ওদালগুৰিত স্কুললৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল দুই ভাতৃ, ডিঙি কটা অৱস্থাত উদ্ধাৰ মৃতদেহ!

টংলাৰ যোপুখুৰীৰ পৰা নিৰুদিষ্ট হৈছিল ২ কিশোৰৰ। শুকুৰবাৰে স্কুললৈ যোৱাৰ পথৰ পৰা নিখোজ হৈছিল মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ । আজি টংলাৰ সস্তপাৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। দুয়োকো কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োটা মৃতদেহ।

ওদালগুৰিত স্কুললৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল দুই ভাতৃ, ডিঙি কটা অৱস্থাত উদ্ধাৰ মৃতদেহ!

ডিঙি কটা অৱস্থাত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ!

Updated On: 

21 Dec 2024 | 12:30 PM

ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ডিঙি কটা অৱস্থাত উদ্ধাৰ দুই ছাত্ৰৰ মৃতদেহ। স্কুলৰ ইউনিফৰ্ম পিন্ধি থকা অৱস্থাতে উদ্ধাৰ মৃতদেহ দুটা। শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈছিল দুয়ো । টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল দুই ভাতৃ। নিহত ছাত্ৰ দুজনৰ নাম গৌৰৱ শৰ্মা, কৌশিক শর্মা।

টংলাৰ যোপুখুৰীৰ পৰা নিৰুদিষ্ট হৈছিল ২ কিশোৰৰ। শুকুৰবাৰে স্কুললৈ যোৱাৰ পথৰ পৰা নিখোজ হৈছিল মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ । আজি টংলাৰ সস্তপাৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়। দুয়োকো কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োটা মৃতদেহ।

শুকুৰবাৰে স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা । মৃত ২ কিশোৰৰ বয়স ১২ আৰু ১৪ বছৰ। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যায়লৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। আজি ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুয়োজন কিশোৰৰে মৃতদেহ।কিশোৰ দুজনৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত গাড়ী চালক । শুকুৰবাৰৰ দুয়ো ছাত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পাছত দুয়োকে বিচাৰি চলাথ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নাছিল পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিন্তু কিশোৰ দুজনক কোনে হত্যা কৰি পেলাই থৈ গ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কোনো দুৰ্বৃত্তই ছাত্ৰ দুজনক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য।  শুকুৰবাৰে বিদ্যালয়লৈ গৈ নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ আজি উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে টংলা অঞ্চলত ।

ইফালে দুলীয়াজানতো সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। দুলীয়াজানৰ কমলাবাৰী পথৰ দাঁতিত নলাৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো মধুটিং অঞ্চলৰ ৰিপ গগৈৰ। মৃতদেহৰ কাষত এখন মটৰচাইকেল, দুটা হেলমেট আৰু দুযোৰ চেণ্ডেল উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।

লগতে পঢ়ক: মৃত কংগ্ৰেছকৰ্মীৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পত্র, নিযুক্তি নিদিলে ৰাজ্যজুৰি কৰিব পদযাত্ৰা!

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...