পুনৰ অশান্ত কাৰ্বি ভূমি ! মানুহৰ ঘৰ, দোকান-পোহাৰত অগ্নি সংযোগ…

পুৱা ভাগত কোনো ধৰণৰ নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে দাবী কৰিছিল যদিও শেহতীয়াকৈ বহু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা খবৰ পোৱা গৈছে। বিশেষকৈ খেৰণিৰ অঞ্চলত একাংশ লোক ৰাজপথলৈ ওলাই অহাৰ খবৰ পোৱা গৈছে।

পুনৰ অশান্ত কাৰ্বি ভূমি ! মানুহৰ ঘৰ, দোকান-পোহাৰত অগ্নি সংযোগ...
Updated On: 

23 Dec 2025 18:37 PM

২৩ ডিচেম্বৰৰ বিয়লি অসমৰ পশ্চিম কাৰ্বি আংলং জিলাত পুনৰ উত্তেজনা বৃদ্ধিৰ খবৰ পোৱা গৈছে। পুৱা ভাগত কোনো ধৰণৰ নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষীয়ে দাবী কৰিছিল যদিও শেহতীয়াকৈ বহু পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা খবৰ পোৱা গৈছে। বিশেষকৈ খেৰণিৰ অঞ্চলত একাংশ লোক ৰাজপথলৈ ওলাই অহাৰ খবৰ পোৱা গৈছে।

খবৰ অনুসৰি, প্ৰতিবাদকাৰীয়ে জিৰ’ পইণ্টৰ সমীপত অনা কাৰ্বিৰ কেইবাখনো দোকান-পোহাৰত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোত অব্যাহত থকা অশান্তিৰ মাজতে বিহাৰী, নেপালী, বাঙালী আদিকে ধৰি অনা কাৰ্বিৰ মালিকানাধীন সম্পত্তিক লক্ষ্য কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱা অভিযোগ উত্থাপন হৈছে।

যিসকল অজনজাতীয় লোক তেওঁলোকে এই পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। বিষয়াসকলে জনোৱা মতে, মঙলবাৰে বিয়লি অশান্তিৰ সময়ত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰী সংঘৰ্ষত কেইজনো জোৱান-প্ৰতিবাদকাৰী আহত হোৱা খবৰ পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্য গুলী আৰক্ষীৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ বাবে দীৰ্ঘদিনৰ পৰা কাৰ্বিৰ লগতে সেই অঞ্চলৰ জনজাতীয় লোকসকলে দাবী উত্থাপন কৰি আহিছিল। কিন্তু উচ্ছেদ কৰোঁ বুলিলে কৰিব নোৱাৰি, কিয়নো এই ক্ষেত্ৰত ন্যায়ালয়ৰ বাধা আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কাৰ্বি জনগোষ্ঠীৰ এটা শ্ৰেণীৰ মাজত এটা ধাৰণা আছে যে, কাৰ্বি আংলঙৰ জনসংখ্যাত মাত্ৰ ৩৫ শতাংশ কাৰ্বি, বাকী ৬৫ শতাংশ অজনজাতীয় সম্প্ৰদায়ৰ, যাৰ ফলত উচ্ছেদৰ দাবী উত্থাপন হৈছে। এনে পৰিসংখ্যাৰ সত্যতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, শেহতীয়াৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইণ্টাৰনেট সেৱা বাতিল কৰা বুলি জানিব পৰা গৈছে। চৰকাৰে আশংকা প্ৰকাশ কৰিছে যে, ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ সহায়ত অধিক উচতনিমূলক বাৰ্তা, উৰাবাতৰি আদি বিয়পাব পাৰে যিয়ে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। সেয়েহে শান্তি বজাই ৰখাৰ স্বাৰ্থত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সকলো মোবাইল সেৱা প্ৰদানকাৰীৰ ইন্টাৰনেট/মোবাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে নিষিদ্ধ কৰা হৈছে।

অৱশ্যে স্পষ্ট কৰা হৈছে যে, এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব।

বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা