ডিগবৈত কিয় যান-বাহন আৰক্ষীৰ ৰূপত দেখা গ’ল জুবিন গাৰ্গক…?

তিনিচুকীয়াৰ ডিগবৈৰ ৰাজপথত হঠাতে যান-বাহন আৰক্ষীৰ ৰূপত দেখা হ'ল হাটৰ্থ্ৰব জুবিন গাৰ্গক । নিজে ৰাজপথৰ যান-জঁট আঁৰবলৈ চেষ্টা কৰিলে জুবিন গাৰ্গে ।

ডিগবৈত কিয় যান-বাহন আৰক্ষীৰ ৰূপত দেখা গল জুবিন গাৰ্গক...?

জুবিন গাৰ্গ

Updated On: 

29 Dec 2024 | 10:26 AM

তিনিচুকীয়া ৰাজপথত যান-বাহন আৰক্ষীৰ ৰূপত দেখা হ’ল হাটৰ্থ্ৰব জুবিন গাৰ্গক । নিজে ৰাজপথৰ যান-জঁট আঁৰবলৈ চেষ্টা কৰিলে জুবিন গাৰ্গে । ইফালে হঠাৎ ৰাজপথত হাটৰ্থ্ৰব জুবিন গাৰ্গক দেখা পাই শতাধিক জনতাই ৰাজপথ ভিৰ কৰাৰো পৰিলক্ষিত হয় । পিছে কিয় যান-বাহন আৰক্ষীৰ কাৰ্য জুবিন গাৰ্গে কৰিবলগীয়া হ’ল ? জুবিন গাৰ্গে ৰাজপথৰ যান-জঁট আঁৰবলৈ চেষ্টা কৰাৰ সময়ত কেনেধৰণৰ পৰিস্থিতি হয় ? এই ধৰণৰ প্ৰশ্ন হয়তো আপোনাৰো মনত উত্থাপন হৈছে ।

সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে আবেলি ডিগবৈ ১ নং গোলাইত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোত নিমিষতে জাহ যায় ১০ টাতকৈ অধিক বাসগৃহ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বিধ্বংসী অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ।

অগ্নি নিৰ্বাপন কৰাৰ সময়তে কাষৰীয়া ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । তেনে সময়তে সেই পথেদি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা মহাৰজত জয়ন্তী সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি আছিল জুবিন গাৰ্গ ।

গোলাইত সংঘটিত অগ্নিকাণ্ডৰ ফলত পথত হোৱা তীব্ৰ যান-জঁটৰ বাবে আবদ্ধ হৈ পৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গসহ দ’লৰ বাহন। বাহন আৱদ্ধ হৈ পৰাত জুবিন গাৰ্গৰ লগতে দলটোৱে বাহনৰ পৰা নামি ৰাজপথত যান-বাহন আৰক্ষীৰ দৰে দায়িত্ব পালন কৰে। জুবিন গাৰ্গৰ শেহতীয়া এনে কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে ইয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে, অগ্নিকাণ্ডৰ সন্দৰ্ভত স্থানীয় লোকে কয় যে, অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । জানিবলৈ দিয়া অনুসৰি, এই বিধ্বংসী অগ্নিকাণ্ড ১২ পৰা ১৫ টা ঘৰ ভস্মীভূত হৈছে । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...