অসমী আইৰ কোলালৈ আহিছে জুবিন গাৰ্গ, কেতিয়া সৰুসজাইলৈ নিব নশ্বৰদেহ জনালে মন্ত্ৰী বিমল বৰাই…

অসম পালে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ কাষৰ পৰা চাবলৈ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই গৈছে অনুৰাগী। কিন্তু কেতিয়া নিয়া হ'ব জুবিনৰ পাৰ্থিৱ শৰীৰ জনালে মন্ত্ৰী বিমল বৰাই।

অসমী আইৰ কোলালৈ আহিছে জুবিন গাৰ্গ, কেতিয়া সৰুসজাইলৈ নিব নশ্বৰদেহ জনালে মন্ত্ৰী বিমল বৰাই...

বিদায় জুবিন

Updated On: 

21 Sep 2025 07:06 AM

অসম আহি পালে সকলোৰে হিয়াৰ আঁমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ইতিমধ্য শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত ভিৰ কৰিছে অজস্ৰ গুণমুগ্ধই। আকাশ ভাল পোৱা শিল্পীজন আকাশমাৰ্গেৰে আহি অসম পালে। এয়া আছিল জুবিন গাৰ্গৰ শেষৰ বিমান যাত্ৰা। শেষ বিদায় দিবলৈ গোটেই নিশা উজাগৰে পাৰ কৰিছে অজস্ৰ অনুৰাগীয়ে।

ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ লৈ অহা হয় অসমলৈ। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে বিমান। ফুলৰ মাজত শুই অসমলৈ আহিছে জুবিন। ইতিমধ্যে অসমত প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা।

পোনে পোনে কাহিলীপাৰাৰ বাসগৃহত নিয়া হ’ব জুবিন গাৰ্গক। তাৰ পিছত সৰুসজাইলৈ নিয়া হ’ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে। পৰিয়ালে যিমান সময় বিচাৰে, সেই সময়ৰ বাবে জুবিনক ৰখা হ’ব পৰিয়ালৰ লগত তাৰ পিছতেই সৰুসজাইলৈ লৈ যোৱা হ’ব জুবিনৰ নশ্বৰদেহ। এই কথা জনায় মন্ত্ৰী বিমল বৰাই।

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক