কঠোৰ পৰিশ্ৰম, মন বেয়া! হাস্পাতালৰ বিচনাত কেনে আছে জুবিন গাৰ্গ…

জুবিনে প্ৰতিদিনে প্ৰায় ১৯ ঘন্টা মিউজিকৰ কাম কৰে। ইয়াৰোপৰি ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা দিনৰ পৰা তেওঁৰ মন বেয়া।অত্যাধিক পৰিশ্ৰম, টোপনি ক্ষতি, মন বেয়া আদি কাৰণতো তেওঁৰ এনে হ'ব পাৰে

কঠোৰ পৰিশ্ৰম, মন বেয়া! হাস্পাতালৰ বিচনাত কেনে আছে জুবিন গাৰ্গ...

জুবিন গাৰ্গ

Published: 

28 Jul 2024 17:56 PM

অসুস্থ কণ্ঠশিল্পী জুবিন গাৰ্গ। ছিজাৰ এটেক অহাৰ পাছতে দেওবাৰে পুৱা প্ৰায় ৯ বাজি ১০ মিনিটত মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক। তেওঁ বৰ্তমান নেমকেয়াৰ হাস্পাতালৰ MICU ত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে। শিল্পীগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱাৰ খবৰ লাভ কৰাৰ পাছতেই তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে। সকলোৱে জানিব বিচাৰিছে কেনে আছে জুবিন গাৰ্গ?

জুবিন গাৰ্গৰ অসুস্থতাৰ সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই জনাই যে, “মই জুবিনৰ ওচৰৰ পৰা আহিছো। তেওঁৰ লগত ভালকৈ কথা পাতিলো। বৰ্তমান তেওঁ সুস্থিৰ আছে। মোৰ লগত ভালদৰে কথা পাতিছে। পুৱা ৯ মান বজাত তেওঁ অসুস্থ হৈ পৰিছিল। এনেকুৱা তেওঁৰ আগতেও হৈছে।  চিন্তা কৰিবলগীয়া একো নাই।  যি ঔষধ খাই আছিল সেয়া এদিন খোৱা নাছিল বাবে অসুস্থ হৈ পৰিছিল। সেই ঔষধটো খাই থাকিলে ভালে থাকিব”।

লগতে কয় যে, কেতিয়াবা তেওঁ ঔষধ খাবলৈ পাহৰে। গতিকে কোনোবাই মনত পেলাই থাকিলে ভাল। আজি হাস্পাতালতে ৰখা হ’ব তেওঁক। তেজৰ লগতে আনুষাংগিক পৰীক্ষাসমূহ কৰা হৈছে।  চিকিৎসকৰ এটা দলে তেওঁক চোৱা- চিতা কৰি থাকিব।

কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ তথ্য দি তেওঁৰ বন্ধু জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি যোৱা নিশা জুবিন গাৰ্গ পৰিয়ালৰ সৈতে জোনালীত আছিল।  তেতিয়ালৈকে সকলো ঠিকে আছিল। কিন্তু পুৱা হঠাতে ছিজাৰ এটেক আহে আৰু লগে লগে হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান সুস্থিৰ অৱস্থাত আছে জুবিন গাৰ্গ। চিকিৎসকৰ তত্বৱধানত আছে গাৰ্গ। ইয়াৰ লগতে যাৱতীয় পৰীক্ষা আদিও কৰা হৈছে।

শিল্পীগৰাকীৰ অসুস্থতাৰ কথা জানিব পাৰি কিছু সময় পূৰ্বে হাস্পাতালত উপস্থিত হয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁ কয় যে, “জুবিনৰ শাৰীৰিক স্থিতি সন্দৰ্ভত সবিশেষ চিকিৎসকে জনাব। কিন্তু তেওঁক এতিয়া সুস্থ দেখিছো। প্ৰায় আধা ঘন্টা ধৰি আমি কথা পাতিলো। স্কুল- কলেজৰ পৰা চিনেমালৈ সকলো কথা পাতিলো। ২- ৩ দিনৰ বাবে জিৰণিৰ আৱশ্যক”।

লগতে কয় যে, জুবিনে প্ৰতিদিনে প্ৰায় ১৯ ঘন্টা মিউজিকৰ কাম কৰে। ইয়াৰোপৰি ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা দিনৰ পৰা তেওঁৰ মন বেয়া।অত্যাধিক পৰিশ্ৰম, টোপনি ক্ষতি, মন বেয়া আদি কাৰণতো তেওঁৰ এনে হ’ব পাৰে। বাকী চিকিৎসকে ক’ব। উল্লেখ্য যে, বৰ্তমান চিকিৎসালয়তে আছে জুবিন গাৰ্গ। ২- ৩ দিন পাছত ঘৰলৈ যোৱাৰ অনুমতি দিয়াৰ সম্ভাৱণা আছে। ২০০৩ চনৰ নৱেম্বৰ মাহতো হাস্পাতালত ভৰ্তি হৈছিল জুবিন।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?