অসমত ৫০০০০ কোটি টকাৰ বিনিয়োগৰ আদানীৰ প্ৰস্তাৱ কেতিয়া বাস্তৱত ৰূপায়ণ হ’ব ? জীত আদানীক সাক্ষাৎ হিমন্তৰ

ৰাজ্যখনত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছিল আদানী গ্ৰুপে । কিন্তু সেই প্ৰস্তাৱ কেনেদৰে, কেতিয়া বাস্তৱত ৰূপায়িত কৰিব ? এইলৈ সচেতন মহলত চৰ্চা অব্যাহত আছে । শেহতীয়াকৈ এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আদানী গ্ৰুপৰ সঞ্চালক জীত আদানীক সাক্ষাৎ কৰে ।

অসমত ৫০০০০ কোটি টকাৰ বিনিয়োগৰ আদানীৰ প্ৰস্তাৱ কেতিয়া বাস্তৱত ৰূপায়ণ হব ? জীত আদানীক সাক্ষাৎ হিমন্তৰ

জীত আদানীক সাক্ষাত হিমন্ত বিশ্ব শৰ্মাৰ

Updated On: 

13 Apr 2025 | 10:25 PM

এডভান্টেজ আছাম ২.০ ৰ সময়ত ৰাজ্যখনত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছিল আদানী গ্ৰুপে । কিন্তু সেই প্ৰস্তাৱ কেনেদৰে, কেতিয়া বাস্তৱত ৰূপায়িত কৰিব ? এইলৈ সচেতন মহলত চৰ্চা অব্যাহত আছে । শেহতীয়াকৈ এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আদানী গ্ৰুপৰ সঞ্চালক জীত আদানীক সাক্ষাৎ কৰে । ইফালে, আদানী গ্ৰুপৰ সঞ্চালক গৰাকীক সাক্ষাৎ কৰাৰ কথা সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে অৱগত কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আদানী গ্ৰুপৰ সঞ্চালক জীত আদানীক সাক্ষাৎ কৰি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ ৰ সময়ত ব্যৱসায়িত গ্ৰুপটোৱে প্ৰস্তাৱ দিয়া ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আদানী গ্ৰুপে দিয়া প্ৰস্তাৱসমূহ শীঘ্ৰে বাস্তৱত পৰিণত হ’ব বুলি ৰাজ্য চৰকাৰে আশা কৰিছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

সামাজিক মাধ্য়ম এক্স হেণ্ডেলত মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, “এডভান্টেজ আছাম ২.০ ৰ সময়ত আদানী গ্ৰুপে ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল। আজি মোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আমি আদানী গ্ৰুপৰ সঞ্চালক জীত আদানী আৰু তেওঁৰ দলৰ সৈতে এক গভীৰ বৈঠকত মিলিত হৈছিলো । এই বৈঠকৰ উদ্দেশ্য আছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ ।”

তেওঁ লগতে কয় যে, “আমি আশা কৰিছো যে আমি স্বাক্ষৰ কৰা বুজাবুজি চুক্তিসমূহ এৰো-চিটি, হোটেল, চিমেণ্ট প্লাণ্ট আৰু মূল আন্তঃগাঁথনি প্ৰকল্পৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য বিনিয়োগৰ সৈতে জড়িত আৰু অতি সোনকালে কাৰ্যকৰী হ’ব।” মনকৰিবলগীয়া যে, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাজ্যৰ বিভিন্ন খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব