কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? তালিকাত আছে কাৰ নাম…

Assam BJP president: মাজত মাত্ৰ কিছু ক্ষণ। শীঘ্ৰেই ৰাজ্যিক বিজেপিয়ে লাভ কৰিব নতুন সভাপতি। আজি সন্ধিয়াৰ ভাগলৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় আছে। গতিকে কিছু সময় পাছতেই বিজেপিয়ে নতুন নাম ঘোষণা কৰিব।

কোন হব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? তালিকাত আছে কাৰ নাম...

বিজেপিৰ পৰৱৰ্তী সভাপতি

Updated On: 

16 Jan 2025 12:34 PM

মাজত মাত্ৰ কেইটামান ক্ষণ। ১৭ জানুৱাৰীত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা কৰা হ’ব। এই বিষয়টোক লৈ ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত চলিছে এতিয়া তীব্ৰ চৰ্চা। বিজেপিৰ ৰাজ্যিক সভাপতি সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১৭ জানুৱাৰীত বিজেপিৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হ’ব। ১৬ জানুৱাৰী নিশা ৭ বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় আছে। গতিকে এই সময় পৰ্যন্ত যদি এখন মনোনয়ন দাখিল কৰে তেন্তে সভাপতিৰ নাম শুকুৰবাৰে পুৱা ১১ বজাত ঘোষণা কৰা হ’ব।

লগতে শৰ্মাই কয় যে, যদি এখনতকৈ অধিক নেতাই মনোননয় দাখিল কৰে তেন্তে নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ সভাপতি যাতে উমৈহতীয়াকৈ নিৰ্বাচিত কৰিব পাৰি  তাৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বাঞ্চালী, হৰিশ বেদিৰ লগতে জ্যেষ্ঠ নেতা সম্বিত পাত্ৰ। বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা সন্দৰ্ভত শৰ্মাই কয় যে, কলিতাই সুন্দৰকৈ বিজেপি দলৰ নেতৃত্ব প্ৰদান কৰি আছে। কিন্তু বিজেপি দলৰ নিয়ম অনুসৰি এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হ’ব।

উল্লেখ্য যে, নতুন সভাপতিৰ নেতৃত্বতেই বিজেপিয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। যাৰ বাবে এজন উপযুক্ত নেতা নিৰ্বাচন কৰাতো বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিজেপিৰ সভাপতিৰ দৌৰত বিগত সময়চোৱাত কেইবাজনো নেতাৰ নাম পোহৰলৈ আহিছিল। তাৰ ভিতৰত আছে লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস। কিন্তু এই দুই নেতাৰ হাতত এতিয়া অন্য দায়িত্ব আছে। বিজেপিৰ নিয়ম অনুসৰি সভাপতি হ’লে তেওঁ সাংসদ বা বিধায়ক আদি হ’ব নোৱাৰে। এনে ক্ষেত্ৰত বিজেপিয়ে কেনেকৈ অংক মিলাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে দ্বিতীয়টো কাৰ্যকাল এজন সভাপতিয়ে বিজেপি চলাব পাৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। সকলো ঠিকে থাকিলে ভৱেশ কলিতাই দ্বিতীয়বাৰৰ বাবে বিজেপিৰ দায়িত্ব গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ভৱেশ কলিতাৰ বাবে এক সেউজ সংকেত বুুলিব পাৰি। অৱশ্যে ছবি স্পষ্ট হ’বলৈ এতিয়াও সময় বাকী আছে।

আজি সন্ধিয়ালৈকে বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ সময় আছে। ইয়াৰোপৰি এতিয়ালৈকে কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ খবৰ আহি পৰা নাই। গতিকে কাইলৈ পুৱাৰ ভাগত ৰাইজে গ’ম পাব যে কোন হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি।

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...