উমৰাংছুৰ কয়লাখনিত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, ১৫০ ফুট পানীৰ মাজত খাদৰ ভিতৰত এতিয়াও আৱদ্ধ বহু…

আজি পুৱা উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ হয় এজন শ্ৰমিকৰ মৃতদেহ। এতিয়াও কয়লাখনিটোৰ ভিতৰত আৱদ্ধ হৈ আছে প্ৰায় ৮ জন শ্ৰমিক। এই আটাইকেইজনক উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰি গৈছে উদ্ধাৰকাৰী দল।

উমৰাংছুৰ কয়লাখনিত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, ১৫০ ফুট পানীৰ মাজত খাদৰ ভিতৰত এতিয়াও আৱদ্ধ বহু...

উমৰাংছু

Published: 

08 Jan 2025 | 11:01 AM

উমৰাংছুত এতিয়া মৃত্যুৰ কিৰীলি! বুধবাৰে পুৱা উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ হয় এজন শ্ৰমিকৰ নিথৰ দেহ। নৌসেনাৰ ২১ পেৰাডাইভাৰে খাদৰ পৰা উদ্ধাৰ কৰা মৃতদেহটো নেপালৰ গংগা বাবাদুৰ শ্ৰেষ্ঠৰ বুলি চিনাক্ত হৈছে। অভিযানৰ প্ৰথম ২০ মিনিটতে নৌসেনাৰ ২১ পেৰাডাইভাৰে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সামাজিক মাধ্যমযোগে এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  এতিয়া কয়লাখনিত চলি আছে তীব্ৰ উদ্ধাৰ অভিযান। সেনা আৰু এন ডি আৰ আফৰ ডাইভাৰে খাদৰ অধিক তললৈ যোৱাৰ চেষ্টা চলাই আছে। ইয়াৰ লগতে পানী পাম্পৰ জৰিয়তে কয়লা খনিৰ পৰা পানী বাহিৰলৈ উলিওৱা হৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, বৰ্তমান খনিটোত ৮ জন শ্ৰমিক আৱদ্ধ হৈ আছে। উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে সন্ধিয়াৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত কয়লাখনিত আৱদ্ধ হৈ পৰাসকলৰ উদ্ধাৰ অভিযান স্থগিত কৰিবলগীয়া হৈছিল। বৰষুণ কম হোৱাৰ পাছতেই পুনৰ চলে অভিযান।  এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ভাৰতীয়া সেনা, অসম ৰাইফলছ, এন ডি আৰ এফ, এছ ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰোপৰি কালি সন্ধিয়া ভাৰতীয়ে নৌ সেনাৰ ১২ জনীয়া দল এটাই বিশাখাপট্টনমৰ পৰা আহি উমৰাংছুত  উপস্থিত হয়। এই দলটোৱে উদ্ধাৰ কৰে এজন শ্ৰমিকৰ মৃতদেহ।

 

উল্লেখ্য যে, সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত প্ৰায় ২০ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰিছিল।  প্ৰথম অৱস্থাতে কেইজনমান শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল যদিও এতিয়াও প্ৰায় ৮ জন শ্ৰমিক খাদৰ ভিতৰতে আৱদ্ধ হৈ আছে। এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি গৈছে সেনা, এন ডি আৰ এফ, নৌ সেনাৰ দলে।

কুৱেৰীটোত আৱদ্ধ হৈ পৰা শ্ৰমিকসকল আছিল- নেপালৰ গংগা বাহাদুৰ শ্ৰেঠ, দৰঙৰ হুচেইন আলি,জাকিৰ হুচেইন, মুস্তাফা আলি, কোকৰাঝাৰৰ ছাৰ্পা বৰ্মন, খুচি মোহন ৰায়, পশ্চিমবংগৰ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ, ডিমা হাচাওৰ লিদান মাগাৰ, শোণিতপিৰৰ পানবাৰীৰ শৰত গয়াৰী। উমৰাংছৰ অসম কুৱেৰীৰ ১৯ নম্বৰ ব্লকত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত আটাইকেইজন শ্ৰমিক কয়লাখনিৰ ভিতৰত প্ৰৱেশ কৰিছিল। কিন্তু হঠাতে কয়লাখনিটো পানীৰে ভৰি পৰে আৰু ভিতৰত আৱদ্ধ হৈ পৰে শ্ৰমিকসকল। বৰ্তমান খনিটোৰ প্ৰায় ১৫০ ফুট ওপৰলৈ পানী উঠিছে। কালিৰ দিনটোত খবৰ পোহৰলৈ আহিছিল যে ড্ৰানোৰে দেখা গৈছে তিনিটা মৃতদেহ। অৱশ্যে বৰ্তমান পৰ্যন্ত এজনলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল।

উমৰাংছুত সংঘটিত হোৱা এই ঘটনাৰ প্ৰতি সক্ৰিয় হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰা অনুসৰি সেই কয়লাখনিটো আছিল অবৈধ।  এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা ৩(৫)/১০৫ বি এন এছ, আৰ/ডব্লিউ ধাৰা ২১(১)ৰ উদ্ধৃতিৰে উমৰাংছ’ আৰক্ষী থানাত গোচৰ নম্বৰ ০২/২০২৫ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ইয়াৰ লগতে গোচৰটোৰ সন্দৰ্ভত পুনিশ নুনিছাক আটক কৰা হৈছে। সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতেই এতিয়া শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত শোকে বিৰাজ কৰিছে। পিতৃ- স্বামী তথা আপোনাজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়াল তথা আত্মীয়।

 

অন্য খবৰ পঢ়কঃ উমৰাংছুৰ কয়লা খনিৰ ভিতৰত ৩ শ্ৰমিকৰ মৃত্যুৰ সন্দেহ, এতিয়াও আৱদ্ধ বহুতো…

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে