কোন হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান? তালিকাত আছে এইসকলৰ নাম…

Assam police next DGP: কিছুদিন পাছতেই অসম এৰিব আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। গতিকে কোন হ'ব অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান? এই ক্ষেত্ৰত গঠন হৈছে এখন পেনেল।

কোন হব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান? তালিকাত আছে এইসকলৰ নাম...

অসমৰ পৰৱৰ্তী DGp কোন

Updated On: 

20 Jan 2025 09:48 AM

কিছুদিন পাছতেই অসম এৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পাছত দিল্লীত CRPFৰ সঞ্চালক প্ৰধান (DG-CRPF) হিচাপে যোগদান কৰিব সিঙে। তেনে ক্ষেত্ৰত প্ৰশ্ন হয় যে, কোন হ’ব অসমৰ পৰৱৰ্তী সঞ্চালক প্ৰধান বা কোনো গ্ৰহণ কৰিব অসম আৰক্ষীৰ গধুৰ দায়িত্ব? এই সন্দৰ্ভত গঠন হৈছে এখন ৫ জনীয়া পেনেল। এই তালিকাত নাম থকাসকলৰ মাজৰ পৰা কোনো এজনে গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পদ।

জানিব পৰা মতে, এই ৫ জনীয়া পেনেলৰ তালিকাত প্ৰথমতে নাম আছে এছ ডি জি পি (SDGP) হৰমীত সিঙ আৰু দ্বিতীয়তে নাম আছে আৰ প্ৰসাদ মীনাৰ। ইয়াৰ লগতে তালিকাত নাম থকা আৰক্ষী বিষয়া কেইগৰাকী নাম হ’ল- এ ভি ৱাই কৃষ্ণা,দীপক কুমাৰ, মুন্না প্ৰসাদ গুপ্তা । গতিকে হৰমীত সিং অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি, ১৮ জানুৱাৰীত কেবিনেটে সিঙক এই দায়িত্ব প্ৰদান কৰে আৰু ২০২৭ চনৰ ৩০ নৱেম্বৰ পৰ্যন্ত কোনো নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত জি পি সিঙে নতুন দায়িত্ব পালন কৰিব। ইয়াৰোপৰি তেওঁ বিতুল কুমাৰৰ ঠাইত চি আৰ পি এফৰ ডিজি হিচাপে যোগদান কৰিব। উল্লেখ্য যে, অনিশ দয়াল সিঙৰ অৱসৰৰ পাছত যোৱা ডিচেম্বৰ মাহত বিতুল কুমাৰে ডিজি- চি আৰ পি এফৰ দায়িত্ব গ্ৰহণ কৰিছিল। বিতুল কুমাৰ উত্তৰ প্ৰদেশৰ ১৯৯১ বেচৰ আই পি এছ অফিচাৰ।

উল্লেখ্য যে, ২০১৯ চনত অসমক কা-বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। সেই সময়তে অসম তথা উত্তৰ-পূৱৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে জি পি সিঙক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (আইন শৃংখলা) হিচাপে নিযুক্তি দিছিল।  ইয়াৰ পূৰ্বে সিঙে নেশ্যনেল ডেপ্যুটেশ্যনত নিয়া ( National Investigation Agency) ত কৰ্মৰত অৱস্থাত আছিল। নিয়াত তেওঁৰ কাৰ্যকাল ২০২০ চনলৈ আছিল যদিও অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁক মাতি অনা হৈছিল।  জি পি সিং ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া।

উল্লেখ্য যে, ভাৰতৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী চি আৰ পি এফ। CRPF য়ে আভ্যন্তৰীন নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত আৰু দেশ বিৰোধী কাৰ্যকালাপ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহ বিৰোধী অভিযানত অভিজ্ঞতা থকা সিঙৰ এই নিযুক্তিক এক কৌশলগত সিদ্ধান্ত বুলি ধাৰণা কৰা হৈছে।

শাওণ মাহত কপাল ফুলিব ৪ ৰাশিৰ! হাতলৈ আহিব ধন...
বিয়াৰ পূৰ্বে কইনাৰ পেহীয়েক-খুড়ীয়েকৰ সৈতে সম্ভোগ কৰিব লাগে দৰাই! ক’ত আছে এই আজৱ নিয়ম?
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত জানেনে?
ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!