নগাঁও জিলাৰ কামপুৰত যোৱা মাজনিশা সংঘটিত ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত শোকাৱহভাৱে মৃত্যু ঘটে ৭টাকৈ বন্য হস্তীয়ে। আনহাতে গুৰুতৰভাৱে আহত হয় আন এটা হাতী।
প্ৰকাশিত খবৰ অনুসৰি নিশা প্ৰায় ২.২০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ৰে’ল লাইন পাৰ হোৱাৰ সময়তে মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ এই স্থান হাতীৰ নিয়মীয়া দণ্ডি হিচাপে চিহ্নিত নহয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ৰে’লখনৰ ইঞ্জিন আৰু ৫টা ডবা ৰে’লপথৰ পৰা আঁতৰি যায় বুলি এক বিবৃতি যোগে প্ৰকাশ কৰিছে এন এফ ৰে’লৱেই। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…