Assam sahitya sabha: পদবীক লৈ লেতেৰা খেল! কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি?

Assam sahitya sabha: কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? ইতিমধ্যে ইয়াক লৈ আৰম্ভ হৈছে এখন লেতেৰা খেল। এজন প্ৰভাৱশালীলোকক সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত কৰিবলৈ উঠি পৰি লাগিছে একাংশ। যাৰ বাবে পুনৰ বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা।

Assam sahitya sabha: পদবীক লৈ লেতেৰা খেল! কোন হব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি?

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি

Updated On: 

03 Nov 2024 20:45 PM

বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক। ক্ষমতালোভী একাংশৰ বাবেই বহু বিশিষ্ট সাহিত্যিক এতিয়া সাহিত্য সভাৰ পৰা দূৰত। মানুহৰ মাজত সাহিত্য সভা ইমান তললৈ নামিছে যে বহুতে ইয়াৰ লগত জড়িত হ’ব নিবিচাৰে। শেহতীয়াকৈ পুনৰ বিতৰ্কৰ মাজলৈ আহিছে অসম সাহিত্য সভা। ইতিমধ্য অসম সাহিত্য সভাৰ সভাপতি পদক লৈ আৰম্ভ হৈছে এখন লেতেৰা কাৰবাৰ। একাংশ ক্ষমতালোভী, পদবীলোভীৰ বাবে সাহিত্য সভাৰ দৰে মৰ্যদাপূৰ্ণ এটা অনুষ্ঠানে হেৰুৱাই পেলাইছে সকলো।

এতিয়া অসম সাহিত্য সভাৰ সভাপতি পদক লৈ একাংশৰ ক্ষমতালোভী মনোভাৱৰ বহিঃ প্ৰকাশ ঘটিছে। ইতিমধ্যে সভাপতি নিৰ্বাচনৰ বাবে সংবিধান সংশোধন কৰি ৫ জন সাহিত্যিকৰ নাম নিৰ্বাচিত কৰি পেনেল আকাৰে শাখাসমূহলৈ প্ৰেৰণ কৰিছে। এই তালিকাৰ পৰা শাখাসমূহে নিৰ্বাচন কৰিব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব।

সাহিত্য সভাৰ সভাপতি পদৰ বাবে তালিকাত নাম থকা নিৰ্বাচিত হোৱা সাহিত্যিক কেইগৰাকী হ’ল- অৰূপা পটংগীয়া কলিতা, নাহেন্দ্ৰ পাডুন, লীলাবতী বৰা শইকীয়া, ড০ হিতেশ ডেকা আৰু গিৰীশ সন্দিকৈ। সাহিত্য সভাৰ সংবিধান অনুসৰি এই তালিকা প্ৰস্তুত কৰাৰ অধিকাৰ থাকে ৭ জনীয়া উচ্চস্তৰীয় কমিটীৰ হাতত। এই কমিটীত থাকে- সাহিত্য সভাৰ সভাপতি, উপ- সভাপতি, সম্পাদক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সম্পাদক, অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মীনায় সদস্য হোৱা এগৰাকী সদস্য মহীয়ান আৰু এগৰাকী সাহিত্যচাৰ্য।

তালিকা অনুসৰি বৰ্তমান এই পদবীসমূহত আছে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, উপ- সভাপতি গিৰীশ সন্দিকৈ, সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, উপ- সভাপতি মৃণালিনী দেৱী, সদস্য মহীয়ান সত্যেন্দ্ৰ নাৰায়ন গোস্বামী আৰু সাহিত্যচাৰ্য নাহেন্দ্ৰ পাডুন। গতিকে উচ্চস্তৰীয় তালিকা আৰু সভাপতি পদৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে নিজৰ নাম নিজেই নিৰ্বাচিত কৰি তালিকা প্ৰস্তুত কৰিছে এইসকলে। অৰ্থাৎ উচ্চ স্তৰীয় কমিটীত থকা ২ জনৰ নাম আছে সভাপতিৰ তালিকাৰ।

