গুৱাহাটীত বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ সংবাদমেল, কি ক’লে?
বিৰোধী উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী আজি শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ এই ভ্ৰমণকালতে কেইবাগৰাকী সাংসদ-বিধায়কক লগত গুৱাহাটীত সংবাদমেল সম্বোধন কৰে।

গুৱাহাটীত বি সুদৰ্শন ৰেড্ডী
৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী আজি শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ এই ভ্ৰমণকালতে কেইবাগৰাকী সাংসদ-বিধায়কক লগত গুৱাহাটীত সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে,”মা কামাখ্যা আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ ভূমিলৈ মোৰ প্ৰণাম।” একে সময়তে তৰুণ গগৈৰ সময়ত গুৱাহাটী মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত সময়খিনিও স্মৰণ কৰে বি সুদৰ্শন ৰেড্ডীয়ে।
তেওঁ কয়, “শিক্ষক দিৱসৰ দিনটোত মই মোৰ কৰ্মভূমিত আপোনালোকৰ ওচৰত উপস্থিত থাকি সন্মানিত আৰু গৌৰৱ অনুভৱ কৰিছো।” একে সময়তে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগত বিৰোধী মৰ্চাৰ লগতে আম আদমী পাৰ্টি আৰু একাংশ সৰু বৰ দল আৰু নিৰ্দলীয় সংসদেও সমৰ্থন আগবঢ়োৱাৰ কথা সদৰী কৰে ৰেড্ডীয়ে।
“উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনো দলে হুইপ জাৰি কৰিব নোৱাৰে। গতিকে মই ভিন্ন দল আৰু ব্যক্তি বিশেষৰ পৰা যি সমৰ্থন লাভ কৰিছোঁ, ই মোক আশাবাদী কৰি তুলিছে। গতিকে এই মুহূৰ্তত মই NDA আৰু INDIA ৰ সংখ্যা গণনালৈ যাব খোজা নাই।” এইদৰে কয় বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে।
জাতি, ধৰ্ম, বৰ্ণ, লিংগ ভিত্তিত কোনো লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগে বুলি দাবী কৰে ৰেড্ডীয়ে। উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ, সাংসদ প্ৰদ্যুত বৰদলৈ,ৰকিবুল হুছেইন, অজিত কুমাৰ ভূঞা, মণিপুৰৰ সাংসদ আলফ্ৰেড আৰ্থাৰ,নাগালেণ্ডৰ সাংসদ সোপেণগেৰেম জমিৰ, তেলেংগানাৰ সাংসদ ডঃ মাল্লু ৰবি, অনিল কুমাৰ যাদৱ(ৰাজ্যসভা) আৰু অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে।
সংবাদ সংস্থা এএনআইৰ আগত বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে কয়,”মই ১০০% নিশ্চিত যে এই নিৰ্বাচনত জয়ী হ’ম। মই য’তেই যাওঁ তাতেই প্ৰচণ্ড সঁহাৰি পাই আহিছো। আনজন প্ৰাৰ্থীৰ বিষয়ে মন্তব্য কৰাটো মোৰ বাবে অতি অনুচিত হ’ব, তেওঁ এজন অতি সন্মানীয় ব্যক্তি।”
উল্লেখ্য যে, অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীয়ে বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে শাসকীয় এনডিএ মিত্ৰজোঁটে চি পি ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।