চিন্তা নকৰিবঃ হাস্পাতালৰ বিচনাৰ পৰা অনুৰাগীলৈ জুবিনৰ বাৰ্তা…

ইয়াৰ পূৰ্বেও জুবিন গাৰ্গ একেই সমস্যাত হাস্পাতালত ভৰ্তি হৈছিল। এই সন্দৰ্ভত চিকিৎসক হীতেশ বৰুৱাই কয় যে, জুবিনে কেইটামান ঔষধ নিয়মীয়াকৈ খাব লাগে। সেই ঔষধ কিছুদিন খোৱা নাছিল বাবে হঠাতে অসুস্থ হৈ পৰিছিল।

চিন্তা নকৰিবঃ হাস্পাতালৰ বিচনাৰ পৰা অনুৰাগীলৈ জুবিনৰ বাৰ্তা...

জুবিন গাৰ্গ

Published: 

30 Jul 2024 | 12:31 PM

বৰ্তমান গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন কণ্ঠশিল্পী জুবিন গাৰ্গ। দেওবাৰে ছিজাৰ এটেক অহাৰ পাছতেই জুবিনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান জুবিনৰ অৱস্থা সুস্থিৰ যদিও বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁক চোৱা- চিতা কৰি আছে। নেমকেয়াৰ হাস্পাতালৰ চেমি আই চি ইউত চিকিৎসাধীন অৱস্থাত আছে জুবিন গাৰ্গ।

হাস্পাতালত ভৰ্তি হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই জুবিন গাৰ্গৰ অনুৰাগীসকলৰ মাজত উৎকণ্ঠাই দেখা দিছে। সকলোৱে জানিব বিচাৰিছে কেনে আছে জুবিন গাৰ্গ। কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক হীতেশ বৰুৱাই কৈছে যে- বৰ্তমান সুস্থ আছে জুবিন গাৰ্গ। তেওঁক কিছু জিৰণিৰ প্ৰয়োজন হব। অনুৰাগীয়ে ভিৰ কৰিব বুলিহে চেমি আই চি ইউত ৰখা হৈছে। অভিজ্ঞ চিকিৎসকৰ এটা দলে গাৰ্গৰ স্বাস্থ্যত নজৰ দি আছে। শীঘ্ৰেই ঘৰলৈ যাবলৈ দিয়া হব গাৰ্গক।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট কৰিছে জুবিন গাৰ্গে। য’ত জুবিনে লিখেছে- “সকলোকে লগ পাব। চিন্তা নকৰবি, মই এতিয়া ভালে আছো”। ৩১ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক কাৰ্যক্ৰমৰ পোষ্টাৰ শ্বেয়াৰ কৰি এই কথা লিখিছে গাৰ্গে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও জুবিন গাৰ্গ একেই সমস্যাত হাস্পাতালত ভৰ্তি হৈছিল। এই সন্দৰ্ভত চিকিৎসক হীতেশ বৰুৱাই কয় যে, জুবিনে কেইটামান ঔষধ নিয়মীয়াকৈ খাব লাগে। সেই ঔষধ কিছুদিন খোৱা নাছিল বাবে হঠাতে অসুস্থ হৈ পৰিছিল। মাজে মাজে তেওঁ ঔষধ খাবলৈ পাহৰে। গতিকে কোনোবাই মনত পেলাই দিলে ভাল। ঔষধ নিয়মীয়াকৈ খাই থাকিলে সুস্থ হৈ থাকিব বুলি কয় চিকিৎসকগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...