অৱ কোম্পানীক ৩ হাজাৰ কোটি টকাৰ অবৈধ ঋণ প্ৰদান কৰা হৈছে। মুঠ ঋণৰ পৰিমাণ আছিল ১৭ হাজাৰ কোটি টকা। সেই ধন পুনৰ বিভিন্ন শ্বেল কোম্পানীলৈ প্ৰেৰণ কৰা হৈছিল। এই ঋণ অনুমোদন পোৱাৰ আগতে বেংকৰ প্ৰমোটাৰসকলে বহু ধন লাভ কৰিছিল।

মহিলাসকলৰ বেছি প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়?
নিশা আপুনিও থাকে নেকি উজাগৰে? সাৱধান, টোপনিৰ অভাৱত হ’ব পাৰে এনে ভয়ানক সমস্যা
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক