খাদ্যৰ নামত বৰবিহ! মহানগৰীৰ খীষ্ট্ৰানবস্তিৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল কৰিলে প্ৰশাসনে

খাদ্যৰ নামত মহানগৰীৰ ৰেষ্টুৰেণ্টত দিয়া হয় বৰবিহ! অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত একাংশ হোটেল-ৰেষ্টুৰেণ্টৰ। মহানগৰীৰ কেইবাখনো ৰেস্তোৰাঁত নিশা GMC-এ অভিযান চলায়। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুতৰ অভিযোগত মহানগৰীৰ একাংশ হোটেল-ৰেষ্টুৰেণ্ট অভিযান চলালে GMCএ।

খাদ্যৰ নামত বৰবিহ! মহানগৰীৰ খীষ্ট্ৰানবস্তিৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল কৰিলে প্ৰশাসনে

মহানগৰীৰ খীষ্ট্ৰানবস্তিৰ দুখনকৈ ৰেষ্টুৰেণ্ট ছীল কৰিলে অভিযানকাৰীৰ দলে

Published: 

31 Oct 2024 11:42 AM

আপোনাজনৰ সৈতে মহানগৰীৰ ৰেষ্টুৰেণ্টত আপুনিও খাই নেকি খাদ্য? তেন্তে আপুনি সাৱধান হওক। গুৱাহাটীৰ ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ পূৰ্বে হাজাৰবাৰ চিন্তা কৰক। আপুনি জানেনে কি পৰিৱেশত প্ৰস্তুত কৰা হয় আপুনি খোৱা সেই সুস্বাদু খাদ্য? বাহিৰৰ পৰা সুন্দৰ, সুস্বাদু দেখা খাদ্যই আপোনাৰ বাবে আনিব পাৰে বিপদ। চিকেনৰ পৰা পনীৰলৈ মহানগৰীৰ বিভিন্ন ৰেষ্টুৰেণ্টত সুস্বাদু খাদ্য পোহাৰ। সুস্বাদু খাদ্যৰ দেখিলে জিভাৰ পানী পৰে সকলোৰে। কিন্তু কি পৰিৱেশত নিৰ্মাণ হয় গুৱাহাটী ৰেষ্টুৰেণ্টৰ খাদ্য?

খাদ্যৰ নামত মহানগৰীৰ ৰেষ্টুৰেণ্টত দিয়া হয় বৰবিহ! অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত একাংশ হোটেল-ৰেষ্টুৰেণ্টৰ। মহানগৰীৰ কেইবাখনো ৰেস্তোৰাঁত নিশা GMC-এ অভিযান চলায়। একাংশ-হোটেল ৰেস্তোৰাঁত অস্বাস্থ্য়কৰ পৰিৱেশ। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুতৰ অভিযোগত মহানগৰীৰ একাংশ হোটেল-ৰেষ্টুৰেণ্ট অভিযান চলালে GMCএ। অভিযানকাৰী দলটোৱে প্ৰত্যক্ষ কৰে উৱলি যোৱা খাদ্য। ৰেষ্টুৰেণ্টৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰা স্থান দেখি চকু কপালত উঠিল অভিযানকাৰীৰ দলৰ।

অভিযানকাৰী দলটোৱে প্ৰত্যক্ষ কৰে খোৱাৰ অনুপযোগী খাদ্য। অভিযানত ছীল কৰা হয় দুখনকৈ ৰেষ্টুৰেণ্ট। খীষ্ট্ৰানবস্তিৰ কেৰী বেৰী আৰু তনডুজিং নামৰ ৰেষ্টুৰেণ্ট দুখন ছীল কৰিলে GMCএ।
ৰেষ্টুৰেণ্ট দুখনৰ পাকঘৰৰ সৈতে সংলগ্ন নলা। পাকঘৰৰ ভিতৰত অতি কদৰ্যময় পৰিৱেশ।

প্ৰশাসনে ছীল কৰা এই ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ প্ৰস্তুত কৰি ৰখা পাত্ৰৰ ওপৰত নাছিল কোনো ঢাকনিৰ ব্যৱস্থা। একেবাৰে কদৰ্য-লেতেৰা পৰিৱেশত প্ৰস্তুত কৰা হৈছে খাদ্য। উল্লেখ্য যে গুৱাহাটীৰ এইসমূহ ৰেষ্টুৰেণ্টত বহু নিশালৈ বহু লোকে কৰ্মক্ষেত্ৰৰ পৰা আহি খাদ্য গ্ৰহণ কৰে। বহুলোকে আপোনজনৰ সৈতে সুস্বাদু খাদ্য ক্ৰয় কৰে ৰেষ্টৰেণ্টু সমূহৰ পৰা। বহু লোকে অনলাইনযোগেও ক্ৰয় কৰে খাদ্য। কিন্তু গ্ৰাহকৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি কেৱল লাভৰ স্বাৰ্থত স্বাস্থ্য অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰে খাদ্য।

কিছুদিন পূৰ্বে পল্টনবজাৰৰো কেইবাখনো ৰেষ্টুৰেণ্টত প্ৰশাসনে চলাইছিল অভিযান। অভিযানত পল্টনবজাৰৰ ৰেষ্টুৰেণ্ট ছীল কৰিছিল প্ৰশাসনে। পল্টনবজাৰৰ দিলখুছ পাঞ্জাৱী ধাবাত ডীপ ফ্রীজত থকা মাংসত পোক লাগি কিলবিলাই প্রত্যক্ষ কৰিছিল GMCৰ অভিযানকাৰী দলে। পল্টনবজাৰৰ একাংশ হোটেলত বিক্ৰী হয় এসপ্তাহ পুৰণি মাংস।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?