দিনটোত ক’ত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ…

আজিৰ দিনটোত বহুতো খবৰে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাওক আজিৰ দিনটোৰ বহু খবৰ…

দিনটোত কত কি ঘটিছে? পলকতে পঢ়ক গুৰুত্বপূৰ্ণ খবৰসমূহ...
Published: 

20 Nov 2025 18:37 PM

1. প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট। ইতিমধ্যে গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ। বৰ্ষাপাৰাত দুই দলৰ খেলুৱৈৰ অনুশীলন আৰম্ভ। অহা ২২ নৱেম্বৰৰ পৰা দল দুটাৰ মাজত এই টেষ্ট খন আৰম্ভ হ’ব।

2. দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে। নীতিশ কুমাৰৰ নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা। ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰাই নীতিশ কুমাৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ  লগতে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

3. তৃতীয় মৰ্চা গঠন কৰিব নেকি অখিল গগৈ? এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, অখিল গগৈৰ কংগ্ৰেছৰ ওপৰত ভৰষা নাই। বিৰোধীৰ মিত্ৰতাত অখিল গগৈ বিষ ঢালিব।
Header- তৃতীয় মৰ্চা গঠন কৰিব নেকি অখিলে?

4. কামাখ্যা মন্দিৰত গৌতম গম্ভীৰ। মাৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। ২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট। এই টেষ্টৰ পূৰ্বে ল’লে মাৰ আশীৰ্বাদ।

5. ঐতিহাসিক টেষ্টৰ সাক্ষী হ’ব সৰ্থেবাৰীৰ কাঁহ শিল্প! ২২ নৱেম্বৰত বৰ্ষাাপাৰা টেষ্টত ধ্বনিত হ’ব সৰ্থেবাৰীত নিৰ্মিত বেল। ৩৫ কেজি ওজনৰ বেল বাজি উঠাৰ লগে লগে আৰম্ভ হ’ব টেষ্ট মেচখন। ষ্টেডিয়ামত প্ৰতিদিনে খেলৰ পূৰ্বে এই ঘণ্টা বজোৱা হ’ব।

6. ১০০ টকাত উজলিল যুৱকৰ ভাগ্য! হাউলী ৰাসৰ বৰঙণি পত্ৰ খেলৰ ফলাফল ঘোষণা। বুধবাৰে নিশা অনুষ্ঠিত হয় ভাগ্য নিৰ্ণয়ৰ খেলখন। এই খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিল পুঠিমাৰীৰ যুৱক পুলকেশ কাকতিয়ে। ১০০ টকাৰ টিকট ক্ৰয় কৰি প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে কোটিটকীয়া ডিফেণ্ডাৰ বাহন।

7. খহি পৰিছে এটাৰ পিছত আনটো অট্টালিকা। এয়া কোনো ভূমিকম্প, হাৰিকেন বা ডাঙৰ দুৰ্যোগৰ ফলত হোৱা নাই। যোৱা কেইসপ্তাহমানৰ ভিতৰত তুৰ্কীৰ বিভিন্ন চহৰত অট্টালিকা ভাঙি পেলোৱা হৈছে। এই সকলো অট্টালিকাৰ গাঁথনিগত ডিজাইনৰ দুৰ্বলতাৰ বাবে এই সিদ্ধান্ত।

8. চলমানৰ আহিব ডাঙৰ বিপদ!এগৰাকী জ্যোতিষীয়ে ২০২৬ চনত শ্বাহৰুখ আৰু ছলমান খানৰ বিষয়ে কৰিছে ভৱিষ্যদ্বাণী। জ্যোতিষীৰ মতে, শ্বাহৰুখৰ বাবে এই বৰ্ষটো ভাল কিন্তু ছলমান খানৰ বাবে বিশেষ ভাল নহয়। কেৱল কেৰিয়াৰৰ ক্ষেত্ৰতে নহয়, স্বাস্থ্যৰ ক্ষেত্ৰতো বহু সমস্যা আহিব চলমানৰ।

9. বজালীৰ আৰক্ষী অধীক্ষক এটি শিশু! এদিনৰ বাবে অধীক্ষক হ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা। তেওঁ সাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয় সপ্তম শ্ৰেণীত অধ্যয়নৰত। শিশু দিৱসৰ লগত সংগতি ৰাখি আজি বজালী আৰক্ষীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত
সাৱধান! পাকঘৰৰ এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ, জানক...
কেৱল সুৰা নহয়! এই ৫ বিধ পানীয়ই নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক...
প্ৰিয়জনক জন্মদিনত ভুলতো নিদিব এই উপহাৰ! কিয় জানক...