সিদ্ধাৰ্থৰ সন্ধান ওলাল, ফেচবুকত দুখভৰা চিঠি জুবিন গাৰ্গৰ মেনেজাৰৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মূল অভিযুক্ত হিচাপে গণ্য কৰা হৈছে। ৰাজ্যজুৰি এই দুয়ো অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ দাবী উত্থাপন হৈছে। এনে পৰিস্থিতিৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে এক প্ৰকাৰে স্পষ্টীকৰণ দিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

সিদ্ধাৰ্থৰ সন্ধান ওলাল, ফেচবুকত দুখভৰা চিঠি জুবিন গাৰ্গৰ মেনেজাৰৰ

সিদ্ধাৰ্থ শৰ্মা

Updated On: 

26 Sep 2025 20:52 PM

বিশেষ তদন্তকাৰী দলে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ইতিমধ্যে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত অভিযান চলাইছে SITয়ে। একে সময়তে শ্বেখৰ গোস্বামীৰ ঘৰটো তদন্তকাৰীৰ এটা দলে অভিযান চলায়। ইফালে, এই গোচৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মূল অভিযুক্ত হিচাপে গণ্য কৰা হৈছে। ৰাজ্যজুৰি এই দুয়ো অভিযুক্তক অতি সোনকালে গ্ৰেপ্তাৰ দাবী উত্থাপন হৈছে।

এনে পৰিস্থিতিৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে এক প্ৰকাৰে স্পষ্টীকৰণ দিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। চিঠি আকাৰত নিজৰ স্পষ্টীকৰণ দিয়া সিদ্ধাৰ্থ শৰ্মাই লিখিছে-“অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব। যিসকল লোকে মোক মৰম, সন্মান আৰু জীৱিকা দিছিল, তেওঁলোক আজি দুখিত, আৰু মই তেওঁলোকৰ ‍বেদনাত সমভাগী।”

“নীৰৱতাক ভুল বুজিব পাৰে। কিছুমান লোকে ভাবে যে, যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ, তেন্তে ইয়াৰ অৰ্থ হ’ব যে মই কিবা ভুল কৰিছোঁ। সেইবাবেই মই এই চিঠিখন লিখিছোঁ। মই সকলোকে জনাব বিচাৰোঁ যে, মোৰ লুকুৱাবলৈ একো নাই। মই পলাই যোৱা নাই। মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে, মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম।”

“১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে North East Festival’ৰ বাবে ছিংগাপুৰত থকা অৱস্থাত, আমাৰ জ্যেষ্ঠ ভাতৃ, জুবিন দা, সাঁতুৰি থাকোঁতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হয়। মই ঘটনাৰ আগত আৰু পিছত তেওঁৰ লগতে আছিলোঁ, তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ, আৰু তাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছিলোঁ।”

“বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে, আৰু মই মৃত্যুৰ ভাবুকি, ঘৃণাৰ বাৰ্তা আৰু গালি-গালাজ পাবলৈ ধৰিলোঁ। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল, আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ।”

“তেওঁক হেৰুৱাই মোৰ হৃদয়ত এনে এক শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহ’ব। কিন্তু তাতোকৈয়ো মোক ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱাৰা, তেওঁৰ শেষকৃত্যত উপস্থিত থাকিব নোৱৰা আৰু পৰিয়ালৰ কাষত থিয় দিব নোৱৰাটোৱে। মই অসহায় আৰু স্তম্ভিত, কিয়নো মোৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে।”

“যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰাবাতৰি, গালি-গালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুঃখিত হৈছোঁ। কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে; আন কিছুমানে দাবী কৰিছে যে মই জুবিন দাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছোঁ বা ব্যৱসায় গঢ়ি তুলিছোঁ। আনকি কিছুমানে কৈছে যে, মই জুবিন দাৰ কপিৰাইট ৰয়েল্টি লাভ কৰিছোঁ আৰু এতিয়া ইয়াৰ একমাত্ৰ মালিক হ’ম।”

“এই অভিযোগবোৰ সম্পূৰ্ণ মিছা। মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই, আৰু মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ সাজু আছোঁ।”

“কপিৰাইট আৰু ৰয়েল্টিৰ বিষয়ে সত্যটো হ’ল: তেওঁ ৰেকৰ্ড কৰা ৩৮,০০০ গানৰ বেছিভাগেই সম্পূৰ্ণৰূপে আন মিউজিক লেবেল আৰু প্ৰডাকচন হাউচৰ মালিকানাধীন। তেওঁ নিজে তেওঁলোকৰ পৰা এককালীন গায়কৰ মাননি হিচাপে কেইহেজাৰমান টকাৰ বাহিৰে কেতিয়াও কোনো ধন লাভ কৰা নাছিল। তেওঁৰ প্ৰায় সকলো হিট গানকে ধৰি এইবোৰৰ বেছিভাগ গান মই তেওঁৰ জীৱনত অহাৰ আগতেই ৰেকৰ্ড কৰা হৈছিল।”

