8th Pay Commission: ডাঙৰ আপডেট ! অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বাঢ়িবনে ?

চৰকাৰী কৰ্মচাৰীৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন। প্ৰশ্নটো হৈছে, অৱসৰৰ পিছত তেওঁলোকে নতুন পে কমিছনৰ পৰা লাভৱান হ’বনে? নে পুৰণি দৰমহাৰ স্কেলৰ ভিত্তিত তেওঁলোকে পেঞ্চন লাভ কৰি থাকিব?

8th Pay Commission: ডাঙৰ আপডেট ! অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বাঢ়িবনে ?
Updated On: 

21 Dec 2025 10:23 AM

নতুন বছৰৰ আগমনৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। এই উত্তেজনাৰ কাৰণ হৈছে অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰী। চলিত বৰ্ষত অৱসৰ লোৱা বা অনাগত কেইদিনমানৰ ভিতৰত অৱসৰ ল’বলৈ ওলোৱা হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন। প্ৰশ্নটো হৈছে, অৱসৰৰ পিছত তেওঁলোকে নতুন পে কমিছনৰ পৰা লাভৱান হ’বনে? নে পুৰণি দৰমহাৰ স্কেলৰ ভিত্তিত তেওঁলোকে পেঞ্চন লাভ কৰি থাকিব?

প্ৰায়ে বিশ্বাস কৰা হয় যে, এবাৰ অৱসৰ ল’লে পে কমিছনৰ পৰিৱৰ্তনৰ প্ৰভাৱ হেৰাই যায়, কিন্তু বাস্তৱতা বেলেগ। যদি আপুনি ২০২৫ চনত অৱসৰ ল’ব, তেন্তে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। বিত্ত মন্ত্ৰালয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিছে। অৰ্থাৎ ২০২৭ চনৰ মাজভাগলৈকে আয়োগৰ পৰামৰ্শ সাজু হ’ব আৰু ২০২৮ চনৰ ভিতৰত চৰকাৰে সেইবোৰ কাৰ্যকৰী কৰিব পাৰিব।

কাৰ্যকৰী কৰিবলৈ সময় লাগিব পাৰে যদিও ২০২৫ চনত অৱসৰ লোৱা কৰ্মচাৰীসকলক এই পৰিসৰৰ পৰা বাদ দিয়া নহ’ব। অষ্টম দৰমহা আয়োগৰ সুবিধাসমূহ কেৱল বৰ্তমানৰ কৰ্মচাৰীৰ দৰমহাতে নহয়, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। অৰ্থাৎ আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হ’লে আপোনাৰ পেঞ্চনও যথেষ্ট বৃদ্ধি পাব।

এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত গুৰুত্ব দিওঁ, যিটোৱে আটাইতকৈ বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়া হৈছে বকেয়া। ধৰি লওক আপুনি ২০২৫ চনত অৱসৰ লয় আৰু ২০২৮ চনত অষ্টম পে কমিছন কাৰ্যকৰী হয়। চৰকাৰী নিয়ম আৰু পূৰ্বৰ পে কমিচনৰ ট্ৰেণ্ডৰ ভিত্তিত যেতিয়াই নতুন পে কমিচন কাৰ্যকৰী হয় তেতিয়াই ইয়াৰ গণনা পূৰ্বৰ কমিচনৰ ম্যাদ উকলি যোৱাৰ তাৰিখৰ ওপৰত ভিত্তি কৰি কৰা হয়।

অৰ্থাৎ ২০২৬ চনৰ পৰা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ মাজৰ সময়ছোৱাৰ বাবে আপুনি সমগ্ৰ ধন বকেয়া হিচাপে লাভ কৰিব। লাখ লাখ টকা হ’ব পৰা এই ধনৰাশি এবাৰতে আপোনাৰ বেংক একাউণ্টত জমা হ’ব। আপোনাৰ পেঞ্চন বৃদ্ধিৰ ওপৰত ভিত্তি কৰি বকেয়া হিচাপ কৰা হ’ব। চৰকাৰে এই ধন পোনপটীয়াকৈ পেঞ্চনাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব, যাৰ ফলত আপুনি যিকোনো কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাথাকিব।

ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
যকৃত বিকল হ’লে শৰীৰত কি কি পৰিৱৰ্তন দেখা যায়? সবিশেষ জানক
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...