আলফা(স্বা)ৰ দাবীঃ গুৱাহাটী, নলবাৰী, শিৱসাগৰকে ধৰি প্ৰায় অসমৰ ২৫ স্থানত বোমা সংস্থাপন

ULFA-I: ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনাই আলফা (স্বা)য়ে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি জাৰি কৰে। প্ৰেছ বিবৃতিত উল্লেখ কৰে যে, তেওঁলোকে ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰিছে।

আলফা(স্বা)ৰ দাবীঃ গুৱাহাটী, নলবাৰী, শিৱসাগৰকে ধৰি প্ৰায় অসমৰ ২৫ স্থানত বোমা সংস্থাপন

আলফা (স্বা)

Published: 

15 Aug 2024 | 01:10 PM

১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনাই আলফা (স্বা)য়ে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি জাৰি কৰে। বিবৃতিত উল্লেখ কৰে যে আজি স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোৱে ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এয়া ফলপ্ৰসূ নহ’ল। যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই বোমা নিষ্ক্ৰিয় কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

প্ৰেছ বিবৃতিখনত লিখে যে- “সংগঠনৰ ফালৰ পৰা আজি ১৫ আগষ্ট,২০২৪ তাৰিখৰ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে যি সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়নৰ ধাৰ্য কৰা হৈছিল, কাৰিকৰী বিজুতিৰ বাবে সেই কাৰ্যসূচী নিৰ্ধাৰিত সময়ত ফলপ্ৰসূ নোহোৱাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাথি প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰা হৈছে। তলত উল্লেখিত স্থান সমূহত বোমা সংস্থাপন কৰা হৈছিল। উক্ত স্থানৰ পৰা বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰোৱাবলৈ থলগিৰি জনগণৰ পৰা সহযোগিতা কামনা কৰিলো-

১)শিৱসাগৰৰ ডি টি অ’ অফিচত পৰি থকা পুৰণা গাড়ী এখনত৷

২/ শিৱসাগৰ বি জি ৰ’ড ONGC ৫ নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণ এম্বুলেন্সখনত৷

৩/ লাকুৱা তিনি আলিত, থানাৰ সমীপত৷

৪/ অসম ৰাজ্যিক পৰিবহন নিগম ডিব্ৰুগড়, পুৰণা বাছ এখনত৷

৫/ অসম ৰাজ্যিক পৰিবহন নিগম লখিমপুৰ, পুৰণা বাছ এখনত৷

৬/ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field) থকা NHPCৰ পুৰণা গাড়ীখনত৷

৭/ লালুক দৈনিক বজাৰ, IB সমীপত

৮/ বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত৷

৯/ নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিতেল পোৱা আগত পোৱা ইটা ভাটাত সমীপত মাটিত পুতি থোৱা আছে৷

১০/ দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনি পুতি থোৱা আছে৷

১১/ গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটোত৷

১২/ নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে৷

১৩/ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, পানবজাৰ, গুৱাহাটী৷

১৪/ যোৰাবাট উৰণীয়া সেতুৰ সমীপত

১৫/ ভেটাপাৰা

১৬/ মালিগাঁও

১৭/ ৰাজগড়

১৮/ নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত৷

১৯/ ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালি ঠাইখিনিত, গোৰেশ্বৰ চ’ক, তামুলপুৰ৷

লগতে কয় যে,পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট- সৰুপথাৰৰ দুটা স্থানৰ সঠিক স্থান নিৰূপন কৰিব পৰা নগ’ল।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?