“জুবিন দাই মোক প্ৰায়ে কৈছিল কিদৰে মানুহে তেওঁক ব্যৱহাৰ কৰিছিল — কিদৰে তেওঁৰ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ অসমৰ প্ৰযোজক বা মিউজিক লেবেলৰ পৰা কোনো ৰয়েল্টি পোৱা নাছিল। যিকোনো ব্যক্তিয়ে সেই প্ৰযোজক আৰু লেবেলসমূহৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি এই কথাটো পৰীক্ষা কৰিব পাৰে।”

“২০২১ চনত, তেওঁ তেওঁৰ শেষৰ ফালৰ কিছুমান সৃষ্টিৰ মালিকীস্বত্ব নিজৰ লগত ৰাখিব বিচাৰিছিল, আৰু সেইবাবেই ‘জুবিন গাৰ্গ মিউজিক LLP’ গঠন কৰা হৈছিল। এইটোৱেই আছিল প্ৰথম আৰু একমাত্ৰ ব্যৱসায় য’ত আমি দুয়ো অংশীদাৰ আছিলোঁ। এই প্ৰতিষ্ঠানৰ অধীনত আমি ২০টাতকৈয়ো অধিক গান মুকলি কৰিছোঁ, য’ত মুঠ বিনিয়োগ আছিল প্ৰায় ১০ লাখ টকা টকা, আৰু তাৰে ৬ লাখ টকা তেওঁ বিনিয়োগ কৰিছিল।”

“এই গানবোৰৰ পৰা হোৱা revenue প্ৰতি মাহে মাত্ৰ কেই হাজাৰমান টকা। প্ৰতিটো টকা কোম্পানীৰ একাউণ্টলৈ যায়, আৰু আজিলৈকে কোনেও এটাও পইচা উলিওৱা নাই। জুবিন দাই LLP-ৰ ৬০%ৰ মালিক আছিল, যিটো এতিয়া স্বয়ংক্ৰিয়ভাৱে তেওঁৰ পত্নীৰ নামত স্থানান্তৰিত হ’ব, আৰু মোৰ অংশও পৰিয়ালটোক হস্তান্তৰ কৰিবলৈ পালে মই সন্মানিত হ’ম।”

“এজন সুৰকাৰ আৰু গীতিকাৰ হিচাপে তেওঁৰ ৰয়েল্টি পোনপটীয়াকৈ IPRS-ৰ পৰা আহে, আৰু সেয়া আন কাৰো একাউণ্টলৈ যাব নোৱাৰে। তেওঁৰ মৃত্যুৰ পিছত, এই সকলোবোৰ আইনীভাৱে আৰু তথ‍্যসংগতভাৱে তেওঁৰ পত্নীৰ হাতলৈ যাব।”

“ওপৰোক্ত সকলো কথা সহজে পৰীক্ষা কৰিব পাৰি, আৰু মই প্ৰতিটো প্ৰমাণ দাঙি ধৰিবলৈ সাজু। এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিন দাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল, তেওঁলোকে এতিয়া কেৱল নিজৰ দোষ ঢাকিবলৈ আৰু নিজকে বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে।”

“অসম চৰকাৰে ইতিমধ্যে এই বিষয়টোৰ তদন্তৰ বাবে এখন বিশেষ অনুসন্ধানকাৰী দল (SIT) গঠন কৰিছে, আৰু মই ইয়াক সন্মান জনাইছোঁ। আন সকলোৰে দৰে ময়ো বিচাৰোঁ যে সত্য পোহৰলৈ আহক। মই তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিম আৰু কৰ্তৃপক্ষক প্ৰয়োজন হোৱা প্ৰতিটো সবিশেষ তথ্য দাঙি ধৰিম।”

“মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ, যোৱা কেইদিনমানত, মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে, আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে, আৰু মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছোঁ। পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে SIT মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল। মোৰ মা আৰু ভাই-ভনীসকলে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰিছে। বন্ধু-বান্ধৱ, পৰিয়াল আৰু শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। মই আইনক সন্মান কৰোঁ, কিন্তু মই মোৰ নিজৰ জীৱন আৰু মোৰ আশে-পাশে থকা লোকসকলৰ জীৱনক লৈও শংকিত।”

“এইয়াই মোৰ অনুৰোধ। অনুগ্ৰহ কৰি কোনো ভয় বা পক্ষপাতিত্ব অবিহনে তদন্তক নিজৰ পথেৰে আগবাঢ়িবলৈ দিয়ক। ছ’চিয়েল মিডিয়াৰ উৰাবাতৰি বা উচটনিত বিভ্ৰান্ত নহব। জুবিন দাৰ স্মৃতিৰ প্ৰতি সন্মান জনাই আমি শান্তভাৱে আৰু মৰ্যাদাৰে সত্যৰ সন্ধান কৰা উচিত।” চিঠিখনত এইদৰে লিখিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

ধন-সম্পত্তিৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ হনুমানক আগবঢ়াওক এই কেইবিধ সামগ্ৰী
উৎসৱৰ বতৰত এনেধৰণৰ গহনাই বঢ়াব আপোনাৰ সৌন্দৰ্য, অনুসৰণ কৰক ট্ৰেণ্ড
দৈনিক কণী খাই নেকি ? কোনটো অংশ বেছি পুষ্টিকৰ ? কুহুম নে বগা অংশ!
ফুলিব ভাগ্য ! দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক