কেৱল ফেষ্টিভেলৰ বাবে নহয়, জিৰণি ল’বৰ বাবেহে ছিংগাপুৰলৈ গৈছিল জুবিন: শ্যামকানু মহন্ত

কেৱল নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গ। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱাৰ এক সাক্ষাৎকাৰত স্পষ্টীকৰণ দিছে নৰ্থ ইষ্ট ফেষ্টিভেল মুখ্য আয়োজক শ্যামকানু মহন্তই।

কেৱল ফেষ্টিভেলৰ বাবে নহয়, জিৰণি লবৰ বাবেহে ছিংগাপুৰলৈ গৈছিল জুবিন: শ্যামকানু মহন্ত

শ্যামকানু মহন্ত

Published: 

21 Sep 2025 | 02:44 PM

মূলতঃ জিৰণি ল’বলৈ আৰু অসম সমাজৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। কেৱল নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গ। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱাৰ এক সাক্ষাৎকাৰত স্পষ্টীকৰণ দিছে নৰ্থ ইষ্ট ফেষ্টিভেল মুখ্য আয়োজক শ্যামকানু মহন্তই।

জুবিনৰ মৃত্যুৰ পাছত ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অনুৰাগী। ছিংগাপুৰত প্ৰিয় শিল্পীগৰাকী লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰি থকা অৱস্থাত অসুস্থ হৈ পৰে আৰু চিকিৎসালয়ত অকাল মৃত্যুক সাৱতি লয়।

ছিংগাপুৰৰ পৰা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত মহন্তই কয়,”জুবিনে মহোৎসৱৰ আয়োজক দলটোক জনাইছিল যে তেওঁ ছিংগাপুৰলৈ যাব বিচাৰে আৰু আমি তেওঁক হোটেলত থকাৰ ব্যৱস্থা কৰিছিলো। কেৱল উৎসৱৰ বাবে তেওঁ অহা নাছিল; তেওঁ ছিংগাপুৰত থকা অসম সমাজৰ সদস্যসকলৰ সৈতেও পৰিকল্পনা কৰিছিল।”

মহন্তৰ মতে, জুবিন গাৰ্গে ছিংগাপুৰত উপস্থিত হোৱাৰ আগতেই স্থানীয় স্থানসমূহ অন্বেষণ, জিৰণি আৰু মানুহৰ সৈতে মত বিনিময় কৰাৰ বাবে অসম সমাজৰ সৈতে যোগাযোগ কৰিছিল । তেওঁ লগতে কয়,”তেওঁ সম্পূৰ্ণ অনুষ্ঠান পৰিবেশন কৰাৰ কথা নাছিল যদিও তেওঁ মানুহক লগ পাব বিচাৰিছিল আৰু তেওঁলোকৰ বাবে কেইটামান গীত গাব বিচাৰিছিল।”

জুবিন গাৰ্গে এটা সৰু দললৈ ছিংগাপুৰলৈ যাত্ৰা কৰিছিল। লগত আছিল সন্দীপন গাৰ্গ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সংগী শেখৰ জ্যোতি গোস্বামী। জুবিন গাৰ্গে এই ভ্ৰমণ নিজ ইচ্ছাৰে কৰিছিল বুলি কয় শ্যামকানু মহন্তই।

উদ্যোক্তাগৰাকীয়ে লগতে স্পষ্টীকৰণ দিছে যে, জুবিন গাৰ্গ আৰু তেওঁৰ সহযোগীসকলে অসম সমাজৰ সদস্যৰ সৈতে ইয়ট ভ্ৰমণলৈ যোৱা কথা মহোৎসৱৰ আয়োজকে জনা নাছিল। মহন্তই কয়,”আমি ঘটনাস্থলীৰ পৰা বহু দূৰৈৰ এখন হোটেলত অংশীদাৰসকলৰ সৈতে ব্যৱসায়িক বৈঠকত ব্যস্ত আছিলো আৰু আমি খবৰ পোৱাৰ লগে লগে ছিংগাপুৰৰ জেনেৰেল হাস্পতাললৈ গৈছিলোঁ।”

শ্যামকানু মহন্তই নৰ্থ-ইষ্ট ইণ্ডিয়া ফেচষ্টিভেল এটা বাণিজ্যিক অনুষ্ঠান বুলি কৰা দাবীকো খণ্ডন কৰে। “উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা, অঞ্চলটোৰ উদ্যোগ, বাণিজ্য, পৰ্যটন আৰু কৃষিজাত সামগ্ৰীৰ প্ৰচাৰৰ লক্ষ্যৰে এই মহোৎসৱৰ অনুষ্ঠিত কৰা হয়। থাইলেণ্ডত মহোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত বেংকক আৰু গুৱাহাটীৰ মাজত পোনপটীয়া বিমান সেৱাৰ শুভাৰম্ভ কৰা হৈছে।” এইদৰে কয় শ্যামকানু মহন্তই।

মহন্তই সামৰণিত কয়, “জুবিন গাৰ্গে সদায় নিজ ইচ্ছাৰে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, সেয়া ভাৰতত হওক বা বিদেশতেই হওক। তেওঁ অনুভৱ কৰিছিল যে, উত্তৰ-পূবৰ এজন বিশিষ্ট ব্যক্তি হিচাপে, সকলো মঞ্চতে অঞ্চলটোক ইতিবাচকভাৱে প্ৰতিনিধিত্ব কৰাটো তেওঁৰ কৰ্তব্য।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব