অসম-অৰুণাচল সীমান্তত শোকাৱহ ঘটনা! হাতীৰ গচকত প্ৰাণ হেৰুৱালে ৭৮ বছৰীয়া বৃদ্ধাই

স্থানীয় ৰাইজৰ মতে, হঠাতে হাতীটোৱে হাবিখনৰ পৰা ওলাই আহি মহিলাগৰাকীৰ ওপৰত ভৰিৰে আক্ৰমণ চলাই। যাৰ ফলত মহিলাগৰাকী মৃত্যু হয়। এই ঘটনাটোতে এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাৰ খবৰ পোৱাৰ লগতে লগে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে বন আৰু আৰক্ষী বিষয়াই।

অসম-অৰুণাচল সীমান্তত শোকাৱহ ঘটনা! হাতীৰ গচকত প্ৰাণ হেৰুৱালে ৭৮ বছৰীয়া বৃদ্ধাই

প্ৰতীকি ফটো

Published: 

10 Apr 2025 | 02:52 PM

অসমত বৃদ্ধি হৈ আহিছে হাতী-মানুহৰ সংঘাত। নিতৌ জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ নিদ্ৰাহৰণ কৰি আহিছে হাতী। খেতি-বাতি, ঘৰ-দুৱাৰৰ অনিষ্ট সাধন কৰে। কেতিয়াবা এই সংঘাতে ধাৰম কৰে ভয়ংকৰ ৰূপ। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই বহু মানুহে। ইয়াৰ উপৰিও পৰিয়ালসমূহৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিকে ধৰি সকলো সামগ্ৰী বিনষ্ট হোৱাত মূৰে কঁপালে হাত দিবলগীয়া হয় ভুক্তভোগী পৰিয়াল। বিভিন্ন সময়ত গাওঁসমূহত বাহৰ পতা দেখা যায় হাতীৰ জাকক।

বুধবাৰে নিশা অসম-অৰুণাচল প্ৰদেশ সীমান্তত সংঘটিত হৈছে এনে এক শোকাৱহ ঘটনা। জাগুনৰ সমীপৰ কথা চেমা গাঁৱত সংঘটিতহৈছে এই এক কৰুণ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী বৃদ্ধাই। মৃত মহিলাগৰাকী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ বাসিন্দা ৭৮ বছৰীয়া শোভা তামাং চিনাক্ত বুলি কৰিছে। খবৰ অনুসৰি জাগুনৰ কথা চেমা গাঁৱত থকা আত্মীয়ৰ ঘৰলৈ যাওতে সংঘটিত হয় এই ঘটনা।

স্থানীয় ৰাইজৰ মতে, হঠাতে হাতীটোৱে হাবিখনৰ পৰা ওলাই আহি মহিলাগৰাকীৰ ওপৰত ভৰিৰে আক্ৰমণ চলাই। যাৰ ফলত মহিলাগৰাকী মৃত্যু হয়। এই ঘটনাটোতে এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাৰ খবৰ পোৱাৰ লগতে লগে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে বন আৰু আৰক্ষী বিষয়াই।

এনে শোকাৱহ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে সংঘাতপ্ৰৱণ অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। বহু সময়ত স্থানীয় ৰাইজে এই সন্দৰ্ভত বনবিভাগক অৱগত কৰাৰ পিছতো  বনবিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন হয়। ক’বলৈ গ’লে হাতী-মানুহৰ সংঘাত বাধা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব