২ বছৰ পূৰ্বে ছাহিলৰ সৈতে হৈছিল বিয়া, শিৱসাগৰত মৌচুমীৰ ৰহস্যজনক মৃত্যু…

শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, দুবছৰ পূৰ্বে ছাহিলৰ সৈতে বিয়াত বহিছিল মৌচুমীয়ে। কিন্তু তাৰ পাছতে ছাহিলে কৰি গৈছিল অত্যাচাৰ।

২ বছৰ পূৰ্বে ছাহিলৰ সৈতে হৈছিল বিয়া, শিৱসাগৰত মৌচুমীৰ ৰহস্যজনক মৃত্যু...

ছাহিল-মৌচুমী

Published: 

07 Apr 2025 | 01:03 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নাৰীৰ ওপৰত অত্যাচাৰ, হত্যা, ধৰ্ষণ আদিৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ শিৱসাগৰৰ পৰা পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। য’ত দুবছৰ পূৰ্বে বিবাহ-পাশত আৱদ্ধ হোৱা এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুয়ায়। অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালে মিলি তেওঁক নৃশংসভাৱে হত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ঢুলীয়াপাৰত। অভিযোগ অনুসৰি মৌচুমী চুলতানা নামৰ মহিলাগৰাকীত স্বামা ছাহিল হাজৰিকা আৰু তেওঁৰ মাতৃয়ে মিলি হত্যা কৰে। পৰৱৰ্তী সময়ত দুয়ো এই কাণ্ডত দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মৌচুমী চুলতানাৰ জ্য়েষ্ঠ ভগ্নীসহ পৰিয়ালে।

অভিযোগ অনুসৰি, যোৱা ২ এপ্ৰিলত স্বামী ছাহিল হাজৰিকাই তেওঁৰ মাতৃৰ সৈতে মিলি মৌচুমীক মাৰপিট কৰিছিল। স্বামী- শাহুৱেকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মৌচুমীক পাছত দুয়ো ৰাস্তাত পেলাই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। পৰৱৰ্তী সময়ত মৌচুমীক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে প্ৰাণ ত্যাগ কৰে মৌচুমীয়ে।

জানিব পৰা মতে, আহত মৌচুমীক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় তেওঁ। মৌচুমীৰ মৃতদেহ ঘৰলৈ আহি পোৱাৰ পাছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰংঘৰ চাৰিআলি আৰু ঢুলীয়াপাৰত একাংশ লোকে এই কাণ্ডৰ ন্যায় বিচাৰে।

তথ্য অনুসৰি ২০২৩ বৰ্ষত হাতীকোষৰ ছাহিল হাজৰিকাৰ সৈতে বিয়া হৈছিল মৌচুমীৰ। অভিযোগ অনুসৰি বিয়াৰ পাছৰ পৰাই মৌচুমীক মাৰপিট কৰিছিল স্বামীৰ লগতে শহুৰেকৰ ঘৰৰ লোকে। কেৱল ইমানে নহয়, মৌচুমীক মানসিকভাৱেও অত্যাচাৰ কৰি গৈছিল তেওঁলোকে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মৌচুমীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। ইয়াৰ বিপৰীতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এয়া দুৰ্ঘটনা নে হত্যা। যদি হত্যা, কোনো, কেনেকৈ মৌচুমীক হত্যা কৰিলে সেয়া সকলো ৰহস্যৰ আৱৰ্তত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...