ভাৰতত ধ্ৰুপদী ভাষা সংস্কৃতহে, অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই: ধ্ৰুপদী ভাষাক লৈ জুবিনৰ মন্তব্য…
জুবিন গাৰ্গে কয়, "অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই। এতিয়া ঘোষণা কৰিলে নহ'ব। ভাৰতত ধ্ৰুপদী ভাষা সংস্কৃতহে। পালি-প্ৰাকৃত আৰু সংস্কৃত ভাষাহে ধ্ৰুপদী ভাষা। ধ্ৰুপদী ভাষা দিলেই নহ'ব নহয়, অসমীয়া ভাষা বহুত পিছত অহা ভাষা।"

মাজুলীত পুনৰ জুবিনৰ বিতৰ্কিত মন্তব্য
পুনৰ ধ্ৰুপদী ভাষাক লৈ মন্তব্য প্ৰদান কৰি চৰ্চাত কণ্ঠশিল্পী জুবিন গাৰ্গ। অসমীয়া ধ্ৰুপদী ভাষা হ’ব নোৱাৰে বুলি ক’লে জুবিন গাৰ্গে। জুবিনৰ মতে, পালি-প্ৰাকৃত আৰু সংস্কৃত ভাষাহে ধ্ৰুপদী ভাষা।
এতিয়ালৈ অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই বুলি উল্লেখ কৰে কণ্ঠশিল্পীগৰাকীয়ে।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি জুবিন গাৰ্গে কয়, “অসমীয়া ভাষাৰ ২০০ বছৰো হোৱা নাই। এতিয়া ঘোষণা কৰিলে নহ’ব। ভাৰতত ধ্ৰুপদী ভাষা সংস্কৃতহে। পালি-প্ৰাকৃত আৰু সংস্কৃত ভাষাহে ধ্ৰুপদী ভাষা। ধ্ৰুপদী ভাষা দিলেই নহ’ব নহয়, অসমীয়া ভাষা বহুত পিছত অহা ভাষা।”
জুবিনৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা। বিভিন্ন লোকে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিছুমানে যদি জুবিনক সমৰ্থন কৰিছে, কিছুমান আকৌ ইয়াক সমালোচনা কৰিছে। কিছুমানৰ মতে জুবিনৰ ভুল হৈছে। অসমীয়া ভাষাটো ১২০০ বছৰ পুৰণি। ভাস্কৰ বৰ্মনৰ যুগৰ তাম্ৰলিপিত আছিল অসমীয়া ভাষা। যাব বাবে অসমীয়া ভাষা ধ্ৰুপদী হ’ল।
ইয়াৰ পূৰ্বেও অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনে। তেতিয়া তেওঁ কৈছিল- “অসমীয়া ভাষাক নতুনকৈ স্বীকৃতি দিবলৈ কি আছে।
মই ইমানবোৰ অসমীয়া গান গালো, অসমীয়াতেই গালো, মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি? ভাৰতৰ সকলো ভাষাৰ উৎপত্তিৰ মূল সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষা। ভাৰতৰ এটাই ধ্ৰুপদী ভাষা আছে, সেইটো সংস্কৃত ভাষা । আমাক ভাৰত চৰকাৰে কি দিছে? আমি চব দি আছোঁ। আমি গঁড় দিছোঁ, তেল দিছোঁ আৰু জুবিন গাৰ্গ দিছোঁ।”
শনিবাৰে নিশা দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কে শিল্পী সমাজে। প্ৰতিবাদত বহিছিল জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ লগতে ৰাজ্যৰ বহু শিল্পী। গীত মাতেৰে প্ৰতিবাদ শিল্পী সমাজৰ। এই সময়তে সাংবাদিৰ আগত ধ্ৰুপদী ভাষাক লৈ মন্তব্য প্ৰদান কৰে জুবিনে।
উল্লেখ্য যে ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰাৰ লগে লগে অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰাৰ পাছতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এক টুইট যোগে অসমীয়া ভাষালৈ এই স্বীকৃতিক এক বিৰল প্ৰাপ্তি আখ্যা দিয়ে। অসমীয়া ভাষাৰ এই অনন্য স্বীকৃতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে অসমবাসীক অভিনন্দন জনায়।
এই স্বীকৃতি উদযাপনৰ বাবে আজিৰে পৰা ৯ নৱেম্বৰলৈ ৰাজ্য ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীলৈ হাজাৰ হাজাৰ পত্ৰ প্ৰেৰণৰ পৰিকল্পনা। ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠান। উপস্থিত আছে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ডা: ৰণোজ পেগু, মন্ত্ৰী অজন্তা নেওগ।