Zubeen Garg death case: ঠাণ্ডা হোৱা নাই জুবিনৰ চিতাৰ জুই! গুৱাহাটীত উপস্থিত সিদ্ধাৰ্থ শৰ্মা, দাবী কৰিলে….
Zubeen garg death case: জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। এতিয়া কেৱল সকলোৱে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত উপস্থিত হৈছে।

সিদ্ধাৰ্থ শৰ্মা
গুৱাহাটী পালে জুবিন গাৰ্গৰ মৃত্যু কাণ্ডৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। সকলোৰে হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়াও শোকস্তব্ধ ৰাজ্য। জুবিনৰ সাধাৰণ অনুৰাগীৰ পৰা অভিনেতা-অভিনেত্ৰী, বিশিষ্ট ব্যক্তি আদি সকলোৱে জুবিনৰ মৃত্যুৰ বাবে ন্যায়ৰ দাবী কৰিছে। এই মৃত্যুত নাম সাঙোৰ খাইছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ন আদিকে ধৰি বিভিন্নজনৰ। কিন্তু ইয়াৰ মাজতে এতিয়া সিদ্ধাৰ্থ গুৱাহাটী আহি পোৱাৰ খবৰ আহি পৰিছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী কৰ্মচাৰীয়ে দাবী কৰিছে যে, ২৪ ছেপ্টেম্বৰৰ গভীৰ নিশা জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত উপস্থিত হৈছে। বিমানবন্দৰৰ গ্ৰাহক সেৱাৰ কাৰ্যবাহী তুলশী দাস তালুকদাৰে ফেচবুকত এটা ভিডিঅ’ পোষ্ট কৰি কয় যে, সিদ্ধাৰ্থ ইণ্ডিগ’ৰ ৬ই-৬০৪৮ বিমানত প্ৰায় ১১:২০ বজাত গুৱাহাটীত অৱতৰণ কৰে। তেওঁ বিমানখনৰ ২০ডি নম্বৰৰ আসনত আছিল।
তেওঁ কয় যে, বহুতে কৈ আছে সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে। কিন্তু তেনে একো নহয়। সিদ্ধাৰ্থে যোৱা নিশা (বুধবাৰ) ইণ্ডিগ’ৰ ৬ই-৬০৪৮ বিমানত ১১:২০ বজাত তেওঁ গুৱাহাটীলৈ আহিছে। মই ১০০ শতাংশ নিশ্চিত কৰি এই কথা কৈছো। এইগৰাকী মহিলাৰ ভিডিঅ’ এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে কিমান দূৰ এয়া সঁচা তাৰ সত্যাসত্য আমাৰ হাতত নাই।
উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অতি ৰহস্যজনক অৱস্থাত জুবিন গাৰ্গে মৃত্যুক সাৱতি লয়। সেই সময়ৰ কেইবাটাও ভিডিঅ এতিয়ালৈকে পোহৰলৈ আহিছে। য’ত জুবিনত অতি ভাগৰুৱা দেখা গৈছে। ইমানেই নহয়, জুবিনে যেতিয়া পানীত সমস্যা পাইছিল তেতিয়া সিদ্ধাৰ্থ কেৱল চাই আছিল।
বহুতে জানে যে, জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা অতি বেয়া আছিল। কিন্তু তাৰ পাছতো শ্যামকানু মহন্তই বলপূৰ্বকভাৱে জুবিনক ছিংগাপুৰলৈ নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে জুবিনৰ বিষয়টোৰ তদন্ত কৰিবলৈ অসম আৰক্ষীয়ে ১০ জনীয়া এছ আই টি গঠন কৰিছে। গতিকে পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ১০ জনীয়া SIT গঠন , কোন কোন আছে তালিকাত…