Dynamic Pricing: ভ্ৰমণৰ সময় ওচৰ চাপি অহাৰ লগে লগে কিয় টিকটৰ মূল্য বৃদ্ধি পায়?

Ticket Price Hike: বিমান সংস্থা বা আই আৰ চি টি চিয়ে আচলতে ডাইনামিক প্ৰাইচিং নামৰ এটা জটিল প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰ অধীনত কোম্পানীসমূহে প্ৰতিখন বিমান বা প্ৰিমিয়াম ট্ৰেইনৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে।

Dynamic Pricing: ভ্ৰমণৰ সময় ওচৰ চাপি অহাৰ লগে লগে কিয় টিকটৰ মূল্য বৃদ্ধি পায়?

টিকটৰ মূল্য বৃদ্ধি পায়?

Updated On: 

11 Oct 2025 14:13 PM

হঠাৎ বিমান বা ৰে’লযোগে ক’ৰবালৈ গ’লে টিকটৰ মূল্য যথেষ্ঠ বৃদ্ধি দেখা যায়। কিন্তু টিকটৰ মূল্যৰ এনে পৰিৱৰ্তন কিয়? বিমান সংস্থা বা আই আৰ চি টি চিয়ে আচলতে ডাইনামিক প্ৰাইচিং নামৰ এটা জটিল প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰ অধীনত কোম্পানীসমূহে প্ৰতিখন বিমান বা প্ৰিমিয়াম ট্ৰেইনৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰে। এই কামত আই আৰ চি টি চি বা বিমান সংস্থাসমূহক ৰাজহ সংগ্ৰহত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সহায় কৰা হয়।

মূল্য নিৰ্ধাৰণৰ পাঁচটা মূল নীতি

  1. আই আৰ চি টি চি বা বিমান সংস্থাসমূহে অনুসৰণ কৰা এলগৰিদমে চাহিদা আৰু যোগানৰ মাজত ভাৰসাম্য ৰক্ষা কৰে
  2. যাত্ৰাৰ বহু আগতেই বুকিং কৰিলে টিকটৰ দাম সাধাৰণতে কম হয়। যাত্ৰাৰ দিনটোৰ যিমানেই ওচৰ চাপিব সিমানেই দাম বেছি।
  3. যদি আশা কৰাতকৈ বেছি দ্ৰুতগতিত টিকট বিক্ৰী হৈ যায়, তেন্তে এআইয়ে স্বয়ংক্ৰিয়ভাৱে আসনৰ দাম বৃদ্ধি কৰে।
  4. কৃত্ৰিম বুদ্ধিমত্তাই একেটা গন্তব্যস্থানলৈ আন কোম্পানীয়ে আগবঢ়োৱা টিকটৰ দাম নিৰীক্ষণ কৰে। প্ৰতিযোগিতামূলক হৈ থাকিবলৈ সময়ৰ লগে লগে বিমানৰ টিকটৰ দাম সলনি হয়।
  5. আসনসমূহো প্ৰয়োজন অনুসৰি বিভিন্ন মূল্যত ভাগ কৰা হয়। সৰ্বাধিক লাভৰ বাবে কোনটো মূল্যত কিমানখন আসন বিক্ৰী কৰা হ’ব সেইটো এই ব্যৱস্থাই নিৰ্ধাৰণ কৰে।
  6. উৎসৱ বা বন্ধৰ দিনত টিকটৰ চাহিদা বৃদ্ধি পায়। আৰু চাহিদা বৃদ্ধিৰ লগে লগে অৰ্থনীতিৰ নিয়ম অনুসৰি টিকটৰ দামও বৃদ্ধি পায়।

এআইয়ে এই কাম কেনেকৈ কৰে?

বিমান সংস্থা বা আই আৰ চি টি চিয়ে ৰিইনফৰ্চমেণ্ট লাৰ্নিং মডেল ব্যৱহাৰ কৰে। সহজ ভাষাত ক’বলৈ গ’লে কৃত্ৰিম বুদ্ধিমত্তাই হৈছে পৰীক্ষা-নিৰীক্ষা পদ্ধতিৰ জৰিয়তে অহৰহ চাই থাকে। এই মুহূৰ্তত টিকট বিক্ৰী কৰি লাভ কৰিব পৰা সৰ্বোত্তম মূল্য হিচাপ কৰিবলৈ চেষ্টা কৰে এআইয়ে। গতিকে যেতিয়াই টিকট কিনিবলৈ যায় তেতিয়াই এটা কথা মনত ৰাখিব লাগিব। এআইয়ে অহৰহ চাই থাকে। গতিকে সস্তীয়া টিকট ল’ব বিচাৰিলে নিজে সাৱধান হওক।

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক