Top 9: আজিৰ দিনটোত ক’ত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ…

আজি ২ ডিচেম্বৰ মঙলবাৰ, আজিৰ দিনটোত বহুতো খবৰে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাওক আজিৰ দিনটোৰ বহু খবৰ…

Top 9: আজিৰ দিনটোত ক’ত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ…
Published: 

02 Dec 2025 | 10:29 PM

১. সলনি হ’ল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম। এতিয়াৰে পৰা সেৱা তীৰ্থ নামেৰে জনা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক। একেদৰে ৰাজভৱনৰ নাম সলনি কৰা হৈছে লোক ভৱন হিচাপে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনিৰ লক্ষ্য হৈছে শাসন ব্যৱস্থাত সেৱাৰ মনোভাৱক প্ৰসাৰিত কৰা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নাম সলনি কৰা হৈছিল “লোক কল্যাণ মাৰ্গ”।

২. আজি অসম দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাক। ৰাজ্যৰ বিভিন্ন স্থানত টাই-আহোমসকলৰ পৰম্পৰাৰে পালন কৰা হয় অসম দিৱস। নাজিৰাত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন।

৩. চাওলুং চুকাফাই কল্পনা কৰাৰ দৰে এখন শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব। অসম দিৱসৰ দিনটোত এই অংগীকাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম দিৱসৰ দিনটোক শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে।

৪. ডিমা হাছাওত বিদ্ৰোহী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলী। এই গুলীয়াগুলীত নিহত হয় এজন বিদ্ৰোহী সংগঠনৰ সদস্য। মৃত কেডাৰজন মাৰ পিপলচ কনভেচন ডেমক্ৰেটিকৰ সদস্য। তেওঁৰ নাম মোদী মাৰ ওৰফে মেমো বুলি জানিব পৰা গৈছে।

৫. আজি দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হৈছে অসমৰ কেবাগৰাকীও কংগ্ৰেছ নেতা। বিয়লি ৪ বজাৰ পৰা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবেই এই বৈঠক অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে।

৬. ৰোহিংগীয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সৰ্বোচ্চ ন্য়ায়ালয়ৰ। ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী নিৰুদ্দেশ হোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে প্ৰথমে তেওঁলোকে সুৰংগৰ মাজেৰে প্ৰৱেশ কৰে, তাৰ পিছত খাদ্য আৰু বাসস্থানৰ দৰে অধিকাৰ দাবী কৰে। তেওঁলোকৰ বাবে ৰঙা দলিচা পাৰি দিয়া উচিত নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।

৭. সঞ্চাৰ সাথী এপ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। তেওঁ কয় যে আন এপৰ দৰেই এই এপটো কোনোবাই ব্যৱহাৰ কৰিব নুখুজিলে ডিলিট কৰিব পাৰে। ই কোনো বাধ্যতামূলক এপ নহয়। বিৰোধীয়ে এই এপ সন্দৰ্ভত গোপনীয়তা খৰ্ব হোৱাৰ অভিযোগ তুলিছিল।

৮. সংসদৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰাৰ অভিযোগত বিৰোধীক তীব্র সমালোচনা বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ। বিৰোধী দলে পূর্বৰ অধিৱেশনত দেখা পোৱাৰ দৰে একেটা বাধাবাদী পন্থা অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰে শইকীয়াই৷ তেওঁ কয় যে বিৰোধীয়ে পূৰ্বে SIR ৰ বিষয়টোক লৈ দুয়োখন সদনৰ কাম-কাজ স্থবিৰ কৰি ৰাখিছিল, আৰু এতিয়া গঠনমূলকভাৱে জড়িত হোৱাৰ পৰিৱৰ্তে পুনৰ একে কামেই কৰিছে।

৯. কাইলৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচ। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হব এই মেচখন। ইতিমধ্যে প্ৰথমখন মেচত বিৰাট কোহলীৰ শতক আৰু ৰোহিত শৰ্মাৰ অৰ্ধশতকৰ সহায়ত জয়লাভ কৰিছে ভাৰতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...