২৫ হেক্টৰ বনভূমি বেদখল! USTMক ১৫০ কোটি জৰিমনাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ সমিতিৰ

USTM Flood Jihad row: USTM লৈ এক নতুন বিপদ, প্ৰায় ১৫০ কোটিৰ জৰিমনা বিহাৰ পৰামৰ্শ উচ্চতম ন্য়ায়ালয়ৰ কমিটীৰ। প্ৰায় ২৫ হেক্টৰ বন ভূমি বেদখলৰ অভিযোগ USTM ৰ বিৰুদ্ধে।

২৫ হেক্টৰ বনভূমি বেদখল! USTMক ১৫০ কোটি জৰিমনাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ সমিতিৰ

ইউনিভাৰ্চিটী অৱ ছায়েন্স এণ্ড টেকন'লজী মেঘালয়

Published: 

19 Sep 2025 | 01:29 PM

ইউনিভাৰ্চিটী অৱ ছায়েন্স এণ্ড টেকন’লজী চমুকৈ USTM সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষা প্ৰতিষ্ঠানখনে গুৱাহাটীত ‘ফ্লাড জিহাদ’ সৃষ্টি কৰা বুলি দাবী কৰিছিল। তাৰোপৰি উত্থাপন হৈছিল প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাৰ অভিযোগ। এই সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এখন তদন্ত সমিতিও গঠন কৰি দিছিল। এতিয়া সেই কমিটীৰ প্ৰতিবেদন প্ৰকাশ পাইছে।

উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদনত কোৱা হৈছে যে কেন্দ্ৰৰ অনুমতি অবিহনেই বনাঞ্চলৰ ভূমিত এই শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কৰা বুলি দাবী কৰা হৈছে। চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটী (CEC) এ সৰ্বোচ্চ ন্যায়ালয়ক বনাঞ্চল আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ আগবঢ়ায় কয় যে মেঘালয়ৰ ৰি-ভ’ই জিলাত প্ৰায় ২৫ হেক্টৰ বনভূমি আগুৰি আছে USTM এ, ইয়াৰে প্ৰায় ১৩.৬২ হেক্টৰ ভূমিত ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে।

কমিটীয়ে ১৫০.৩৫ কোটি টকাৰ জৰিমনা বিহাৰ পৰামৰ্শ দি বেদখল কৰা ভূমি এবছৰৰ ভিতৰত প্ৰাকৃতিক বনাঞ্চলৰ অৱস্থালৈ ঘূৰাই অনাৰ নিৰ্দেশ দিছে।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে পি. এ. ছাংমা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰস্তাৱিত পি. এ. চাংমা মেম’ৰিয়েল মেডিকেল কলেজেও ৭.৬৪ হেক্টৰ বনাঞ্চলৰ ক্ষতিসাধন কৰিছে। “মাটি ভঙাৰ কাম বিধ্বংসীভাৱে কৰা হৈছে, আৰু চৌপাশৰ পৰিৱেশ যথেষ্ট বিঘ্নিত হৈছে,” চিইচিয়ে পৰ্যবেক্ষণ কৰে, স্থানসমূহত “ব্যাপক আৰু নিৰ্বিচাৰ ধ্বংস” সাধন কৰা বিষয়ো ই লক্ষ্য কৰে।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে ২০১৭ চনত USTM ৰ মাটি বনাঞ্চল বুলি নিশ্চিত কৰাৰ পিছতো বন সংৰক্ষণ আইন, ১৯৮০ৰ অধীনত কেতিয়াও কোনো ক্লিয়াৰেন্স লাভ কৰা হোৱা নাছিল বুলি পেনেলে কয়। একেদৰে ৰাজ্যৰ বন বিভাগে ২০২১ চনত মেডিকেল কলেজৰ ভূমিত মেঘালয় বন নিয়ম, ১৯৭৩ উলংঘাৰ অভিযোগ কৰিছিল।

USTM ৰ বাহিৰেও CEC এ সমগ্ৰ ৰি-ভ’ই জিলাত অবৈধ শিলৰ খনন, খনন, আৰু শিল ভঙা কৰা কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰি পৰৱৰ্তী পৰ্যালোচনা নোহোৱালৈকে ইয়াক বন্ধ কৰাৰ আহ্বান জনায়।

মেঘালয়ৰ অবাধ পৰিবেশগত ক্ষতি আৰু অসমৰ বিশেষকৈ গুৱাহাটীত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা এক গোচৰৰ সন্দৰ্ভত এই প্ৰতিবেদন দাখিল কৰা হৈছে। এই তথ্যই USTM ক নতুন তদন্তৰ অধীনলৈ আনে। USTM ৰ বিৰুদ্ধে ২০২৩ চনত হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা “ফ্লাড জিহাদ”ৰ অভিযোগক শিক্ষা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই অস্বীকাৰ কৰিছিল। আনকি ৰাজ্যখনে বনাঞ্চল ধ্বংস আৰু পাহাৰ কটাৰ সৈতে জড়িত সঘন বান সমস্যাৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব