জুবিনৰ মৃত্যু গোচৰৰ তদন্ত সম্পূৰ্ণ, সংবাদমেল SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলোৱা SIT য়ে অহা ১২ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে। ইতিমধ্যে এই গোচৰত তদন্ত প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।

জুবিনৰ মৃত্যু গোচৰৰ তদন্ত সম্পূৰ্ণ, সংবাদমেল SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ
Published: 

06 Dec 2025 | 05:42 PM

কেনেকৈ মৃত্যু হৈছিল অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ? এই প্ৰশ্ন প্ৰত্যেকজন অনুৰাগীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলোৱা SIT য়ে অহা ১২ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে। ইতিমধ্যে এই গোচৰত তদন্ত প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। এই বিষয়ত শনিবাৰে সংবাদমেল সম্বোধন কৰে অপৰাধ তদন্ত বিভাগৰ আৰক্ষী বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই।

সংবাদমেলত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সদৰী কৰে যে, অহা ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰা হ’ব। অপৰাধ তদন্ত বিভাগৰ (চিআইডি) আৰক্ষী বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলত কয়,”তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। সবিশেষ অভিযোগনামাত দিয়া হ’ব।” জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলৰ নেতৃত্ব দিয়া গুপ্তাই কয় যে, এই পৰ্যন্ত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩০০ৰো অধিক সাক্ষ্য লোৱা হৈছে।

উল্লেখ্য যে, তেওঁ অধিক সবিশেষ তথ্য শ্বেয়াৰ কৰিবলৈ অস্বীকাৰ কৰি কয় যে, চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এই বিষয়ত আৰু অধিক জানিব পৰা যাব।

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ইয়াৰ পাছতে তেওঁৰ মৃত্যুক লৈ সন্দেহ সৃষ্টি হয়। এইলৈ ১৯/২৫ নম্বৰত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে গঠন কৰা SIT য়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ লোক হৈছে-শ্যামকানু মহন্ত(নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক),সিদ্ধাৰ্থ শৰ্মা(জুবিন গাৰ্গৰ মেনেজাৰ) সন্দিপন গাৰ্গ,শেখৰজ্যোতি গোস্বামী,অমৃত প্ৰভা মহন্ত,পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা।

বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, উৎসৱৰ আয়োজক শ্যামকানু মহন্তৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ অভিযোগ সম্পূৰ্ণ পৃথক তদন্তৰ অংশ, যিটো এতিয়াও চলি আছে আৰু মৃত্যুৰ গোচৰৰ সৈতে কোনো সম্পৰ্ক নাই। ১৮ ডিচেম্বৰৰ আদালতে জাৰি কৰা সময়সীমাৰ পূৰ্বে অভিযোগনামা সম্পূৰ্ণ কৰাৰ বাবে তদন্তকাৰীয়ে ২৪ ঘণ্টাই কাম কৰি আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...