পানী নিষ্কাষণ কৰাটো হৈ পৰিছে প্ৰত্যাহ্বান: উমৰাংছুৰ উদ্ধাৰ অভিযানক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…

ক্ৰমাৎ অনিশ্চয়তাত খনিৰ ভিতৰত আবদ্ধ ৫ শ্ৰমিক। কয়লাখনিত থকা পানী এতিয়া হৈ পৰিছে অভিযানৰ প্ৰধান প্ৰত্যাহ্বান। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পানী নিষ্কাষণ কৰাটো হৈ পৰিছে প্ৰত্যাহ্বান: উমৰাংছুৰ উদ্ধাৰ অভিযানক লৈ কলে মুখ্যমন্ত্ৰীয়ে...

উমৰাংছুৰ উদ্ধাৰ অভিযানক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

Published: 

15 Jan 2025 | 08:57 PM

বৰ্তমানো উমৰাংছুত চলি আছে উদ্ধাৰ অভিযান। ঘটনাৰ ১০ দিন পাৰ হৈ গ’ল। ক্ৰমাৎ অনিশ্চয়তাত খনিৰ ভিতৰত আবদ্ধ ৫ শ্ৰমিক। কয়লাখনিত থকা পানীয়ে এতিয়া হৈ পৰিছে অভিযানৰ প্ৰধান প্ৰত্যাহ্বান। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উদ্ধাৰ অভিযান সন্দৰ্ভত সবিশেষ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “১৮টা মেচিনেৰে পানী নিষ্কাষণৰ কৰিবলৈ যত্ন কৰা হৈছে। প্ৰত্যেক দিনাই মাত্ৰ ১ ফুটকৈহে পানী কমিছে। তলত হয়তো পানীৰ সূঁতি আছে। যাৰ বাবে আগৰ পানীৰ ঠাইত আকৌ নতুন পানী আহি আছে। আগতে পানী কলা আছিল, কিন্তু এতিয়া পৰিষ্কাৰ হৈ গৈ আছে। পানী নিষ্কাষণ কৰাটো প্ৰত্যাহ্বান হৈ পৰিছে। তাত এতিয়া প্ৰায় ৬০-৭০ ফুট পানী আছে।”
এই সন্দৰ্ভত এদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল,   ”উমৰাংছ’ৰ খননস্থলীৰ সৈতে কপিলী নৈৰ সংযোগৰ সন্দেহ কৰা হৈছে। ‘৩৬ৰ পৰা ৪৮ ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে কমে। যাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি হৈছে’। আজিৰ পৰা জিঅ’লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াই ষ্টাডী কৰিছে। ৩-৪ দিনৰ পাছত ভিউ এটা ল’ব লাগিব।”
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছত পুনৰ অনিশ্চয়তাত খনিৰ ভিতৰত আবদ্ধ ৫ শ্ৰমিক। অভিশপ্ত খনিটোত উদ্ধাৰ অভিযান চলিয়েই আছে। কিন্তু কিমান দিনলৈ চলিব অভিযান? চলি থকা অভিযানে ৫ টাকৈ দুৰ্ভগীয়া পৰিয়ালক জীৱন বা মৃত্যুৰ সন্ধান দিব পাৰিবনে? এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন।
উল্লেখ্য যে, বিগত সপ্তাহৰ সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত আৱদ্ধ হৈ পৰিছিল কেইবাজনো শ্ৰমিক। পুৱা কাম কৰি সময়তে পানীৰে ভৰি পৰিছিল কয়লাখনিটো। যাৰ ফলত ভিতৰত থকা  শ্ৰমিকসকল খনিৰ ভিতৰতেই আৱদ্ধ হৈ পৰিছিল। আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আছিল পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, গোসাঁইগাঁৱৰ চাৰ্পা বর্মন, কোকৰাঝাৰৰ খুছিমোহন ৰায়, দৰঙৰ জাকিৰ হুছেইন, হুছেইন আলী, মোস্তাফা শ্বেখ, ডিমা হাচাওৰ উমৰাংছ’ৰ লিজান গয়াৰী আৰু শোণিতপুৰৰ শৰৎ গয়াৰী। কয়লাখনিৰ পৰা উদ্ধাৰ কৰা হৈছিল মুঠ চাৰিজন শ্ৰমিকৰ মৃতদেহ ।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...