বিগত কেইটামান দিন ধৰি সাহিত্য সভাৰ সভাপতি পদৰ বাবে চৰ্চাত আছিল বসন্ত কুমাৰ গোস্বামী, জগদীশ পাটগিৰি, জয়ন্ত মাধৱ বৰা আদিৰ নাম। কিন্তু উচ্চ স্তৰীয় কমিটীয়ে প্ৰস্তুত কৰা তালিকাত ইয়াৰে এজন সাহিত্যিকৰো নাম নাই। ইয়াৰ সলনি নাহেন্দ্ৰ পাডুন আৰু গিৰীশ সন্দিকৈয়ে যেন নিজৰ নাম নিজেই প্ৰস্তুত কৰিলে।

নাহেন্দ্ৰ পাডুনৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন নহয় যদিও  গিৰীশ সন্দিকৈ আৰু হিতেশ ডেকাৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। যাৰ বাবে এই সমগ্ৰ বিষয়টো এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে। পশু চিকিৎসক গিৰীশ সন্দিকৈ ভেটেনাৰী বিভাগৰ যুটীয়া সঞ্চালক পদৰ পৰা অৱসৰ লৈছিল। সভাপতি নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়ালৈ লক্ষ্য কৰিলে  দেখা পোৱা যায় যে গিৰীশ সন্দিকৈক সভাপতি পাতিব বিচাৰিছে একাংশই।

কিয়নো ড০ হিতেশ ডেকাৰ  ৫ খন মৌলিক গ্ৰন্থ নাই। গতিকে নাম তালিতাক থাকিলেও সংবিধানৰ নীতি অনুসৰি তেওঁ সভাপতি পদৰ দৌৰৰ পৰা আঁতৰত থাকিব। লীলাবতী শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেওঁ বৰ্তমান ৰোগাক্ৰান্তা। প্ৰায় শয্যাগত লীলাবতী শইকীয়াক খোজ কাঢ়িবলৈও এজন মানুহৰ প্ৰয়োজন হয়। গতিকে তেওঁ সাহিত্য সভাৰ সভাপতি হোৱাৰ প্ৰশ্নয়ে নুঠে।

তালিকাত আছে অৰূপা পটংগীয়া কলিতাৰ নাম। সাহিত্য সভাক প্ৰায়ে সমালোচনা কৰি অহা সাহিত্যিকগৰাকীয়ে যেন সভাপতিৰ দৌৰত আহিব সেই ক্ষেত্ৰত সন্দেহ আছে। আনহাতে বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাডুনৰ বয়স বৰ্তমান ৮৫। বিভিন্ন ৰোগে জুৰুলা কৰা নাহেন্দ্ৰ পাডুনো যে এই দৌৰৰ পৰা বাহিৰ হ’ব এক প্ৰকাৰ নিশ্চিত। গতিকে সকলো আঁতৰ হোৱাৰ পাছত ৰ’লগৈ গিৰীশ সন্দিকৈ। গতিকে বহু পৰিকল্পনা কৰি যেন গিৰীশ সন্দিকৈক সভাপতি কৰাৰ যো জা কৰিছে অসম সাহিত্য সভাই।

সাহিত্য সভা শেষ হ’বলৈ বাকী নাই! সাহিত্য সভা আৰু জাতীয় অনুষ্ঠানো হৈ থকা নাই। একাংশ ক্ষমতালিপ্সু. অৰ্থলোভী মানুহৰ চত্ৰছায়াত এনেদৰে চলি আছে সাহিত্য সভা। যি সময়ত সাহিত্য সভাই অসমৰ সাহিত্যক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ, অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিছিল, তেনে সময়ত এতিয়া অসম সাহিত্য সভাত চলিছে সভাপতি পদৰ বাবে এক লেতেৰা খেল। এই সকলোবোৰৰ মাজতে পৰৱৰ্তী সময়ত নিশ্চিত হৈ পৰিব কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি।

 

 

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...